১৮বাৰকৈ গ্রেমী বঁটা লাভ কৰি ইতিহাস ৰচনা কৰিলে পপ তাৰকা বিয়ন্সে
নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ ঘাতক ক’ভিড–১৯ মহামাৰীৰ পৰিপ্রেক্ষিতত এপষেক বিলম্বকৈ ঘোষণা কৰা হ’ল ৬৩সংখ্যক গ্রেমী বঁটা৷ বিশ্বৰ সংগীতৰ অস্কাৰখ্যাত গ্রেমী বঁটা যোৱানিশা আমেৰিকা যুক্তৰাষ্ট্রৰ লছ এঞ্জেলছৰ ষ্টেপুলছ চেণ্টাৰৰ চৌহদত সামাজিক দূৰত্ব বজাই ঘোষণা কৰা হয়৷ কৌতুক অভিনেতা তথা টিভি চেলিব্রিটী ষ্টেভৰ নোৱাই আঁত ধৰা অনুষ্ঠানত ৬৩সংখ্যক গ্রেমী বঁটাত উজলি উঠিল মহিলা সংগীত শিল্পী৷ ইতিহাস সৃষ্টি কৰি এইবেলি মহিলা সংগীত শিল্পীয়ে সর্বাধিকসংখ্যক গ্রেমী বঁটা লাভ কৰে৷ প্রসিদ্ধ সংগীত শিল্পী বিয়নছে গ্রেমী বঁটা ইতিহাসত ২৮টা বঁটা লাভ কৰি অভিলেখ গঢ়াৰ বিপৰীতে তিনি বছৰ বর্ষশ্রেষ্ঠ এলবাম বঁটা লাভ কৰা প্রথম মহিলা হিচাপে স্বীকৃতি লাভ কৰে টেইলৰ ছুইফটে৷ বিয়নছে ‘ব্লেক পেৰেড’ৰ বাবে শ্রেষ্ঠ আৰ এন আৰ পাৰফের্মছ বঁটা লাভ কৰাৰ বিপৰীতে টেইলৰ ছুইফটে ‘ফ’কল’ৰ বাবে এলবাম অৱ দ্য ইয়েৰ অর্থাৎ বর্ষশ্রেষ্ঠ এলবামৰ সন্মান লাভ কৰে৷
ইপিনে ব্লেক লাইফছ মেটাৰৰ শীর্ষক ‘আই কে নট ব্রেথ’ৰ কাৰণে এইচ ই আৰ এ লাভ কৰে ছং অৱ দ্য ইয়েৰ অর্থাৎ বর্ষশ্রেষ্ঠ গীতৰ গ্রেমী বঁটা৷ ৰেকর্ড অৱ দ্য ইয়েৰৰ গ্রেমী বঁটা এভৰিথিং আই ৱাণ্টেডৰ বাবে লাভ কৰে বিলি ইলিছে৷ তেনেদৰে শ্রেষ্ঠ নৱাগত শিল্পী তথা বেষ্ট নিউ আর্টিছৰ গ্রেমী বঁটা লাভ কৰে মেগন ডি ষ্টেলনে৷ উল্লেখ্য যে মেগন ডি ষ্টেলনে বিনয়ছৰ সৈতে ছেভেজৰ ৰিমিক্সৰ কাৰণে বেষ্ট ৰেপ পাৰফর্মেছৰ বঁটাও লাভ কৰে৷ ৮৪টা শিতানত আগবঢ়োৱা গ্রেমী বঁটাৰ ভিতৰত আন বঁটাকেইটা হৈছে বেষ্ট পপ ভোকেল এলবাম ‘ফিউচাৰ নষ্টালজিয়া’ৰ বাবে ডুৱা লিপা, বেষ্ট পপ চ’লো পাৰফর্মেন্স ‘ৱাটাৰমেলন ছুগাৰ’ৰ বাবে হেৰি ষ্টাইলছ, বেষ্ট কাউণ্টী এলবাম ‘ৱাইল্ড কার্ড’ৰ বাবে মিৰাণ্ডা লেম্বার্ড, বেষ্ট ৰক এলবাম ‘দ্য নিউ এবনর্মেল’ৰ কাৰণে দ্য ষ্ট’কছ, বেষ্ট ৰেপ এলবাম ‘কিং ডিজিছ’ নাছ, বেষ্ট কমিডী এলবাম ‘ব্লেক মিটৱাহ’ৰ কাৰণে টিফানি হেৰিছ, বেষ্ট মিউজিক ভিডি’ ‘ব্রাউন স্কীন গাল’ৰ কাৰণে বিয়নছ আৰু ব্লু আই ভি আদিয়ে৷