নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : ব্রহ্মপুত্রৰ ভৱিষ্যৎ

ব্রহ্মপুত্রৰ ভৱিষ্যৎ কিমান সুৰক্ষিত শেহতীয়াকৈ ব্রহ্মপুত্র, গংগা, ইৰাৱতী, সিন্ধু, মেকং আদি বহু নদীৰ পানীৰ উৎসমুখ হিমালয়ৰ হিমবাহসমূহৰ দ্রুত গলনে এই নদীসমূহৰ ভৱিষ্যতলৈ কঢ়িয়াই আনিছে অনিশ্চয়তা৷ হিন্দুকু হিমালয়ৰ হিমবাহবোৰত আৰম্ভ হৈছে অতি দ্রুতগতিত গলন৷ গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত হিমালয় হিমবাহলৈ এই দুর্যোগ নামি আহিছে৷ বৰফ গলনৰ তীব্রতা ইমানেই বেছি যে ২০১১ৰ পৰা ২০২০ চনৰ ভিতৰত পূর্বৰ দশকটোৰ তুলনাত ৬৫ শতাংশ অধিক হাৰত এই বৰফ গলিছে৷ স্বাভাৱিকতে বৰফ গলনৰ এই তীব্রতাক লৈ উদ্বিগ্ণ বিজ্ঞানীসকল৷ লক্ষণীয় বিষয়টো হৈছে এই হিমবাহবোৰ হিমালয়ৰ ১০খন গুৰুত্বপূর্ণ নদীৰ পানীৰ উৎস৷ ইয়াৰ উপৰি এই নদীসমূহৰ বহু সুঁতি আৰু উপনদী হিমালয়ৰ পানীৰ ওপৰতেই নির্ভৰশীল৷ হিমবাহবোৰ বিলুপ্ত হ’লে এই নদীসমূহৰ ভৱিষ্যৎ ভয়াৱহ হ’ব বুলি আশংকা কৰিছে বিজ্ঞানীসকলে৷ লক্ষণীয়ভাৱে বিগত এটা দশকৰ ভিতৰত বিলুপ্ত হৈছে হিমালয়ৰ বহু হিমবাহ৷ বিভিন্ন সমীক্ষা তথা প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ পাই আহিছে৷ এটা দশকত ৬৫ শতাংশ বৰফ গলনৰ তীব্রতা বৃদ্ধি পোৱাৰ লগে লগে হিমালয়ৰ হিমবাহসমূহৰ ভৱিষ্যতলৈ নামি আহিছে আশংকা৷ যদি এই হিমবাহবোৰ গলি শেষ হয়, তেন্তে ইয়াৰ ওপৰত নির্ভৰশীল নদীসমূহো শুকাই পৰিব৷ তাৎক্ষণিকভাৱে ভয়াৱহ বানৰ সৃষ্টি হ’ব নদী উপত্যকাসমূহত৷ ইয়াৰ পিছত সেই উপত্যকাসমূহ লাহে লাহে মৰুভূমিত পৰিণত হ’ব৷ এই আশংকাই ঘনীভূত হৈছে শেহতীয়া প্রতিবেদনত৷ গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে পাহাৰ–পর্বতত জমা হৈ থকা বৰফ গলিবই, এয়া নিতান্তই স্বাভাৱিক৷ কিন্তু হিমালয়ৰ ক্ষেত্রত সেয়া অতি উদ্বেগজনক৷ পূর্বে বিজ্ঞানীসকলে হিমালয়ৰ হিমবাহ ইমান দ্রুতহাৰত গলিব বুলি ধাৰণা কৰা নাছিল৷ এতিয়াৰ পৰাই হিমবাহসমূহ সুৰক্ষিত কৰাৰ ক্ষেত্রত ব্যৱস্থা গ্রহণ নকৰিলে পৰিণতি ভয়াৱহ হ’ব বুলি কেইবাগৰাকী বিজ্ঞানীয়ে সতর্কবাণী কৰিছে৷ হিমালয়ৰ সৈতে সম্পর্কিত হৈ থকা প্রতিখন দেশে এইক্ষেত্রত চিন্তা–ভাবনা আৰম্ভ কৰিব লাগে বুলি পৰামর্শ আগবঢ়াইছে কেইবাগৰাকীও বিজ্ঞানীয়ে৷

হিন্দুকশ হিমালয়ৰ হিমবাহবোৰে প্রত্যক্ষভাৱে ২৪ কোটি মানুহক প্রতিদিনে প্রয়োজনীয় পানী যোগান ধৰি আহিছে৷ ইয়াৰ উপৰি বিভিন্ন নদী উপত্যকাত বসবাস কৰা ১৬৫ কোটি মানুহ পৰোক্ষভাৱে এই হিমবাহবোৰৰ ওপৰত নির্ভৰশীল৷ সাম্প্রতিক ঘটনা প্রবাহ পর্যবেক্ষণ কৰি বিজ্ঞানীসকলে সতর্কবাণী কৰিছে যে চলিত শতাব্দীৰ শেষলৈ হিমালয়ৰ হিমবাহবোৰৰ ৮০ শতাংশ আয়তন হ্রাস পাব৷ অর্থাৎ বহু হিমবাহ চলিত শতিকাটোৰ শেষলৈ বিলুপ্ত হৈ পৰিব৷ ইয়াৰ ফলত হিমালয়ৰ নামনি অঞ্চলসমূহলৈও নামি আহিব দুর্যোগ৷ অনিশ্চয়তাৰ সন্মুখীন হ’ব হিমালয়ৰ পৰা উৎপত্তি হোৱা ১০খন প্রধান নদী৷ চীন আৰু ভাৰতৰ বহু গুৰুত্বপূর্ণ নদীৰ উৎসমুখ হৈছে হিমালয়৷ এই হিমালয়ৰ হিমবাহসমূহ নদীসমূহৰ প্রাণ বুলি ক’লেও ভুল কৰা নহ’ব৷ কিন্তু গোলকীয় উষ্ণতা বৃদ্ধিয়ে নদীৰ প্রাণলৈ কঢ়িয়াই আনিছে ভাবুকি৷ যদি নদীয়েই নাথাকে, তেন্তে এই নদীসমূহক কেন্দ্র কৰি গঢ়ি উঠা সভ্যতাও ধ্বংসৰ মুখত পৰিব৷ সৃষ্টি হ’ব জলসংকটৰ লগতে খাদ্য সংকট তথা অন্যান্য সমস্যা৷ গতিকে হিমালয়ৰ হিমবাহ গলনৰ গতি নিয়ন্ত্রণ কৰাৰ বাবে চিন্তা–চর্চা আৰম্ভ কৰিব লাগে বুলি বিজ্ঞানীসকলে দাবী কৰিছে৷ নেপালৰ ইণ্টাৰনেচনেল চেণ্টাৰ ফৰ ইণ্টিগ্রেটেড মাউণ্টেইন ডেভেলপমেণ্টৰ প্রতিবেদন অনুসৰি ২১০০ চনৰ ভিতৰত হিমালয়ৰ হিমবাহ থাকিব মাত্র ১ তৃতীয়াংশ৷ প্রসংগক্রমে উল্লেখ কৰা ভাল যে ঊনবিংশ শতিকাৰ মাজভাগৰ পৰা বর্তমানলৈ সমগ্র বিশ্বৰ তাপমাত্রা ১.২ ডিগ্রী চেলছিয়াছ বৃদ্ধি পাইছে৷ সেইবাবে বিশ্বৰ বিভিন্ন প্রান্তত পূর্বতকৈ বেছি উষ্ণতা অনুভূত হৈছে৷ বৃদ্ধি পাইছে তাপপ্রবাহৰ মাত্রাও৷ এই তাপপ্রবাহৰ প্রভাৱ পৰিছে হিমালয়ত৷ ফলত ইয়াৰ হিমবাহসমূহ গলিবলৈ আৰম্ভ কৰিছে৷ একেদৰে হিমবাহৰ গলনে নদীসমূহৰ জলস্তৰৰ উচ্চতা বৃদ্ধি কৰিছে৷ এই জলস্তৰৰ উচ্চতা বৃদ্ধিয়েও বিভিন্ন অঞ্চলত হঠাতে সৃষ্টি কৰিছে প্লাৱন৷ ইয়াৰ প্রভাৱতে মহাসাগৰৰ জলপৃষ্ঠৰ উচ্চতাও বৃদ্ধি পাইছে৷ অর্থাৎ হিমবাহৰ গলনে অকল নদীসমূহতেই নহয়, ভয়াৱহ প্রভাৱ পেলাইছে সাগৰীয় জলপৃষ্ঠত৷ চলিত শতিকাৰ শেষলৈ এই সমস্যাবোৰ অধিক ভয়াৱহ হ’ব৷ গতিকে বিলম্ব নকৰি হিমালয়ৰ হিমবাহ ৰক্ষাৰ ক্ষেত্রত যাৱতীয় বৈজ্ঞানিক পদক্ষেপ গ্রহণ কৰিব লাগিব প্রতিখন দেশে৷ এই আহ্বান জনাইছে জলবায়ু বিজ্ঞানীসকলে৷

You might also like