গুৰুক অপমান
তিনিচুকীয়াৰফিল’বাৰীত এগৰাকী শিক্ষয়িত্রীক ছাত্র–ছাত্রীয়ে অপমান কৰা ঘটনাই ৰাজ্যজুৰি প্রতিক্রিয়া সৃষ্টি কৰিছে৷ ফিল’বাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ আৰু দ্বাদশ শ্রেণীৰ ছাত্র–ছাত্রীৰ নামভর্তিৰ মাচুলক লৈ হোৱা প্রতিবাদৰ সময়ত শিক্ষয়িত্রীগৰাকীয়ে ছাত্র–ছাত্রীক অপমান কৰাৰ অভিযোগত শিক্ষার্থীসকলে তেওঁক ক্ষমা খুজিবলৈ বাধ্য কৰায়৷ প্রথমতে ক্ষমা খোজা প্রক্রিয়াটো ছাত্র–ছাত্রীসকলৰ মনঃপুত নোহোৱা বাবে দ্বিতীয়বাৰ শিক্ষয়িত্রীগৰাকীক শিক্ষার্থীসকলে সাষ্টাংগে সেৱা জনাই ক্ষমা খুজিবলৈ বাধ্য কৰোৱা ঘটনাটোৱে ব্যাপক চর্চা লাভ কৰিছে৷ ছাত্র–ছাত্রীৰ এনে উদণ্ড দাবীৰ আঁৰত স্থানীয় আছু নেতা এগৰাকীৰ উচটনি জড়িত হৈ আছে বুলি অভিযোগ উত্থাপন হৈছে৷ এনে ঘটনাই ৰাজ্যৰ শৈক্ষিক জগতখনত চলি অহা অশুভ পৰিৱেশটোকে স্পষ্ট ৰূপত প্রকট কৰি তুলিছে৷ দৰাচলতে শিক্ষক আৰু শিক্ষার্থীৰ গুৰু–শিষ্যৰ যি সম্পর্ক, সেই সম্পর্কত ঘুণে ধৰা প্রক্রিয়া আৰম্ভ হৈছিল অসম আন্দোলনৰ সময়ৰ পৰাই৷ অসম আন্দোলনৰ সময়ত সদৌ অসম ছাত্র সন্থাৰ নেতাসকলৰ দাম্ভিকতাসুলভ নেতৃত্বই সৃষ্টি কৰা শৈক্ষিক নৈৰাজ্যৰ সুদূৰপ্রসাৰী প্রক্রিয়া ফিল’বাৰীৰ দৰে ঘটনাসমূহ৷ অসমত অতীজৰে পৰা শিক্ষক আৰু শিক্ষার্থীৰ সম্পর্ক গুৰু–শিষ্যৰ সম্পর্কৰ দৰেই অব্যাহত আছিল৷ অসমতেই নহয় ভাৰতীয় সনাতন সভ্যতা–সংস্কৃতিয়ে গুৰু–শিষ্যৰ সম্পর্কক এক বহুমাত্রিক ৰূপ দি আহিছে৷ শিষ্যই সদায় গুৰুক ভগৱানৰ পাছতে পিতৃ–মাতৃৰ সৈতে স্থান দি আহিছে৷ অতীজৰ গুৰুকুল প্রথাই গুৰু–শিষ্যৰ সনাতন সম্পর্কৰ সর্বোৎকৃষ্ট উদাহৰণ৷
হিন্দু ধর্ম শাস্ত্রসমূহতো গুৰুক সমাজৰ সর্বোচ্চ আসনত স্থান দি অহা হৈছে৷ অতীতৰ ৰাজবংশসমূহৰ গুৰুৰ স্থানে এই পদমর্যাদাৰ স্বাক্ষৰ বহন কৰে৷ গুৰু–শিষ্যৰ এই সন্মান জড়িত মধুৰ সম্পর্ক অসমতো অতীজৰে পৰা অব্যাহত আছিল যদিও ঐতিহাসিক অসম আন্দোলনৰ নেতৃত্ব ছাত্র সন্থাৰ হাতলৈ যোৱাৰ পাছতেই শিক্ষার্থী সমাজৰ মাজত গুৰু–গোসাঁই নমনা পৰম্পৰা এটাৰ আৰম্ভণি ঘটে৷ সেই আৰম্ভণিয়েই পৰৱর্তী সময়ত শৈক্ষিক জগতত এক নৈৰাজ্যবাদী পৰিৱেশ গঢ়ি তোলে৷ তেনে নৈৰাজ্যৰ উৎকৃষ্ট উদাহৰণ হৈছে ফিল’বাৰীৰ ঘটনাৱলী৷ ফিল’বাৰীৰ ঘটনাৰ পাছত এতিয়া সদৌ অসম ছাত্র সন্থাৰ দৰে ছাত্র সংগঠনসমূহেও এবাৰ আত্মসমালোচনা কৰাৰ প্রয়োজন আহি পৰিছে৷ কেৱল ছাত্র সন্থাই নহয়, সকলো ছাত্র সংগঠনে ৰাজ্যৰ শৈক্ষিক জগতখনত গুৰু–গোসাঁই নমনা যি নৈৰাজ্যবাদী পৰিৱেশ গঢ়ি উঠিছে, সেয়া আঁতৰ কৰাৰ গুৰুদায়িত্ব গ্রহণ কৰাৰ সময় আহি পৰিছে৷ গুৰু–শিষ্যৰ সুমধুৰ সম্পর্কইহে এক সুস্থিৰ শৈক্ষিক পৰিৱেশ গঢ়ি তুলিব পাৰে৷ একমাত্র আন্দোলনমুখী চিন্তা–চর্চাই অসমৰ শৈক্ষিক পৰিৱেশৰ উত্তৰণ ঘটাব নোৱাৰে৷ বৰং এনে চিন্তাই শৈক্ষিক পৰিৱেশৰ অধিক অৱনতিহে ঘটোৱাটো নিশ্চিত৷ সেই বাবেই ফিল’বাৰীৰ ঘটনাটো এক বিশেষ ঘটনা হিচাপে বিবেচনা কৰি ৰাজ্যৰ সকলো ছাত্র সংগঠনে শিক্ষক আৰু শিক্ষার্থীৰ মাজত গঢ়ি উঠা তিক্ততাপূর্ণ সম্পর্ক আঁতৰ কৰাৰ লগতে শিক্ষার্থীৰ মাজত সৃষ্টি হোৱা নৈৰাজ্যবাদী চিন্তা–চর্চাৰ অৱসান ঘটোৱাৰ স্বার্থত তৎপৰ হৈ পৰাৰ প্রয়োজনীয়তা আহি পৰিছে৷