সীমান্তৰ ৰক্তস্নান
অসমৰ সৈতে সীমান্ত অঞ্চলজুৰি থকা পূর্বোত্তৰৰ ৰাজ্যসমূহৰ মতানৈক্য পূর্বৰে পৰা চলি আছে৷ বৃহৎ অসমৰ বুকুৰ পৰাই জন্ম লাভ কৰা এই ৰাজ্যসমূহৰ সীমা সম্পর্কীয় সমস্যা নতুন নহয়৷ কিন্তু এই সীমা সমস্যাৰ গইনা লৈ কাছাৰ জিলাৰ লাইলাপুৰত মিজো দুর্বৃত্ত আৰু আৰক্ষীয়ে অসম আৰক্ষীৰ ওপৰত যি নির্বিচাৰ পাশৱিক আক্রমণ সংঘটিত কৰিলে, তাক লৈ সমগ্র দেশতে চলিছে প্রতিক্রিয়া৷ হিংসাৰ এনে ৰক্তস্নান মিজো দুর্বৃত্ত আৰু ৰাজ্যখনৰ আৰক্ষীয়ে সংঘটিত কৰিব বুলি কোনেও কেতিয়াও কল্পনা কৰা নাছিল৷ লক্ষণীয়ভাৱে অসমে সদায় প্রতিৱেশী ৰাজ্যসমূহৰ লগত শান্তিপূর্ণভাৱে সীমা সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা চলাই আহিছে৷ কিন্তু অসমৰ এইক্ষেত্রত থকা ইতিবাচক দৃষ্টিভংগীক অৱজ্ঞা কৰি প্রতিৱেশী ৰাজ্যসমূহে কেৱল অসম ভূখণ্ড দখল কৰি এক দীর্ঘস্থায়ী অস্থিৰতাৰ সৃষ্টি কৰিছে৷ মিজোৰামৰ আৰক্ষী আৰু দুর্বৃত্তই লাইলাপুৰত সংঘটিত কৰা ঘটনাই সেই কথাকেই পুনৰ প্রতিপন্ন কৰিছে৷ ১৯৮৫ চনত গোলাঘাট জিলাৰ মেৰাপানীত নগা দুর্বৃত্ত আৰু ৰাজ্যখনৰ আৰক্ষীয়ে অনুৰূপ ঘটনা সংঘটিত কৰিছিল৷ অসম আৰক্ষীৰ ওপৰত হিংস্র আক্রমণ চলাই এক কলংকিত অধ্যায়ৰ সূচনা কৰিছিল নগা দুর্বৃত্ত আৰু আৰক্ষীয়ে৷ শেহতীয়াকৈ লাইলাপুৰৰ ঘটনাত মিজোৰামৰ আৰক্ষী আৰু দুর্বৃত্তৰ একেই পাশৱিকতাৰ উমান পোৱা গ’ল৷ আন্তঃৰাজ্যিক সীমা বিবাদ কোনো নতুন কথা নহয়৷ বিশ্বৰ এনে এখন দেশ নাই, যাৰ সীমান্ত অঞ্চলৰ সমস্যা নাই৷ কিন্তু এই সীমান্ত অঞ্চলৰ সমস্যা শান্তিপূর্ণ আলোচনাৰে সমাধান কৰাৰ বহু নজিৰ আছে৷ বিতর্ক–বিবাদ থাকিব পাৰে, কিন্তু আলোচনাৰ মেজত বহি তাক শান্তিৰে সমাধান কৰাৰ পথ বিচৰাটো গণতান্ত্রিক ব্যৱস্থাৰ নিয়ম৷ অসমৰ সীমান্ত অঞ্চলৰ সমস্যা সমাধান কৰাৰ ক্ষেত্রত প্রতিৱেশী ৰাজ্যসমূহে সেই নিয়ম কেতিয়াও গুৰুত্ব সহকাৰে মানি চলা নাই বা তাক কোনোদিনেই গুৰুত্ব প্রদান কৰা নাই৷ তাৰ উদাহৰণ হৈছে মেৰাপানী আৰু লাইলাপুৰ৷ অকল এই দুটা অঞ্চলত পাশৱিক আক্রমণ সংঘটিত কৰা বাবেই ইয়াক অসমৰ মূল সীমা সমস্যা বুলি গণ্য কৰিলে নহ’ব৷ আজি অসমৰ ভূখণ্ড চেপি–খুন্দি নিঃশেষ কৰাৰ প্রক্রিয়া এটা চলাই আছে প্রতিৱেশী ৰাজ্যসমূহে৷ মেঘালয়ৰ ৰাজনৈতিক মানচিত্রত অন্তর্ভুক্ত হৈছে গুৱাহাটী মহানগৰীৰ বিস্তীর্ণ অঞ্চল৷ দক্ষিণ কামৰূপৰ সীমান্ত অঞ্চলৰ বিশাল ভূখণ্ড এতিয়া মেঘালয়ৰ অভ্যন্তৰত৷ এইক্ষেত্রত বিভিন্ন মহলে যুক্তি দর্শাব পাৰে যে মেঘালয়ৰ দীর্ঘদিনৰ পৰা সীমান্তৰ অৰণ্য অঞ্চলত নিয়ন্ত্রণ আছে৷ কিন্তু অসমৰ ভৌগোলিক মানচিত্র লক্ষ্য কৰিলে স্পষ্ট হ’ব যে সীমান্ত অঞ্চল এতিয়া প্রতিৱেশী ৰাজ্যসমূহে নিজৰ কব্জালৈ নিয়াৰ ষড়যন্ত্র ৰচিছে৷
লাইলাপুৰৰ ঘটনাৰ পাছতে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যখনৰ এক ইঞ্চি ভূমিও কোনো কাৰণতে এৰি দিয়া নহ’ব বুলি ঘোষণা কৰিছে৷ প্রয়োজন আছে এই হুংকাৰৰ৷ এইক্ষেত্রত যাৱতীয় ব্যৱস্থাও গ্রহণ কৰিব লাগিব৷ সদায় সহনশীল মনোভাবেৰে প্রতিৱেশী ৰাজ্যসমূহৰ আগ্রাসনৰ মোকাবিলা কৰিলে নহ’ব৷ মেঘালয়–ৰুণাচল–ন্ আদি ৰাজ্যই নিজ ইচ্ছা অনুসৰি অসমৰ ভূখণ্ড দখল কৰিব বিচাৰিলে তাক যোগ্য প্রত্যুত্তৰ দিয়াৰ প্রয়োজন আছে৷ নহ’লে লাইলাপুৰৰ দৰে ঘটনা বাৰে বাৰে সংঘটিত হ’ব৷ সীমান্ত অঞ্চল দখল কৰিলেও, অসমৰ গঞাৰ ওপৰত পাশৱিক আক্রমণ চলিলেও ৰাজ্য চৰকাৰে বিশেষ একো নকৰে বুলি পূর্বৰ যি ধাৰণা প্রতিৱেশী ৰাজ্যসমূহৰ আছিল, সেই ধাৰণা সলনি কৰিব লাগিব বর্তমানৰ চৰকাৰখনে৷ আৰক্ষীৰ ওপৰত চলোৱা পাশৱিক আক্রমণৰ যোগ্য প্রত্যুত্তৰ দিয়াৰ পাছতেই প্রতিৱেশী ৰাজ্যসমূহে ভাবিবলৈ বাধ্য হ’ব যে অন্য ৰাজ্যৰ ভূখণ্ড দখল কৰাটো সহজ কাম নহয়৷ এয়া যে এক অন্যায় আৰু অপৰাধ তাক উপলব্ধি কৰিবলৈ হ’লে অসমৰ সীমা সমস্যাসমূহৰ সমাধানৰ ক্ষেত্রত কঠোৰ পদক্ষেপ গ্রহণ কৰাৰ গত্যন্তৰ নাই৷ মাত্র কেইদিনমানৰ ধৈর্য আৰু শান্তিপূর্ণ অৱস্থানে দীর্ঘস্থায়ী সমস্যা এটাৰ সমাধান আনি দিব নোৱাৰে যে তাৰ উদাহৰণ হৈছে মেৰাপানী আৰু লাইলাপুৰ৷