ভোটবেংক ৰাজনীতি
ভোটবেংক ৰাজনীতিৰ দিন উকলিল৷ এতিয়া মাথোঁ এটা সম্প্রদায়ক তোষামোদ কৰি থাকিলে ক্ষমতা দখলৰ জোখাৰে শক্তি আহৰণ কৰিব নোৱাৰে কোনো ৰাজনৈতিক দলে৷ এই বাস্তৱ সত্য কংগ্রেছৰ দৰে শতিকাপুৰণি দলটোৰ শীর্ষ নেতৃত্বই উপলব্ধি কৰা নাই৷ লোকসভা আৰু বিধানসভা নির্বাচনত ধাৰাবাহিকভাৱে পৰাজয়ৰ সন্মুখীন হ’লেও দলটোৰ চহৰে–নগৰে আৰু গাঁৱে–ভূঞে বহুসংখ্যক নিষ্ঠাৱান কর্মী আছে৷ দেশে স্বাধীনতা লাভ কৰাৰ পিছত বিভিন্ন সময়ত দুর্যোগৰ সন্মুখীন হৈছে কংগ্রেছ দল৷ বিশেষকৈ নেতৃত্বকেন্দ্রিক বিবাদৰ বাবেই দলটোৰ কেইবাবাৰো বিভাজন হৈছে, দলটোৰ বহুসংখ্যক নেতাই আঁতৰি গৈ নিজস্ব দল গঠন কৰিছে৷ দেশৰ ৰাজনৈতিক ইতিহাস বিশ্লেষণ কৰিলেই এই কথা স্পষ্ট হয় যে কংগ্রেছে ভোটবেংকৰ ৰাজনীতিৰ জৰিয়তে ক্ষমতা দখলৰ জোখাৰে শক্তি আহৰণৰ ৰাজনীতিক অগ্রাধিকাৰ দি আহিছে৷ অসমতো বাংলাদেশী মূলৰ মুছলমান আৰু আদিবাসী তথা চাহ জনগোষ্ঠীৰ লোকসকলক ভোটবেংক ৰূপে ব্যৱহাৰ কৰি দীর্ঘকাল ক্ষমতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছিল৷ ২০১৪ৰ লোকসভা নির্বাচনত দেশজুৰি বলা পৰিৱর্তনৰ ধুমুহাই কংগ্রেছক বিধ্বস্ত কৰি প্রধানমন্ত্রীৰ আসনত নৰেন্দ্র মোদী অধিষ্ঠিত হোৱাৰ পিছতেই দেশৰ ৰাজনীতিত বিশেষ পৰিৱর্তন দেখা গৈছে৷ বিগত ডেৰ দশকত আদিবাসী তথা চাহ জনগোষ্ঠীৰ পৰম্পৰাগত কংগ্রেছৰ ভোটবেংকত ব্যাপক খহনীয়া আৰম্ভ হৈছে৷ চাহ জনগোষ্ঠীৰ অধিকাংশ নেতাই বিজেপিত যোগদান কৰাৰ ফলত জনগোষ্ঠীটোৰ ৰাজনৈতিক সমর্থনৰ বিশেষ পৰিৱর্তন হৈছে৷ এতিয়া চাহ জনগোষ্ঠীৰ সমর্থনত ৰাজ্যখনৰ কোনো সমষ্টিতেই কংগ্রেছে জয়লাভ কৰাৰ ক্ষমতা নাই৷ দেশৰ স্বাধীনতাৰ পিছত অধিকাংশ সময় বাংলাদেশী মূলৰ লোকসকলে কংগ্রেছক সমর্থন কৰিলেও বিগত দুটা দশকত তেওঁলোকে বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফক মুকলি সমর্থন কৰি সুকীয়া ধর্মীয় ৰাজনীতিৰ পাতনি মেলিছিল৷ বিজেপিৰ উত্থানৰ সময়তে ৰাজ্যৰ ধর্মীয় সংখ্যালঘু ৰাজনীতিত এআইইউডিএফৰ উত্থানো আছিল লক্ষণীয়৷ মাথোঁ ধর্মীয় ৰাজনীতিৰ জৰিয়তে ক্ষমতা দখলৰ সপোন আৰু সুৰক্ষা যে নিশ্চিত কৰিব নোৱাৰি সেয়া বিগত পাঁচ বছৰমানৰ পৰা বংগীয় মূলৰ মুছলমানসকলে ভালদৰে উপলব্ধি কৰিছে৷ সম্প্রতি বাংলাদেশী মূলৰ লোকসকলৰ অধিকাংশই এআইইউডিএফৰ সংগ ত্যাগ কৰি কংগ্রেছৰ পক্ষত অৱস্থান কৰিছে৷ ইয়াৰ লগে লগে পূর্বৰ ভোটবেংক ঘূৰাই পোৱাৰ আনন্দত কংগ্রেছৰ নেতৃত্বই ওভতগোৰে নাচিছে৷ মাথোঁ বাংলাদেশী মূলৰ মুছলমানৰ ভোটবেংকৰ সমর্থন লাভ কৰিলেই কংগ্রেছে কোনো কাৰণতে ক্ষমতা দখলৰ জোখাৰে শক্তি আহৰণ কৰিব নোৱাৰে৷ মুছলমান অধ্যুষিত ২০–২৫টা বিধানসভা সমষ্টিতে দলটোৰ মূল যুঁজখন সীমাবদ্ধ হৈ থকাৰ সম্ভাৱনা আছে৷
ভোটবেংকৰ ৰাজনীতিক কংগ্রেছে যিমানেই অগ্রাধিকাৰ দিছে সিমানেই ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকল আঁতৰি গৈছে শতিকাপুৰণি দলটোৰ পৰা৷ খিলঞ্জীয়া লোকসকলৰ আৱেগ আৰু জাতীয়তাবাদক আওকাণ কৰি কোনো ৰাজনৈতিক দল অথবা মর্চাই ক্ষমতা দখল কৰিব নোৱাৰে৷ ২০১৬ৰ বিধানসভা নির্বাচনত বিজেপিয়ে চমকপ্রদ সাফল্য লাভ কৰাৰ মূলতেই আছিল আঞ্চলিক আৰু জাতীয়তাবাদী ৰাজনীতিক অগ্রাধিকাৰ প্রদান কৰা অসম গণ পৰিষদ আৰু বিপিএফৰ স’তে নির্বাচনী মিত্রতা৷ ২০১১ৰ বিধানসভা নির্বাচনত বিজেপিয়ে মাথোঁ ৫খন আসন লাভ কৰিছিল৷ কিন্তু অসম গণ পৰিষদ আৰু বিপিএফৰ স’তে নির্বাচনী মিত্রতা কৰি ২০১৬ৰ বিধানসভা নির্বাচনত বিজেপিয়ে ৬০খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল৷ বিটিআৰৰ বড়ো ৰাজনীতিত পট পৰিৱর্তনৰ লগে লগে প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলৰ স’তে বিজেপিয়ে জাতীয়তাবাদী ৰাজনীতিক নতুন মাত্রা প্রদান কৰিছে৷ অতুল বৰা নেতৃত্বাধীন অসম গণ পৰিষদেও ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহৰ সমর্থন লাভ কৰিবলৈ সক্ষম হৈছে৷ ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহৰ মাজত কংগ্রেছৰ সাংগঠনিক ভেটিত ধাৰাবাহিক খহনীয়া চলি আছে৷ এনে অৱস্থাত বাংলাদেশী মুছলমানপ্রীতিৰ ৰাজনীতিয়ে কংগ্রেছৰ ভেটি দুর্বল কৰি তুলিছে৷ বিজেপি নেতৃত্বাধীন শক্তিশালী মর্চাক প্রত্যাহ্বান জনোৱাৰ বাবে কংগ্রেছেবিৰোধী ৰাজনৈতিক দলসমূহক ঐক্যবদ্ধ কৰাৰো কোনো পদক্ষেপ গ্রহণ কৰা নাই৷ বিগত চাৰি বছৰৰ ভিতৰত বিজেপি বিধায়কৰ সংখ্যা ৬৪গৰাকীলৈ বৃদ্ধি হৈছে৷ ইচ্ছা কৰিলে বিজেপিয়ে অকলে চৰকাৰ গঠন কৰিব পাৰে৷ কিন্তু চৰকাৰ গঠনৰ একক ক্ষমতা থাকিলেও মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসম গণ পৰিষদ আৰু ইউপিপিএলক বিশেষ মর্যাদা প্রদান কৰিছে৷ কিন্তু দুর্বল সাংগঠনিক ভেটি প্রতিটো নির্বাচনতে প্রতিফলন হৈ পৰাজয়ৰ গ্লানি বাৰে বাৰে লৈও কংগ্রেছে বিৰোধী দলসমূহক ঐক্যবদ্ধ কৰাৰ কোনো পদক্ষেপ লোৱা নাই৷ এতিয়া বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফ, ৰাইজৰ দল, চিপিএম, চিপিআই, চিপিআই (এমএল) আদি দল কংগ্রেছৰ পৰা আঁতৰি আছে৷ চলিত পঞ্চায়ত নির্বাচনত বিৰোধী দলকেইটাই নিজস্ব প্রার্থী যুঁজত নমাইছে৷ বিগত লোকসভা নির্বাচনত যোৰহাট সমষ্টিত কংগ্রেছ প্রার্থী গৌৰৱ গগৈক মুকলিকৈ সমর্থন দিয়া ৰাইজৰ দলৰ নেতা অখিল গগৈও শেহতীয়াকৈ সৰৱ হৈছে কংগ্রেছৰ বিৰুদ্ধে৷ লুৰিণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদৰ বাহিৰে কোনো এটা ৰাজনৈতিক দলে কংগ্রেছক সমর্থন কৰা নাই৷ এনে পৰিস্থিতিত বহুধাবিভক্ত বিৰোধী শিবিৰৰ বাবেই বিজেপি নেতৃত্বাধীন মিত্রজোঁটে অধিক সাফল্য লাভ কৰাৰ পথ প্রশস্ত হৈছে৷