নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘বৰনদী ভটিয়ায়’লৈ শৈলধৰ বৰুৱা শ্রেষ্ঠ চলচ্চিত্র বঁটা

আমিষলৈ তিনিটা শিতানত শ্রেষ্ঠত্বৰ সন্মান

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ স্বর্ণকমল বঁটাপ্রাপক প্রযোজক প্রয়াত শৈলধৰ বৰুৱা স্মৃতি ৰক্ষা ন্যাসৰ উদ্যোগত আয়োজিত চতুর্থ শৈলধৰ বৰুৱা চলচ্চিত্র বঁটা বৃহস্পতিবাৰে ঘোষণা কৰা হয়৷

অসম তথা উত্তৰ–পূর্বাঞ্চলৰ ১৫খন চলচ্চিত্রৰ মাজৰ পৰা বিচাৰকমণ্ডলীয়ে প্রযোজক–পৰিচালক অনুপম কৌশিক বৰাৰ বৰনদী ভটিয়ায় ছবিখনলৈ শ্রেষ্ঠ চলচ্চিত্রৰ সন্মান প্রদান কৰে৷ তিনিটাকৈ শিতানত শ্রেষ্ঠ সন্মান লাভ কৰে সদ্য মুক্তিপ্রাপ্ত তথা আন্তঃৰাষ্ট্রীয় পর্যায়ত সন্মান বুটলিবলৈ সক্ষম হোৱা ‘আমিষ’ ছবিখনে৷

আমিষে শ্রেষ্ঠ অভিনেত্রী লীমা দাস, শ্রেষ্ঠ সংগীত পৰিচালক কুৱান বে’ আৰু গৌতম নায়াৰে শ্রেষ্ঠ শব্দগ্রহণকাৰীৰ সন্মান লাভ কৰে৷

শ্রেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰে ‘কানিন’ ছবিখনৰ বাবে মঞ্জুল বৰুৱাই, শ্রেষ্ঠ চিত্র নাট্যকাৰৰ সন্মান লাভ কৰে বড়ো ভাষাৰ ‘জলবি দ্য চিদ’ ছবিখনৰ বাবে ৰজনী বসুমতাৰীয়ে, শ্রেষ্ঠ দৃশ্যগ্রহণকাৰীৰ সন্মান লাভ কৰে মণিপুৰী ভাষাৰ ‘লামন আমা’ ছবিখনৰ বাবে অর্জুন নিং থেমচাই৷

শ্রেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে অৰুণ হাজৰিকাই৷ শ্রেষ্ঠ সম্পাদকৰ সন্মান লাভ কৰে হেমন্তী সৰকাৰে৷ শ্রেষ্ঠ কলা নির্দেশকৰ সন্মান লাভ কৰে সনদ আৰিবামে৷

বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ‘পখিলাৰ পাখি’ৰ অভিনেত্রী পাপৰি শইকীয়া আৰু ‘শৈশৱতে ধেমালিতে’ ছবিৰ শিশু শিল্পী মহার্ণৱ মহন্ত, ঋষিৰাজ বৰুৱা আৰু জীয়া বৰুৱাই৷

গুৱাহাটী প্রেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত শৈলধৰ বৰুৱা স্মৃতি ন্যাসৰ সভাপতি মৃণ্ময় বৰুৱা আৰু সম্পাদক ৰঞ্জিত দাসে আনুষ্ঠানিকভাৱে চতুর্থ শৈলধৰ বৰুৱা চলচ্চিত্র বঁটা ঘোষণা কৰে৷

ইপিনে ১০ জানুৱাৰীত গুৱাহাটীৰ জিলা পুথিভঁৰালত অনুষ্ঠিত হ’ব লগা এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে বিজয়ীসকলক বঁটা প্রদান কৰা হ’ব৷ উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব চলচ্চিত্র নির্মাতা চাজি এন কিৰণ আৰু প্রযোজক, নাট্যকাৰ, পৰিচালক দুলাল ৰয়৷ উক্ত অনুষ্ঠানতে বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা আৰু অভিনেত্রী বিদ্যা ৰাও নায়াৰক সম্বর্ধনা জনোৱা হ’ব৷

You might also like