নাৰী আৰু চাইবাৰ অপৰাধ
চাইবাৰ অপৰাধৰ নানা ঘটনাই শেহতীয়াকৈ ভয়াৱহ ৰূপ লৈছে৷ বিশেষকৈ ছ’চিয়েল মিডিয়া প্লেটফর্মে সমগ্র বিশ্বৰ মহিলাসকলক মর্ফিং, ভুৱা প্রফাইলিং, চাইবাৰ বুলিঙকে ধৰি প্রযুক্তিগত অপৰাধৰ দ্বাৰা অধিক ক্ষতিগ্রস্ত কৰি তুলিছে৷ যদিও আই পি চি আৰু তথ্য–প্রযুক্তি আইন দুয়োটাই কিছু পৰিমাণে এই অপৰাধসমূহ ৰোধ কৰাৰ চেষ্টা কৰিছে, এই আইনসমূহৰ ফলপ্রসূতা এতিয়াও বিতর্কৰ বিষয়৷ প্রশাসন আৰু আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্রহণ কৰাৰ পাছতো এই অপৰাধসমূহ বৃদ্ধি পায়েই আছে৷ অপৰাধীয়ে ছ’চিয়েল মিডিয়াক পছন্দ কৰে, যিহেতু ই তেওঁলোকৰ পৰিচয় লুকুৱাই ৰাখে৷ নাৰীৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ চাইবাৰ অপৰাধ সংঘটিত হৈছে৷ চাইবাৰ ষ্ট’কিং নাৰীৰ বিৰুদ্ধে হোৱা অন্যতম প্রচলিত চাইবাৰ অপৰাধ৷ ষ্ট’কিং হৈছে কাৰোবাৰ গোপনীয়তাত আক্রমণ, যাৰ উদ্দেশ্যে ভুক্তভোগীক আতংকিত কৰা, হাৰাশাস্তি কৰা, অত্যাচাৰ কৰা বা ভয় খুওৱা ৷ ভুক্তভোগীৰ অজ্ঞাতে বা অনুমতি অবিহনে অপৰাধীয়ে যোগাযোগ কৰে আৰু সম্পর্ক স্থাপনৰ চেষ্টা কৰে৷ যেতিয়া এনে কার্য ইচ্ছাকৃতভাৱে ইণ্টাৰনেট, ই–মেইল বা আন যিকোনো ধৰণৰ ইলেক্ট্রনিক যোগাযোগৰ জৰিয়তে কৰা হয়৷ আনহাতে, চাইবাৰ পর্ণগ্রাফী আন এক অপৰাধ, যি এগৰাকী নাৰীক মানসিকভাৱে ধ্বংস কৰি পেলাব পাৰে৷ শেহতীয়াকৈ মর্ফিং নাৰীসকলৰ বিৰুদ্ধে সঘনে হোৱা অপৰাধ হিচাপে পৰিগণিত হৈছে৷ ভুৱা বা অকর্তৃত্বশীল ব্যৱহাৰকাৰীয়ে ভুৱা প্রফাইল তৈয়াৰ কৰি প্রকৃত ছবিখন সলনি বা পৰিৱর্তন কৰা, ইণ্টাৰনেটৰ পৰা ভুক্তভোগীৰ ফটো ডাউনলোড কৰা, ভুক্তভোগীৰ মূল পৰিচয়ৰ সৈতে আপোচ কৰা ধৰণে সম্পাদনা কৰা আৰু ছ’চিয়েল নেটৱর্কিং ছাইটত পোষ্ট কৰা বা আন যিকোনো পদ্ধতি প্রয়োগ কৰে, যিয়ে ভুক্তভোগীৰ সুনামত ক্ষতি কৰিব পাৰে৷
এতিয়া ই ইমানেই প্রচলিত যে যিকোনো ব্যক্তিয়ে ইয়াক আমোদৰ বাবে বা প্রতিশোধৰ বাবে ব্যৱহাৰ কৰিব পাৰে, যাৰ ফলত নাৰী এগৰাকী ভয়ংকৰ বিপদত পৰিব পাৰে৷ ইয়াৰ লগত সহজে উপলব্ধ স্বয়ংক্রিয় ছফ্টৱেৰ ব্যৱহাৰ কৰি ভুক্তভোগীৰ ফটোখন নগ্ণ বা স্বল্পবস্ত্র পৰিহিত আন নাৰীৰ ফটোৰ সৈতে যোগ কৰা হয়, যাতে ভুক্তভোগীৰ সুনাম সহজে ক্ষতিগ্রস্ত হয়৷ অশ্লীল, মানহানিকাৰক, বিৰক্তিকৰ বার্তা প্রেৰণ কৰা অথবা কোনো নাৰীৰ ব্যক্তিগত ফটো প্রচাৰ কৰা বা পর্ণগ্রাফিক বিষয়বস্তু থকা ৱেবছাইটত তেওঁৰ ফটো আৰু যোগাযোগৰ তথ্য প্রদর্শন কৰা আদি কার্যও অন্তর্ভুক্ত৷ ইয়াৰ দ্বাৰা নাৰীসকলৰ গোপনীয়তাৰ অধিকাৰত হস্তক্ষেপ কৰা হয়৷ অনলাইন ড্রলিং, ব্লেকমেইলিং, ভাবুকি আৰু ভয় দেখুৱাই অনলাইন হাৰাশাস্তি, চাইবাৰ গুণ্ডাগিৰি, ব্লেকমেইল, ভাবুকি, ভয় দেখুওৱা আদি এই সকলোবোৰেই মহিলাৰ বিৰুদ্ধে অনলাইনত সংঘটিত অপৰাধৰ তালিকাত আছে৷ এনে পৰিস্থিতিত ইণ্টাৰনেটে আশীর্বাদতকৈ অভিশাপৰ দৰে আচৰণ কৰে৷ কেৱল আইন প্রণয়ন কৰি এইবোৰ সমস্যা সমাধান কৰিব নোৱাৰি৷ দ্রুতগতিৰে ঘটা একাংশৰ নৈতিকতাৰ পতনো এই সমস্যাৰ অন্যতম কাৰণ৷ যেতিয়া চাইবাৰ অপৰাধ সংঘটিত হয়, তেতিয়া ইয়াৰ নেতিবাচক প্রভাৱ কেৱল ভুক্তভোগীৰ ওপৰতে নহয়, ভুক্তভোগীৰ চৌপাশতো পৰে৷ গৱেষণাত দেখা গৈছে যে ভুক্তভোগী মহিলাসকলে কর্তৃপক্ষৰ পৰা প্রয়োজনীয় সহায় খুব কমহে লাভ কৰে৷ অনলাইনত নাৰীসকলৰ অধিকাৰ খর্ব হ’লে নাৰীসকলক মাত মাতিবলৈ তীব্রভাৱে উৎসাহিত কৰাটো প্রয়োজন৷ তদুপৰি অভিযোগকাৰীৰ গোপনীয়তা সুৰক্ষিত নোহোৱাৰ বাবেও বহু সময়ত বহু নাৰীয়ে অভিযোগ দিয়াৰ পৰা বিৰত থাকে৷ নাৰীসকলৰ নিৰাপত্তাহীনতা, চাকৰি হেৰুওৱা বা অন্যান্য নেতিবাচক পৰিণতিৰ ভয় নোহোৱাকৈ নির্যাতনৰ বিষয়ে মাত মাতিবলৈ সমাজে এক নিৰাপদ পৰিৱেশৰ সৃষ্টি কৰিব লাগিব ৷