নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘খেলা হবে’ শ্লোগানেৰে সদন উত্তাল বিৰোধীৰ

নিয়মীয়া বাৰ্তা ২৯ জুলাইঃ চলিত সংসদৰ বর্ষাকালীন অধিৱেশনৰ আজি লোকসভা আৰু ৰাজ্যসভাত বিভিন্ন বিষয়ক লৈ প্রতিবাদেৰে হুলস্থূলীয়া পৰিস্থিতি সৃষ্টি কৰে বিৰোধী দলে৷ বহু বিতর্কিত পেগাছাছ, ইন্ধনৰ মূল্য আৰু কৃষি আইনক লৈ কংগ্রেছসহ বিৰোধীয়ে লোকসভাৰ মজিয়াত ‘খেলা হবে’ শ্লোগান দি পৰিস্থিতি প্রথমে উত্তাল কৰে৷ ইয়াৰ সমান্তৰালকৈ বিৰোধী দলকেইটাই পেগাছাছৰ প্রতিবেদনৰ বিতর্কৰ বাবে দাবী তুলি হৈ–চৈৰ সৃষ্টি কৰে৷ লোকসভাৰ সমান্তৰালকৈ ৰাজ্যসভাৰ মজিয়াতো কংগ্রেছকে ধৰি বিৰোধী দলসমূহে চৰকাৰবিৰোধী শ্লোগানেৰে পৰিস্থিতি উত্তাল কৰি তোলে৷ আজি ৰাজ্যসভাৰ মজিয়াত অসমৰ সাংসদ ৰিপুণ বৰাই অসম–মেঘালয় সীমা সমস্যাৰ বিতর্কৰ দাবী তোলে যদিও ৰাজ্যসভাৰ সভাপতিয়ে এইক্ষেত্রত কোনোধৰণৰ অনুমতি নিদিলে৷ অসম–মেঘালয় সীমা সমস্যাৰ বিষয়টোক লৈ সাংসদ ৰিপুণ বৰাই ৰাজ্যসভাত বিতর্কৰ দাবী তোলাটো চর্চিত হৈছে৷

উল্লেখ্য যে লোকসভাত কংগ্রেছ আৰু ১৪ বিৰোধী দলৰ সাংসদে পেগাছাছৰ বিতর্কৰ দাবী তুলি কার্যসূচী–পত্র ফালি–ছিৰি ইফালে–সিফালে দলিয়াই দিয়ে৷ সাংসদসকলে আনকি অধ্যক্ষৰ ওচৰলৈ গৈ এনে অশোভনীয় আচৰণ কৰাৰ লগতে চৰকাৰবিৰোধী শ্লোগান দি পৰিস্থিতি উত্তাল কৰে৷ বিৰোধী সাংসদসকলে চৰকাৰবিৰোধী প্লেকার্ড প্রদর্শন কৰে আৰু এই প্লেকার্ড এখন দলিয়াই দিয়াত সাংবাদিকৰ গেলেৰীত পৰে৷ এই লৈও এক হুলস্থূলীয়া পৰিস্থিতি সৃষ্টি হয়৷ পৰিস্থিতি নিয়ন্ত্রণলৈ অনাৰ বাবে লোকসভাৰ অধ্যক্ষই চেষ্টা চলায় যদিও বিৰোধীৰ হৈ–চৈৰ বাবে দুবাৰকৈ লোকসভাৰ কার্যসূচী স্থগিত ৰাখিবলগীয়া হয় আৰু অৱশেষত বিয়লি ২ বজাত কার্যসূচী আৰম্ভ হোৱাৰ লগে লগে বিৰোধীয়ে অনুৰূপ পৰিস্থিতি সৃষ্টি কৰাত দিনটোৰ বাবে সদনৰ কার্যসূচী স্থগিত ৰাখিবলগীয়া হয়৷

একেই পৰিস্থিতি ৰাজ্যসভাতো প্রত্যক্ষ কৰা হয়৷ কেন্দ্রীয় মন্ত্রী হৰদীপ সিং পুৰীয়ে পেগাছাছক লৈ বিবৃতি দিব বিচাৰোঁতেই বিৰোধী সাংসদসকলে হৈ–চৈ কৰিবলৈ ধৰে৷ ৰাজ্যসভাৰ সভাপতিয়ে পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ সাংসদসকলক বাৰম্বাৰ অনুৰোধ জনায় যদিও সাংসদসকলে হৈ–চৈ কৰি থকাৰ বাবে ৰাজ্যসভাও দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়৷ সদনৰ কার্যসূচী স্থগিত হোৱাৰ পাছত কংগ্রেছসহ বিৰোধী দলবোৰে সংসদ ভৱনৰ বাহিৰত এখন সংবাদ মেলৰ আয়োজন কৰে৷ কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে এই সংবাদ মেলৰ নেতৃত্ব লৈ পেগাছাছ কেলেংকাৰিত নৰেন্দ্র মোদী চৰকাৰক আক্রমণৰ লক্ষ্য কৰি লয়৷ কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে কয় যে ভাৰতৰ বিৰুদ্ধে ইজৰাইলী স্পাইৱেৰ পেগাছাছ ব্যৱহাৰ কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে গণতন্ত্রৰ আত্মাত আঘাত হানিছে৷ এই সংবাদ মেলতে পেগাছাছ ব্যৱহাৰ কৰাৰ বাবে কেন্দ্রীয় চৰকাৰক কঠোৰ ভাষাৰে গৰিহণা দিয়ে বিৰোধীয়ে৷ তদুপৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কংগ্রেছসহ বিৰোধীয়ে সদনৰ কার্যসূচীত ব্যাঘাত জন্মোৱা বুলি অভিযোগ খণ্ডন কৰি ৰাহুল গান্ধীয়ে কয় যে তেওঁলোকে সদনৰ কার্যসূচীত ব্যাঘাত জন্মোৱা নাই৷ তেওঁলোকৰ দায়বদ্ধতাহে পূর্ণ কৰি আছে৷ মন কৰিবলগীয়া যে কংগ্রেছসহ ১৪টা বিৰোধী দলৰ নেতাই বৈঠকত মিলিত হোৱাৰ পাছত এই সংবাদ মেলখনৰ আয়োজন কৰা হয়৷

বিৰোধী দলকেইটাই কেন্দ্রীয় চৰকাৰৰ পেগাছাছ কেলেংকাৰি, ইন্ধনৰ মূল্যবৃদ্ধি আৰু তিনি কৃষি আইন সন্দর্ভত নিজৰ স্থিতি স্পষ্ট কৰি সদনৰ মজিয়াত এই বিষয়ক লৈ বিতর্কৰ বাবে দাবী তোলাৰ সিদ্ধান্তত উপনীত হয়৷ সংসদ ভৱনত ৰাজ্যসভাৰ বিৰোধী দলপতি কংগ্রেছৰ মল্লিকার্জুন খার্গেৰ কক্ষত এই বৈঠকখন অনুষ্ঠিত হয়৷ বৈঠকত লোকসভা আৰু ৰাজ্যসভাৰ বিৰোধী দলৰ দলপতিসকলে অংশগ্রহণ কৰে৷ কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে অংশগ্রহণ কৰা এই বৈঠকখনত কংগ্রেছৰ জ্যেষ্ঠ নেতা অধিৰ ৰঞ্জন চৌধুৰী, জয়ৰাম ৰমেশ, ডি এম কেৰ টি আৰ বালু, তিৰুচি শিৱা, কানিমোঝি, এন চি পিৰ সুপ্রিয়া ছুলে আৰু প্রফুল পেটেল, শিৱসেনাৰ সঞ্জয় ৰাউট, নেচনেল কনফাৰেঞ্চৰ হাচমেইন মাচুদি, চি পি আই (এম)ৰ ইলামৰাং কৰিম, চি পি আইৰ বিনয় বিশ্রাম, আপৰ ভাগৱত মান আৰু আৰ জে ডিৰ মনোজ ঝা উপস্থিত থাকে৷ এই বৈঠকখনত সদনৰ মজিয়াত চৰকাৰক কিদৰে প্রতিহত কৰিব পাৰি, সেই সন্দর্ভত কৌশল প্রস্তুত কৰা হয়৷ গুৰুত্বপূর্ণ যে লোকসভাৰ মজিয়াত অশোভনীয় আচৰণ কৰা ১০ বিৰোধী সাংসদৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ বাবে কেন্দ্রীয় চৰকাৰে যো–জা চলাইছে৷

You might also like