নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উন্নত ৰাজ্যৰ কভিড পৰিস্থিতিঃ গোৱালপাৰাস্থিত সৈনিক স্কুলত নৱেম্বৰৰ পৰা পোনপ্ৰথম বাৰৰ বাবে আৰম্ভ হ’ব ছোৱালীৰ পাঠদান

উন্নত ৰাজ্যৰ কভিড পৰিস্থিতি; পৰ্যায়ক্ৰমে আৰম্ভ পাঠদান

নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰঃ মহামাৰী কৰোনাৰ বাবে বিগত প্ৰায় ৬ মাহ ধৰি বন্ধ হৈ থকা গোৱালপাৰাস্থিত অসমৰ একমাত্ৰ সৈনিক স্কুলখন পুনৰ ন-ৰূপত প্ৰান পাই উঠিছে৷ আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে সৈনিক স্কুলৰ বিশাল চৌহদ ৷

ইতিমধ্যে নৱম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ হৈছে যদিও এসপ্তাহৰ ভিতৰত সকলো শ্ৰেণীৰ পাঠদান আৰম্ভ হ’ব৷ পাঠদান আৰম্ভ হোৱাৰ পূৰ্বেই ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীসকল আহি উপস্থিত হৈছে বিদ্যালয়ত ৷

অহা ১ নৱেম্বৰৰ পৰা বিদ্যালয়খনৰ ইতিহাসত পোনপ্ৰথম বাৰৰ বাবে আৰম্ভ হ’ব ছোৱালীৰ পাঠদান ৷ ইতিমধ্যে ২০২০-২১ শিক্ষাবৰ্ষৰ নামভৰ্তি সম্পন্ন হৈছে ৷ ছোৱালীৰ আগন্তুক শিক্ষাবৰ্ষৰ বাবে নামভৰ্তি প্ৰক্ৰিয়া শীঘ্ৰেই আৰম্ভ হ’ব বুলি বিদ্যালয়খনৰ অধ্যক্ষ কেপ্তেইন এ মথুৰামনে জানিবলৈ দিছে ৷ ইফালে সুদীৰ্ঘ ৬ মাহৰ অন্তত বিদ্যালয়খনত উপস্থিত হৈ উৎফুল্লিত শিক্ষাৰ্থী ৷

Input- উদিত নাৰায়ণ কলিতা 

You might also like