গণতন্ত্রৰ বাবে শুভ লক্ষণ নহয়
অহা ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব লগা ভৱানীপুৰ, তামুলপুৰ, গোসাঁইগাঁও, থাওৰা আৰু মৰিয়নি বিধানসভা সমষ্টিৰ উপ–নির্বাচনক লৈ ব্যাপক ৰাজনৈতিক তৎপৰতা পৰিলক্ষিত হৈছে৷ ২০২১ৰ বিধানসভা নির্বাচনৰ ছমাহ সম্পূর্ণ নৌহওঁতেই ৰাজ্যখনৰ ছটা বিধানসভা সমষ্টিত উপ–নির্বাচন অনুষ্ঠিত হ’ব৷ ইয়াৰে প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে প্রতিনিধিত্ব কৰা মাজুলী সমষ্টিৰ উপ–নির্বাচনৰ দিন নির্বাচন আয়োগে ঘোষণা কৰা নাই৷ বিটিআৰৰ গোসাঁইগাঁও বিধানসভা সমষ্টিৰ বিপিএফৰ বিধায়ক মাজেন্দ্র নার্জাৰী আৰু তামুলপুৰৰ ইউপিপিএলৰ বিধায়ক লেহোৰাম বড়োৰ আকস্মিক মৃত্যুৰ ফলত সমষ্টি দুটাত উপ–নির্বাচন অনুষ্ঠিত হ’ব৷ ভৱানীপুৰৰ এআইইউডিএফৰ বিধায়ক ফণীধৰ তালুকদাৰ, মৰিয়নি আৰু থাওৰাৰ কংগ্রেছ বিধায়কদ্বয় ক্রমে ৰূপজ্যোতি কুর্মী আৰু সুশান্ত বৰগোহাঁয়ে দলত্যাগ কৰি বিজেপিত যোগদান কৰাৰ ফলতেই তিনিওটা সমষ্টিৰ ৰাইজে পুনৰ জনাদেশ দিব লাগিব৷ যোৱা বিধানসভা নির্বাচনত বিৰোধীৰ দখললৈ যোৱা ভৱানীপুৰ, মৰিয়নি আৰু থাওৰা সমষ্টিত বিজেপিয়ে উপ–নির্বাচনৰ যুঁজত নমাইছে ক্রমে ফণীধৰ তালুকদাৰ, ৰূপজ্যোতি কুর্মী আৰু সুশান্ত বৰগোহাঁইক৷ অর্থাৎ ভৱানীপুৰ সমষ্টিবাসীয়ে যোৱা বিধানসভা নির্বাচনত এআইইউডিএফৰ তলা–চাবিৰ ছবিত ভোট দি জয়যুক্ত কৰা ফণীধৰ তালুকদাৰে পুনৰ জয়লাভ কৰিবলৈ হ’লে সমষ্টিটোৰ ভোটদাতাই এইবাৰ বিজেপিৰ পদুম ফুলৰ চিহ্ণত ভোট দিব লাগিব৷ একেদৰে কংগ্রেছৰ হাতৰ ছবিত ভোট লাভ কৰি বিধানসভালৈ নির্বাচিত মৰিয়নি আৰু থাওৰাৰ বিজেপিৰ প্রার্থী ক্রমে ৰূপজ্যোতি কুর্মী আৰু সুশান্ত বৰগোহাঁয়ে পদুম ফুলৰ ছবিত ভোট লাভ কৰাৰ বাবে যুঁজত নামিছে৷ ভৱানীপুৰ, মৰিয়নি আৰু থাওৰাত প্রার্থী একে হ’লেও প্রতীক চিহ্ণ সলনিৰ ফলত তিনিওজন প্রাক্তন বিধায়কক সমষ্টিকেইটাৰ ৰাইজে কিদৰে গ্রহণ কৰে সেয়া ৩০ অক্টোবৰত স্পষ্ট হ’ব৷ বিটিআৰৰ অন্তর্গত গোসাঁইগাঁও আৰু তামুলপুৰ সমষ্টিত বিজেপি নেতৃত্বাধীন মিত্রজোঁটে ইউপিপিএলক এৰি দিছে৷ গোসাঁইগাঁৱত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফে দলীয় প্রার্থীক যুঁজত নমালেও তামুলপুৰত দলটোৱে ৰহস্যজনকভাৱে দলীয় প্রার্থী থিয় কৰোৱাৰ পৰা বিৰত আছে৷ বিগত ১৭ বছৰে ৰাজ্যৰ বড়ো ৰাজনীতিক শক্তিশালী ৰূপত প্রতিষ্ঠা কৰিবলৈ সক্ষম হোৱা বিপিএফৰ মুৰব্বী হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফত তীব্র খহনীয়া আৰম্ভ হৈছে৷ বিটিচিৰ লগতে দিছপুৰৰ পৰা ক্ষমতাচ্যুত হোৱাৰ লগে লগে মহিলাৰীৰ স’তে ঘনিষ্ঠ কেইবাজনো শীর্ষনেতাই ইতিমধ্যে দলত্যাগ কৰি শাসকীয় বিজেপিত যোগদান কৰিছে৷ বিটিআৰ চুক্তিৰ পাছত বিজেপিৰ স’তে মিত্রতাৰ জৰিয়তে প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলৰ উত্থান হৈছে৷ ফলত প্রমোদ বড়োৰ নেতৃত্বত বড়ো ৰাজনীতিৰ নতুন সমীকৰণে হাগ্রামা মহিলাৰীৰ ৰাজনৈতিক জীৱন বিপদাপন্ন কৰি তুলিছে৷
উপ–নির্বাচনলৈ ১০ দিন থকা অৱস্থাত পাঁচটা বিধানসভা সমষ্টিৰ নির্বাচনী প্রচাৰ তুংগত উঠিছে৷ যোৱা বিধানসভা নির্বাচনত ব্যাপক সফলতাৰ জৰিয়তে দ্বিতীয়বাৰৰ বাবে ক্ষমতাত অধিষ্ঠিত বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ পৰা আৰম্ভ কৰি মন্ত্রী–বিধায়ক, দলীয় নেতাসকলে ইতিমধ্যে প্রচাৰ অভিযানত নামি পৰিছে৷ উল্লেখ্য যে যোৱা বিধানসভা নির্বাচনত লাভ কৰা বিৰল সাফল্য সত্ত্বেও তামুলপুৰৰ বাহিৰে গোসাঁইগাঁও, ভৱানীপুৰ, মৰিয়নি আৰু থাওৰাত মিত্রজোঁটে সফলতা লাভ কৰা নাছিল৷ আগন্তুক উপ–নির্বাচনৰ ফলাফলে দিছপুৰৰ চৰকাৰখন ভঙা–গঢ়াৰ ক্ষেত্রত কোনো প্রভাৱ নেপেলায়৷ কিন্তু দিছপুৰত একেৰাহে দ্বিতীয়বাৰৰ বাবে ক্ষমতাত অধিষ্ঠিত চৰকাৰখনে বিগত পাঁচ মাহে অসমবাসীৰ আশা–আকাংক্ষা কিমান পূৰণ কৰিব পাৰিছে, সেয়া উপ–নির্বাচনৰ ফলাফলত প্রতিফলিত হোৱাৰ সম্ভাৱনা আছে৷ উপ–নির্বাচনত বিজয় সাব্যস্ত কৰিবলৈ বিজেপি নেতৃত্বৰ উপৰি মিত্রজোঁটৰ অংশীদাৰ অসম গণ পৰিষদ আৰু ইউপিপিএলৰ নেতাসকলে যিদৰে ঐক্যবদ্ধ নির্বাচনী যুঁজৰ বাবে সাজু হোৱাৰ বিপৰীতে বিৰোধী দল–সংগঠনসমূহ মাজত এনে তৎপৰতা পৰিলক্ষিত হোৱা নাই৷ যোৱা বিধানসভা নির্বাচনত কংগ্রেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁটৰ পৰা আঁতৰি গৈছে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফ৷ বদৰুদ্দিন আজমল নেতৃত্বাধীন দলটোক মহাজোঁটৰ পৰা আঁতৰাই পঠিয়াইছে কংগ্রেছে৷ বাঁওপন্থী দলসমূহেও উপ–নির্বাচনত কংগ্রেছক সংগ দিয়া নাই৷ আছুৰ প্রাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদৰ বাহিৰে কংগ্রেছৰ ওচৰত এতিয়া কোনো নাই৷ অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলেও মৰিয়নি আৰু থাওৰাত দলীয় প্রার্থীক যুঁজত নমাইছে৷ ফলত বহুধাবিভক্ত হৈ পৰা বিৰোধী ৰাজনৈতিক শিবিৰৰ ফলত উপ–নির্বাচনৰ ৰণ জিকাৰ অংক বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ বাবে সহজ হৈছে৷ শাসকীয় মিত্রজোঁটৰ বিৰুদ্ধে বিৰোধী পক্ষ ঐক্যবদ্ধ হ’ব নোৱাৰাৰ অন্তৰালত যে প্রার্থিত্বকেন্দ্রিক অংক জড়িত হৈ আছে সেয়া ইতিমধ্যে স্পষ্ট হৈছে৷ দিছপুৰত ক্ষমতাধিষ্ঠিত চৰকাৰখন সংখ্যাৰ জোখাৰে বহু শক্তিশালী৷ এনে অৱস্থাত বিৰোধী পক্ষই উপ–নির্বাচনৰ জৰিয়তে শক্তি আহৰণৰ বাবে এক সুযোগ গ্রহণ কৰাৰ যথেষ্ট থল আছে৷ কিন্তু ক্ষুদ্র দলীয় ৰাজনৈতিক স্বার্থ পৰিহাৰ কৰি গণতন্ত্রক শক্তিশালী ৰূপত প্রতিষ্ঠা কৰাৰ ক্ষেত্রত বিৰোধী ৰাজনৈতিক দলসমূহে ঐক্যবদ্ধ হ’ব নোৱাৰিলে৷ এয়া গণতন্ত্রৰ বাবে শুভ লক্ষণ বুলি ক’ব নোৱাৰি৷