নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বতাহ আৰু বিৰোধী

ৰাজস্থান, মধ্যপ্রদেশকে ধৰি দেশৰ পাঁচখন ৰাজ্যৰ বিধানসভাৰ নির্বাচনৰ সময়সূচী ঘোষিত হৈছে৷ ইয়াক দেশৰ পৰৱর্তী সাধাৰণ নির্বাচনৰ ছেমি ফাইনেল বুলি কোৱা হৈছে৷ অর্থাৎ ৰাজ্যকেইখনৰ নির্বাচনী ফলাফলৰ ওপৰতে নির্ভৰ কৰিব ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নির্বাচনত কোটো অথবা মর্চাৰ ভাগ্যত মিলিব দেশৰ শাসন ক্ষমতা৷ ইতিমধ্যে এটা কথা নিশ্চিত হৈছে যে বিজেপি নেতৃত্বাধীন এনডিএ আৰু বিৰোধী ঐক্য মর্চা ‘ইণ্ডিয়া’ৰ মাজত মূল যুঁজখন সীমাবদ্ধ থাকিব৷নির্বাচন ঘোষিত ৰাজ্য পাঁচখনতো দুয়োটা মিত্রজোঁটৰ যুঁজখন লক্ষণীয় হ’ব৷ অৱশ্যে লোকসভা আাৰু বিধানসভা নির্বাচনক একেখন তুলাচনীৰে জুখিব নোৱাৰি৷ বিধানসভা নির্বাচনত জনসাধাৰণে যিবোৰ আশা–আকাংক্ষা বুকুত বান্ধি ভোটকেন্দ্রলৈ যায়, তাৰ সৈতে লোকসভা নির্বাচনৰ আশা–আকাংক্ষা একে নাথাকে বা থকাৰ সম্ভাৱনা কম থাকে৷ শেহতীয়াকৈ অনুষ্ঠিত দিল্লী বিধানসভাৰ কেইবাটাও নির্বাচনে ইয়াৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে৷ বিধানসভা নির্বাচনত দিল্লীৰ ভোটাৰে আপৰ বাহিৰে আন কোনো দলক গ্রহণ কৰিবলৈ অনিচ্ছুকতা প্রদর্শন কৰাৰ বিপৰীতে লোকসভাত মাথোঁ বিজেপিকহে পছন্দ কৰা দেখা গৈছে৷ ৰাজস্থানত ২০১৮ চনত অনুষ্ঠিত বিধানসভা আৰু ২০১৯ চনত লোকসভা নির্বাচনতো অনুৰূপ ফলাফল পৰিলক্ষিত হৈছিল৷ বিধানসভা নির্বাচনত কংগ্রেছ আৰু লোকসভা নির্বাচনত বিজেপিয়ে সফল দল হিচাপে আত্মপ্রকাশ কৰিছিল৷ লোকসভা আৰু বিধানসভা নির্বাচনত পৰিলক্ষিত এই পার্থক্যত নেতৃত্বৰ যাদুকৰী শক্তি নিহিত হৈ আছে বুলি চর্চিত হৈ আছে৷ বিজেপি তথা এনডিএ বিগত দুটা লোকসভা নির্বাচনত বিৰোধীক একপ্রকাৰ ধূলিসাৎ কৰাৰ অন্যতম কাৰণ আছিল নৰেন্দ্র মোদীৰ ভাবমূর্তি৷ বিজেপি আৰু এনডিএৰ বাবে নৰেন্দ্র মোদীৰ ভাবমূর্তি নির্বাচনী সাফল্যৰ প্রতীক হৈ পৰিছিল৷ ইয়াৰ অর্থ এইটোও নহয় যে নিজৰ শাসনকালত বিজেপি নেতৃত্বাধীন চৰকাৰখনে জনসাধাৰণৰ বাবে একো কৰা নাই৷ দেশবাসীৰ সন্মুখত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ইতিবাচক ভাবমূর্তি এটা গঢ় লৈ উঠাৰ কাৰণো চৰকাৰখনৰ কাম–কাজ আৰু তেওঁৰ নেতৃত্ব৷ তদুপৰি বিজেপিত নৰেন্দ্র মোদীৰ উপৰি বিজেপিৰে জনপ্রিয় নেতাৰ এটা বিশাল বাহিনী আছে৷ উত্তৰ প্রদেশৰ যোগী আদিত্য নাথ, অসমৰ ড০ হিমন্ত বিশ্ব শর্মা, মহাৰাষ্ট্রৰ দেৱেন্দ্র ফাড়নাৱিজৰ দৰে নেতাই দলটোক বিশেষ ধৰণে শক্তি প্রদান কৰিছে৷ তেওঁলোক নিজ নিজ ৰাজ্যৰে নহয়, দেশৰে একো একোগৰাকী প্রভাৱশালী নেতা তথা ভাৰতবর্ষৰ ভাবীকালৰ নেতা৷ অকল সেয়াই নহয়, বিজেপিত অমিত শ্বাহৰ দৰে শক্তিশালী নেতা আছে৷ আছে নীতিন গাডকাৰিৰ দৰে কর্মযোগী নেতা৷ বিজেপিত কংগ্রেছৰ মূল শক্তি ৰাহুল গান্ধীক নিজ দুর্গতে হৰুৱাব পৰা স্মৃতি ইৰাণীৰ দৰে নেত্রী আছে৷ ইয়ে অন্যান্য ৰাজনৈতিক দলৰে বিজেপিক পৃথক কৰি ৰাখিছে৷
নেতৃত্বৰ চমক, শাসনকালত জনসাধাৰণৰ কল্যাণৰ অর্থে কৰা কামৰ বাহিৰে অসমত বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ বাবে সাফল্যৰ আন এটা মাপকাঠী নির্ণয় কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ তেওঁ ইয়াক বতাহৰ সৈতে তুলনা কৰিছে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ ই এনে এটা শক্তিশালী বতাহ যে ইয়াৰ প্রভাৱত বিজেপি, অগপ, ইউপিপিএলৰ বাহিৰে সকলো উৰি যাব৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ইংগিতক অনুসৰণ কৰিলে বতাহজাকক বতাহ নকৈ ধুমুহা বুলিহে কোৱা উচিত৷ মুখ্যমন্ত্রী ড০ শর্মাই ১১ অক্টোবৰত কোকৰাঝাৰত অৰুণোদয়–২.০ মুকলি কৰি সভা এখনত দিয়া ভাষণত বতাহজাকৰ কথা উল্লেখ কৰে৷ সভাখনত তেওঁ অৰুণোদয়, নিযুক্তি, মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাই আদিক বতাহ বুলি অভিহিত কৰে৷ সন্দেহ নাই, বতাহৰ কথা ক’লে বতাহৰ শক্তিৰ কথাও আহিব৷ বতাহৰ কামেই হৈছে উৰুৱাই নিয়া৷ সেই বতাহজাকে বিৰোধীক লোকসভা নির্বাচনত উৰুৱাই লৈ যাব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নিশ্চিত৷ সেয়ে কোকৰাঝাৰৰ সভাখনত তেওঁৰ দ্বিধাহীন দাবী– বিজেপি, অগপ, ইউপিপিএলৰ বাহিৰে বতাহজাকে সকলোকে উৰুৱাই লৈ যাব৷ বিৰোধী বুলি একো নাথাকিব৷ বতাহজাকত কি আছে? অৰুণোদয় আঁচনিত প্রায় ২৬ লাখ হিতাধিকাৰী আছে৷ তেওঁলোকে নৱেম্বৰৰ পৰা প্রতিমাহে ১,২৫০ টকাকৈ লাভ কৰিব৷ ২০২০ চনত আৰম্ভ হোৱা আঁচনিখনৰ অধীনত সুবিধা লাভ কৰা হিতাধিকাৰী আৰু ধনৰ পৰিমাণ সময়ৰ গতিত বৃদ্ধি পাই গৈছে৷ আজিৰ তাৰিখত অৰুণোদয় আঁচনিখন অসমত বিজেপিৰ প্রধান শক্তি বুলি ক’ব পাৰি৷ ইয়াৰ সৈতে সংযোজিত হৈছে নিযুক্তিৰ বিষয়টো৷ নির্বাচনী প্রতিশ্রুতি অনুসৰি চৰকাৰখন এক লাখক নিযুক্তি দিয়াৰ দিশে অগ্রসৰ হৈছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বতাহজাকত কিন্তু এক লাখক নিযুক্তিৰ কথাটো উল্লেখ কৰা নাই৷ সেইটোক এটা ডাঙৰ কৃতিত্ব হিচাপে সদায়েই গণ্য কৰা হ’ব বা কৃতিত্ব হিচাপে বিজেপিয়ে গণ্য কৰিব৷ তেওঁ শেহতীয়াকৈ বিজ্ঞাপন প্রকাশ হোৱা ২২ হাজাৰৰ নিযুক্তিৰ কথা কৈছে৷ মুখ্যমন্ত্রী ড০ শর্মাই শিক্ষার্থীক স্কুটী বিতৰণৰ কথা কৈছে৷ তেওঁ মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাই আঁচনিখনক বতাহৰ সৈতে তুলনা কৰিছে৷ দুই লাখ যুৱক–যুৱতীক দুই লাখ টকাকৈ ঋণ, ৪০ লাখ আত্মসহায়ক গোটৰ সদস্যক ১০ হাজাৰ টকাকৈ প্রদানক বতাহ অর্থাৎ ধুমুহাজাকৰ সৈতে তুলনা কৰিছে৷ হিতাধিকাৰীৰ এই সংখ্যাটো যিকোনো ৰাজনৈতিক দলৰ বাবে স্বপ্নহে৷ বিজেপিয়ে কার্যতঃ ইয়াক বাস্তৱ কৰিবলৈ লোৱাত মুখ্যমন্ত্রী ড০ শর্মাৰ কণ্ঠত প্রবল আত্মবিশ্বাসৰ সুৰ প্রতিধ্বনিত হোৱাটো স্বাভাৱিক৷ কিন্তু বিৰোধীৰ হাতত ইয়াৰ উত্তৰ থাকিবনে? নে মুখ্যমন্ত্রীগৰাকীয়ে দাবী কৰা মতে, বিৰোধীয়ে বিজেপি মিত্রজোঁটক ৱাক অভাৰ দিব লাগিব? আহি থকা দিনবোৰত ই স্পষ্ট হৈ পৰিব৷ কিন্তু এটা কথা স্পষ্ট যে বিজেপিৰ কৌশলী ৰাজনীতিয়ে বিৰোধীক শ’লঠেকত পেলাব৷

You might also like