নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোৱাৰী হত্যাকাৰীক গ্রেপ্তাৰৰ দাবীত উত্তাল হাজোঃ থানা ঘেৰাও

নিয়মীয়া বাৰ্তা ১৯ অক্টোবৰঃ হাজোৰ কংকনা মজুমদাৰৰ হত্যাকাৰীক গ্রেপ্তাৰ কৰিব নোৱাৰাৰ প্রতিবাদত সোমবাৰে তিনি শতাধিক পুৰুষ–মহিলাই প্রতিবাদ সাব্যস্ত কৰে৷ প্রতিবাদী পুৰুষ–মহিলাসকলে হাজোৰ বিষ্ণুপুৰস্থিত নতুন বজাৰৰ পৰা হাজো আৰক্ষী থানালৈ উলিয়ায় প্রতিবাদী সমদল৷ প্রতিবাদকাৰীসকলে হাতে হাতে প্লেকার্ড লৈ কংকনা মজুমদাৰৰ হত্যাকাণ্ডৰ তদন্ত চি বি আইক অর্পণ কৰক, হত্যাকাৰী দ্বীপেন দাস (ৰমেন)কতিশীঘ্রে গ্রেপ্তাৰ কৰক, হত্যাকাৰীক ফাঁচি দিয়ক, মহিলাৰ সুৰক্ষা নিশ্চিত কৰক, যৌতুক প্রথা বন্ধ কৰক, কংকনা হত্যাকাণ্ডৰ ন্যায় দিয়ক আদি শ্লোগানেৰে হাজো–গুৱাহাটী পথ আৰু হাজো আৰক্ষী থানাৰ সন্মুখ ভাগৰ পৰিৱেশ উত্তাল কৰি তোলে৷ সদাব্যস্ত হাজো–গুৱাহাটী পথ প্রায় এঘণ্টাৰ বাবে বন্ধ হৈ পৰে আৰু ভীষণ যানজঁটৰ সৃষ্টি হয়৷ ইয়াৰ পাছতে প্রতিবাদকাৰীসকলে এখনস্মাৰক–পত্র হাজোৰ আৰক্ষী বিষয়া বাবুল কুমাৰ মেধিক অর্পণ কৰে৷

উল্লেখ্য যে চলিত বর্ষৰ মার্চ মাহত ৰামদিয়া উজানকুৰিৰ গিৰীশ মজুমদাৰৰ একমাত্র কন্যা কংকনা মজুমদাৰৰ অভয়পুৰৰ প্রয়াত শ্যামসুন্দৰ দাসৰ পুত্র তথা ৰে’লৱে বিভাগৰ কর্মচাৰী দ্বীপেন দাস (ৰমেন)ৰ লগত সম্পূর্ণ সামাজিক ৰীতি–নীতিৰে বিবাহ কার্য সম্পন্ন হৈছিল৷ বিয়াৰ কিছুদিনলৈ দুয়োৰে সংসাৰ ঠিকে–ঠাকে চলিছিল৷ উত্থাপিত অভিযোগ অনুসৰি, দিন বাগৰাৰ লগে লগে কংকনাৰ ওপৰত স্বামীৰ পৰিয়ালৰ লোকে শাৰীৰিক–মানসিক অত্যাচাৰ কৰিবলৈ লয়৷ তথাপি কংকনাই নিজৰ ভৱিষ্যতৰ কথা ভাবি সকলো নীৰৱে সহ্য কৰি গৈছিল৷ আনকি তেওঁৰ ওপৰত চলোৱা অত্যাচাৰৰ কথা ৰামদিয়াৰ পিতৃ–মাতৃকো কেতিয়াও অৱগত কৰা নাছিল৷ চাকৰিসূত্রে স্বামী দ্বীপেন দাস (ৰমেন) লামডিঙত থকাত আৰু পূজা বুলি যোৱা ১০ অক্টোবৰত স্বামী দ্বীপেনে কংকনাক লামডিঙত থকা ৰে’লৱে আৱাসলৈ লৈ যায়৷

লক্ষণীয়ভাৱে যোৱা চৈধ্য অক্টোবৰত ৰে’লৱে আৱাসত কংকনাই ৰহস্যজনকভাৱে শৌচালয়ত ডিঙিত গামোচা লগাই আত্মাহত্যা কৰা বুলি ৰামদিয়াৰ পিতৃ গৃহত ফোন কৰি খবৰ দিয়ে৷ সিদিনাই বিয়লিৰ ভাগত ৰামদিয়াৰ পিতৃগৃহৰ লোক লামডিঙৰ ৰে’লৱে আৱাসত উপস্থিত হয় আৰু কংকনাৰ মৃতদেহ আৱাসত পৰি থকা প্রত্যক্ষ কৰে৷ পৰিয়ালৰ অভিযোগ মতে, বিয়াৰ পাছৰে পৰা স্বামী দ্বীপেন দাস (ৰমেন), বিবাহিত বায়েক ৰুমী দাস, ককায়েক ৰঞ্জন দাসসহ পৰিয়ালৰ আন সদস্যসকলে ধন, বিলাসী বাহন বিচাৰি প্রায়ে মানসিকভাৱে নির্যাতন চলাই আহিছিল৷ যোৱা ১৪ অক্টোবৰতো পৰিয়ালৰ আন সদস্যসকলৰ সহযোগত স্বামী দ্বীপেনে কংকনাক হত্যা কৰি আত্মাহত্যাৰ ৰূপ দিব বিচাৰে৷ কংকনাৰ শৰীৰত আঘাতৰ চিন থকা বুলি উল্লেখ কৰি এয়া এক পূর্বপৰিকল্পিত হত্যাকাণ্ড বুলি পিতৃ পৰিয়ালৰ লোকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ ইতিমধ্যে কংকনাৰ হত্যাৰ ন্যায় বিচাৰি সিদিনাই হাতীশিলা আৰক্ষী চকীত স্বামী দ্বীপেন দাস বিবাহিত বায়েক ৰুমী দাস, ককায়েক ৰঞ্জন দাসসহ পৰিয়ালৰ আন সদস্যসকলৰ ওপৰত কংকনাৰ ককায়েক হীৰকজ্যোতি মজুমদাৰে এখন লিখিত এজাহাৰ দাখিল কৰিছে৷ ইফালে, কংকনাৰ মৃতদেহ লামডিঙৰ পৰিৱর্তে জি এম চি এইচত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি এদিন পাছত নিশা পিতৃগৃহ ৰামদিয়া উজানকুৰিত শেষকৃত্য সম্পন্ন কৰে৷ ৰাইজে ইয়াৰ এক উচিত তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্রদান কৰিবলৈ প্রশাসনৰ ওচৰত ৰাইজে দাবীও উত্থাপন কৰিছিল৷

You might also like