নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৱাশ্বিং পাউডাৰৰ বিজ্ঞাপনক লৈ কিয় অক্ষয় কুমাৰৰ বিৰুদ্ধে ৰুজু হ’ল গোচৰ ?

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ বলীউডৰ জনপ্রিয় অভিনেতা অক্ষয় কুমাৰে কৰা ৱাশ্বিং পাউডাৰৰ এটা বিজ্ঞাপনক কেন্দ্র কৰি মহাৰাষ্ট্রত বিতর্কৰ সৃষ্টি হৈছে৷

মাৰাঠা যোদ্ধাৰ প্রতি এয়া অপমান বুলি ক্ষুব্ধ হৈ এটা মাৰাঠা সংগঠনে অক্ষয় কুমাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ তৰিবলৈ আহ্বান জনাই মহাৰাষ্ট্রৰ নান্দেডৰ জিলা আৰু আৰক্ষী কর্তৃপক্ষলৈ পত্র প্রেৰণ কৰে৷

মহাৰাষ্ট্রৰ চম্ভাজি ব্রিগেড নামৰ মাৰাঠা সংগঠনটোৱে ‘পেডমেন’ খ্যাত অভিনেতাজনৰ বিৰুদ্ধে গোচৰ তৰিবলৈ নান্দেড ডিষ্ট্রিক্ট কলেক্টৰ আৰু ভাজিৰাবাদ আৰক্ষীৰ ওচৰত অভিযোগ পত্র দাখিল কৰে৷

উল্লেখ্য যে বিজ্ঞাপনটোত অক্ষয় কুমাৰক দেখা যায় এজন মাৰাঠা ৰজাৰ ৰূপত৷ তেওঁ সেনাৰ সৈতে যুদ্ধ জয় কৰি উভতি আহে৷ কিন্তু নিজৰ লেতেৰা পোছাকলৈ লক্ষ্য কৰি শত্রুৰ দৰে পোছাকো ধুবলৈ লয় বিজ্ঞাপনৰ চৰিত্রটোৱে৷

এই বিজ্ঞাপনে মাৰাঠা জাতিৰ অনুভূতি আৰু বীৰ সেনাৰ ত্যাগত চেকা লগোৱা বুলি অভিযোগ কৰে সংগঠনটোৱে৷ ইতিমধ্যে অক্ষয় কুমাৰৰ বিৰুদ্ধে এটা গোচৰ ৰুজু হৈছে৷

You might also like