নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমান্তৰ বাসিন্দাক ভূমিপট্টা দিলে সমাধান হ’ব সমস্যা

নিয়মীয়া বাৰ্তা ২৯ জুলাইঃ অসম–মেঘালয় সীমান্তৰ দক্ষিণ গণেশ নগৰত ভূমি বিবাদক লৈ চলি থকা সংঘাত আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে গুৱাহাটী মহানগৰ উন্নয়ন সমিতিয়ে৷ সমিতিৰ সম্পাদক বীৰেন শর্মাই কয় যে সীমান্তত বাস কৰা লোকৰ মাজত কোনো সংঘাত নাই৷ দুয়োখন দেশৰ নাগৰিকসকলে সীমান্তত দীর্ঘদিন ধৰি মিলা–প্রীতিৰ মাজত বাস কৰি থকাৰ মাজতে অপ্রত্যাশিতভাৱে মেঘালয়ৰ এটা এন জি অ’ই সংঘাত সৃষ্টি কৰাটো দুয়োখন ৰাজ্যৰ বাবে ক্ষতিকাৰক৷

অসম–মিজোৰামৰ মাজত চলি থকা ভূমি বিবাদৰ মাজতে বশিষ্ঠৰ গণেশ নগৰত এন জি অ’ৰ বেনাৰত খাচি, গাৰো যুৱকসকলে আহি অসমৰ ভূমিত বিদ্যুতৰ খুঁটা পোতা সন্দর্ভত মেঘালয়ৰ প্রশাসন জ্ঞাত৷ ইয়াৰ পাছতো এইক্ষেত্রত মেঘালয় প্রশাসনে পালন কৰা ভূমিকা ৰহস্যজনক৷ সেয়েহে দুয়োখন ৰাজ্যৰ সীমান্তত বাস কৰা লোকসকলক আলোচনাৰ মাধ্যমেৰে দুয়োখন ৰাজ্যৰ চৰকাৰে মাটি পট্টা প্রদানৰ তেওঁ পোষকতা কৰে৷ সামান্য ৰাজহৰ বিনিময়ত সীমান্তবাসীক মাটি পট্টা দিয়াৰ লগতে বিশুদ্ধ খোৱাপানী, বাট–পথ উন্নয়ন আৰু অন্যান্য সমস্যা সমাধান কৰিলে সীমা বিবাদে অঞ্চলটোত গা কৰি উঠিব নোৱাৰে বুলি সমিতিৰ সম্পাদক শর্মাই মতামত ব্যক্ত কৰে৷

You might also like