নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঞ্জাবাৰীত পত্নীক নির্যাতন স্বামীৰ

নিয়মীয়া বাৰ্তা ১৮ অক্টোবৰঃ সাতগাঁও থানাৰ অন্তর্গত পাঞ্জাবাৰীত পত্নীক শাৰীৰিক নির্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এগৰাকী অধিবক্তাৰ বিৰুদ্ধে৷ কেৱল সেয়াই নহয়, নির্যাতনৰ পিছত ঘৰৰ ভিতৰত আবদ্ধ কৰি তলা মাৰি থোৱা বুলিও অভিযোগ কৰিছে পত্নীয়ে৷ পিছত আৰক্ষীয়ে উদ্ধাৰ কৰা বুলি জানিবলৈ দিছে ভুক্তভোগী মহিলাগৰাকীয়ে৷ ঘটনাৰ বিৱৰণী অনুসৰি, পাঞ্জাবাৰীৰ গৌতম ফুকন নামৰ অধিবক্তাগৰাকীৰ সৈতে ২০০৪ চনত সামাজিকভাৱে বিবাহ হৈছিল জুৰি শর্মা ফুকনৰ৷বিবাহৰ কিছু বছৰলৈ সুন্দৰভাৱে সংসাৰ চলিছিল যদিও সন্তান নোহোৱাৰ দোহাই দি ৩–৪ বছৰৰ পৰা নানা ধৰণৰ শাৰীৰিক আৰু মানসিক নির্যাতন চলাবলৈ আৰম্ভ কৰে অধিবক্তাস্বামীয়ে৷ পত্নীয়ে অভিযোগ কৰা মতে, এগৰাকী কনিষ্ঠ সহকর্মী অধিবক্তাৰ সৈতে অবৈধ প্রেমৰ সম্পর্ক গঢ়ি তুলিছে স্বামী গৌতম ফুকনে৷

এই সম্পর্ক গঢ়ি উঠাৰ পিছৰে পৰা তেওঁক বিবাহ বিচ্ছেদৰ বাবে হেঁচা দি স্বামীয়ে তেওঁৰ ওপৰত অমানুষিক অত্যাচাৰ চলাই আহিছে৷ আজি পুৱাও একেধৰণে অমানুষিক শাৰীৰিক নির্যাতন চলায় বুলি প্রকাশ কৰি স্বামী গৌতম ফুকনে বাহিৰেদি তলা মাৰি আবদ্ধ কৰি ওলাই যায় বুলি আৰক্ষী আৰু সংবাদ মাধ্যমৰ আগত প্রকাশ কৰিছে জুৰি শর্মা ফুকনে৷ প্রায় ৩ ঘণ্টা সময় ভিতৰতে আবদ্ধ থাকি উপায়বিহীন হৈ আৰক্ষীক অৱগত কৰে পত্নীয়ে৷ লগে লগে এচিপি ভনিতা নাথৰ নেতৃত্বত আৰক্ষীৰ দল এটা উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰে৷ তাৰ পিছতে আৰক্ষীয়ে ফোনযোগে স্বামী গৌতম ফুকনক মাতি আনি ঘটনা সন্দর্ভত সোধা–পোছা কৰাত ওলোটাই তেওঁকহে পত্নীয়ে নির্যাতন চলাই অহা বুলি প্রতি অভিযোগ উত্থাপন কৰে৷ অৱশ্যে তেওঁ বিবাহ বিচ্ছেদৰ প্রস্তাৱ দিয়া বুলি উল্লেখ কৰি পত্নীয়ে থকা ঘৰটো আৰু ৫০ লাখ টকাৰ দাবী জনায় বুলি পত্নীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে৷ এনে অভিযোগ আনি লগতে তেওঁৰ কোনো পৰকীয়া প্রেমৰ সম্পর্কৰ কথা অস্বীকাৰ কৰে অধিবক্তা স্বামীয়ে৷ তাৰ পিছতে আৰক্ষীয়ে থানালৈ লৈ যায় অধিবক্তা গৌতম ফুকনক৷ কোন সঁচা, কোন মিছা সেয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব যদিও এগৰাকী অধিবক্তাৰ ঘৰত গার্হস্থ্য আইন ভংগ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

You might also like