একাউণ্টত ৪১ টকা : ১৫ দিনত হোটেলত ৬ লাখৰ বিল যুৱতীৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ জানুৱাৰীঃ বেংক একাউণ্টত টকা নাই। অৱশ্যে দিল্লীৰ এখন বিলাসী হোটেলত ১৫ দিন কটাই যুৱতী এগৰাকীয়ে ভুৱা পৰিচয় দি প্ৰায় ছয় লাখ টকা বিল কৰে। ভুৱা পৰিচয় দি ধন নিদিয়াৰ অভিযোগত যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। অভিযুক্তৰ নাম ঝান্সী ৰাণী চেমুৱেল। তেওঁ অন্ধ্ৰপ্ৰদেশৰ বাসিন্দা। আৰক্ষীৰ সূত্ৰ অনুসৰি অন্ধ্ৰপ্ৰদেশৰ পৰা দিল্লীলৈ গৈছিল কিশোৰীগৰাকী। বিমানবন্দৰৰ ওচৰৰ বিলাসী হোটেল এখনত থাকে তেওঁ৷ ১৫ দিন কটোৱাৰ পাছত প্ৰায় ছয় লাখ টকীয়া বিল হয় যুৱতীগৰাকীৰ। বিল দিয়াৰ সময়ত ছোৱালীজনীৰ বেংক একাউণ্টত মাত্ৰ ৪১ টকাহে আছিল। আনকি হোটেলৰ ছাৰ্ভিচ বয়কো ভুৱা আইডি দেখুৱাইছিল। লগে লগে হোটেল কৰ্তৃপক্ষই আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত উপস্থিত হৈ যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। দিল্লী আৰক্ষীৰ তথ্য অনুসৰি, যুৱতীগৰাকীয়ে ঈশা দাভেৰ নামত ভুৱা পৰিচয় পত্ৰ দেখুৱাই হোটেলখনৰ পৰা স্পা সেৱা লয়। তেওঁ ২ লাখ ১১ হাজাৰ ৭০৮ টকাত স্পা সেৱা লৈছিল। ১৫ দিন হোটেলত কটোৱাৰ পিছত ছোৱালীজনীৰ নামত মুঠ ৫ লাখ ৮৮ হাজাৰ ১৭৬ টকাৰ বিল হয়। আৰক্ষীৰ মতে, অনলাইন এপৰ জৰিয়তে ঝান্সীয়ে বিল নিষ্পত্তি কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু বেংকত টকাৰ অভাৱত বাৰে বাৰে বাতিল হৈছিল। যুৱতীগৰাকীয়ে পেছাত এগৰাকী চিকিৎসক বুলি হোটেল কৰ্তৃপক্ষক জনায়। আনকি তেওঁৰ স্বামীও একেটা বৃত্তিৰ সৈতে জড়িত বুলিও তেওঁ দাবী কৰে। যুৱতীগৰাকীয়ে কয় যে তেওঁৰ স্বামী নিউয়ৰ্কত থাকে। আৰক্ষীৰ মতে, যুৱতীগৰাকীয়ে শুদ্ধ পৰিচয় দিয়া নাই। জেৰাৰ সময়তো সহযোগ কৰা নাই। ঘটনাৰ বাবে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।