নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিনেতা তপন দাসলৈ জগন্নাথ ঠাকুৰ সাহিত্য সন্মান

নিয়মীয়া বাৰ্তা ১৮ অক্টোবৰঃ চলিত বর্ষৰ পৰা আৰম্ভ হোৱা ‘জগন্নাথ ঠাকুৰ সাহিত্য সন্মান’ প্রথমবাৰৰ বাবে অসমীয়া গল্প সাহিত্যৰ ক্ষেত্রখনলৈ চাৰি দশকধৰি উল্লেখযোগ্য অৱদান আগবঢ়োৱা বিশিষ্ট গল্পকাৰ, অভিনেতা তপন দাসক প্রদান কৰা হ’ব৷ আজি এক প্রেছ বিবৃতিৰ জৰিয়তে এই কথা ঘোষণা কৰিছে জগন্নাথ ঠাকুৰ স্মৃতি ন্যাসে৷ বিবৃতিটোত ন্যাসে প্রকাশ কৰা অনুসৰি অহা ৮ নৱেম্বৰত গুৱাহাটীত এই বঁটা প্রদান কৰা হ’ব৷ এই বঁটাত আছে এটা স্মাৰক, এখন প্রশস্তি পত্র আৰু নগদ পঞ্চাশ হাজাৰ টকা৷

উল্লেখযোগ্য যে অসম অসামৰিক সেৱাৰ এগৰাকী দক্ষ বিষয়া হিচাপে সততাৰে কার্যনির্বাহ কৰা, এগৰাকী নিষ্ঠাৱান পঢ়ুৱৈ জগন্নাথ ঠাকুৰৰ নামত এই বঁটা দিয়া হ’ব৷ ২০২১ বর্ষৰ লগতে বিগত দুটা বছৰৰ গল্প সংকলনৰ বাবে নাইবা গল্পৰ ক্ষেত্রলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে এই বঁটা প্রদান কৰাৰ পৰিকল্পনা জগন্নাথ ঠাকুৰ স্মৃতি ন্যাসৰ৷ এই বছৰৰ বাবে নির্বাচিত হোৱা বিশিষ্ট গল্পকাৰ তপন দাসলৈ এই বঁটা প্রদান কৰা হৈছে অসমীয়া গল্পৰ ক্ষেত্রখনলৈ তেখেতে আগবঢ়োৱা সামগ্রিক অৱদানৰ বাবে৷

You might also like