অযোধ্যাৰ ৰাম মন্দিৰ
সম্প্রতি দেশৰ চর্চাৰ অন্যতম বিষয় অযোধ্যাৰ ৰাম মন্দিৰ৷ উত্তৰ প্রদেশৰ অযোধ্যাত নির্মাণ হৈ থকা ৰাম মন্দিৰ অহা ২২ জানুৱাৰীত আনুষ্ঠানিকভাৱে মুকলি হ’ব৷ উক্ত দিনা ভগৱান ৰামৰ মূর্তি মন্দিৰটোৰ গর্ভগৃহত প্রাণ প্রতিষ্ঠা কৰা হ’ব৷ অযোধ্যাৰ ৰাম মন্দিৰ মুকলিৰ পূর্বে এই মন্দিৰটোৰ প্রসংগক লৈ দেশৰ ৰাজনীতিও উত্তাল হৈ আছে৷ দেশৰ লগতে বিদেশৰ হিন্দু ধর্মাৱলম্বী লোকে অযোধ্যাৰ বিশাল ৰাম মন্দিৰৰ মুকলি অনুষ্ঠানক লৈ উৎসাহেৰে অপেক্ষা কৰি আছে৷ অযোধ্যাৰ শ্রীৰাম জনমভূমি মন্দিৰৰ প্রাচীন ইতিহাসৰ লগতে মোগল ৰজাৰ শাসনৰ সময়ছোৱাৰ এক বিতর্কিত অধ্যায় আছে৷ দশক দশক ধৰি ৰাম মন্দিৰ-বাবৰি মছজিদ চলি থকা বিবাদৰ গোচৰ ২০১৯ চনৰ ৯ নৱেম্বৰত উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠে ঐতিহাসিক ৰায়যোগে বিবাদিত ৰাম জনমভূমিৰ ২.৭৭ একৰ ভূমি ৰাম মন্দিৰ নির্মাণৰ বাবে অনুমতি দিয়ে৷ ইয়াৰ পিছতেই অযোধ্যাৰ ৰাম জনমভূমিত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ পর্যবেক্ষণত বিশাল ৰাম মন্দিৰ নির্মাণৰ প্রক্রিয়া আৰম্ভ হয়৷ পৰম্পৰাগত নাগৰ আর্হিত প্রায় ১৮০০ কোটি টকা ব্যয়সাপেক্ষে ২.৭৭ একৰ ভূমিৰ মুঠ ৫৭,৪০০ বর্গফুটত ৰাম মন্দিৰ নির্মাণ কৰা হৈছে৷ মন্দিৰটোৰ দৈর্ঘ্য ৩৬০ ফুট আৰু বহল ২৩৫ ফুট৷ মন্দিৰটোৰ উচ্চতা ১৬১ ফুট৷ মন্দিৰটোৰ ৩খন মজিয়া আছে৷ ইয়াৰে প্রতিখন মজিয়াৰ উচ্চতা ২০ ফুট৷ ভূ মহলাত ১৬০টা স্তম্ভ থকাৰ বিপৰীতে প্রথম মহলাত ১৩২টা আৰু দ্বিতীয় মহলাত ৭২টা স্তম্ভ আছে৷ পাঁচটা পেভিলিয়নে আগুৰি ৰখা মন্দিৰ চৌহদটোত ১২খন দ্বাৰ আছে৷ মন্দিৰটোৰ নির্মাণৰ প্রকৃত আর্হি ১৯৮৮ চনত আহমেদাবাদৰ সোমপুৰা পৰিয়ালে প্রস্তুত কৰিছিল৷ ২০২০ চনত এই আর্হিৰ কেইবাটাও পৰিৱর্তনেৰে আর্হি পুনৰ প্রস্তুত কৰা হয়৷ বাস্তুশাস্ত্র আৰু শিল্পশাস্ত্রৰ প্রাধান্য দি আর্হি প্রস্তুত কৰা হয়৷
দেশৰ লগতে বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ থকা অযোধ্যাৰ ৰাম মন্দিৰ অহা ২২ জানুৱাৰীত আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব৷ ২৩ জানুৱাৰীৰ পৰা ভক্তৰ বাবে এই মন্দিৰটো পৰিদর্শনৰ বাবে মুকলি কৰি দিয়া হ’ব৷ বহুচর্চিত অযোধ্যাৰ ৰাম মন্দিৰৰ এক দীঘলীয়া ইতিহাস আছে৷ এই ইতিহাস কিছু বিতর্কৰ মাজতো সাঙোৰ খাই নথকা নহয়৷ ১৫২৮ চনত মোগল সম্রাট বাবৰে সেনাপতি মীৰ বাকিক ভগৱান ৰামৰ ঐতিহাসিক মন্দিৰটোৰ ওপৰত মছজিদ নির্মাণৰ নির্দেশ দিছিল৷ উক্ত মন্দিৰটোৰ ওপৰতে মছজিদ নির্মাণ কৰাৰ পিছত ১৮৫৩ চনৰ পৰা সাম্প্রদায়িক সংঘর্ষৰ সূত্রপাত ঘটে৷ ১৮৫৩ চনৰ পৰা সাম্প্রদায়িক সংঘাত আৰম্ভ হোৱাৰ পিছত ব্রিটিছ শাসকে এই বিবদমান ৰামমন্দিৰ–বাবৰি মছজিদ চৌহদত কাঁটা তাঁৰৰ বেৰ দি মুছলিমসকলক মছজিদৰ ভিতৰত নামাজৰ অনুমতি দিয়ে আৰু হিন্দুসকলৰ চৌহদত প্রার্থনাৰ অনুমতি দিছিল৷ ১৯৪৯ চনৰ ২৩ ছেপ্টেম্বৰৰ পৰাই এই বিষয়টোৱে তীব্র বিতর্ক লাভ কৰে৷ কিয়নো, মছজিদৰ ভিতৰত ভগৱান ৰামৰ মূর্তি উদ্ধাৰ কৰা হৈছিল৷ এই লৈ হিন্দু আৰু ইছলাম ধর্মাৱলম্বী লোকৰ মাজত সংঘাত আৰম্ভ হ’বলৈ ধৰে৷ ১৯৫০ চনত ফৈজাবাদ দেৱানী আদালতত দুখন আবেদন জনোৱা হয়৷ এখন আবেদনযোগে বিবাদিত ভূমিত ভগৱান ৰামৰ পূজা–অর্চনা আৰু আনখনৰ মতে ভগৱানৰ মূর্তি স্থাপন কৰা৷ ১৯৬১ চনত উত্তৰ প্রদেশৰ ছুন্নী ৱাক্ফ ব’র্ডে বিবাদিত ভূমিত নিজৰ দখলৰ লগতে মূর্তি আঁতৰ কৰাৰ দাবী জনায়৷ ১৯৮৬ চনৰ ১ ফেব্রুৱাৰীত উমেশ চন্দ্র পাণ্ডে নামৰ ব্যক্তি এজনৰ আবেদনৰ আধাৰত ফৈজাবাদ দেৱানী ন্যায়াধীশ কে এম পাণ্ডেই হিন্দুক পূজা–অর্চনাৰ অনুমতি প্রদান কৰাৰ লগতেই গাঁথনিত থকা তলা আঁতৰোৱাৰ নির্দেশ দিয়ে৷ ১৯৯২ চনৰ ৬ ডিচেম্বৰত উক্ত স্থানত এক ঐতিহাসিক ঘটনা সংঘটিত হয়৷ বিশ্ব হিন্দু পৰিষদ আৰু শিৱসেনাই বিবাদিত গাঁথনি লণ্ডভণ্ড কৰে৷ এই ঘটনাটোৱে দেশজুৰি সাম্প্রদায়িক সংঘর্ষৰ সৃষ্টি কৰে আৰু কেইবাসহস্র লোক নিহত হয়৷ ২০১০ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ে বিবাদিত ভূমি ছুন্নী ৱাক্ফ ব’ৰ্ড, ৰামলালা বিৰাজমান আৰু নির্মোহী আখৰাৰ মাজত তিনি ভাগ কৰিবলৈ দিয়ে৷ ২০১১ চনত উচ্চতম ন্যায়ালয়ে অযোধ্যা বিবাদক লৈ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়ক স্থগিত ৰাখে৷ বিভিন্ন বাদ–বিবাদ অতিক্রম কৰি অযোধ্যা বিবদমান গোচৰক লৈ উচ্চতম ন্যায়ালয়ে শুনানি গ্রহণ কৰি ২০১৯ চনৰ ৯ মার্চত ঐতিহাসিক ৰায়যোগে বিবাদিত ভূমিৰ ২.৭৭ একৰ ৰাম মন্দিৰক দিয়ে আৰু ইয়াৰ পিছতে ৰাম মন্দিৰ নির্মাণ প্রক্রিয়া আৰম্ভ হৈ অহা ২২ জানুৱাৰীত এই মন্দিৰ আনুষ্ঠানিকভাৱে মুকলি হ’ব৷