‘Battle for Bengal’ ছবিত বংগবন্ধু মুজিবুৰ ৰহমানৰ চৰিত্ৰত অসমৰ আদিল হুছেইন
নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰঃ বাংলাদেশৰ স্বাধীনতা সংগ্রামৰ প্রেক্ষাপটত নিৰ্মাণ কৰিবলগীয়া ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰিব অসম সন্তান আদিল হুছেইনে। ‘দিল্লী ক্রাইম’খ্যাত পৰিচালক ঋষি মেহতাই পৰিচালনা কৰিবলগীয়া ছবিখনৰ নামো স্থিৰ কৰা হৈছে ‘বেটেল ফৰ বেংগল’।
বংগবন্ধু মুজিবুৰ ৰহমানৰ চৰিত্রত অভিনয় কৰাৰ কথা আছে আদিল হুছেইনে। একাধিক বাঙালী অভিনেতাকো দেখা যাব এই ছবিত। বাংলাদেশৰ স্বাধীনতাৰ ৫০ বছৰ পূর্তি উপলক্ষে এই ছবিটি মুক্তি দিয়াৰ কথা আছিল। সেই অনুযায়ী এই বছৰৰ ১০ মার্চতে পৰিচালকসহ ছবিৰ এটা দল বাংলাদেশলৈ গৈছিল।
লগত আছিল ‘ফাষ্ট এণ্ড ফিউৰিয়াছ’ৰ চিনেমেটোগ্রাফাৰ আমিৰ মোকৰিও আৰু একচন ডিৰেক্টৰ শ্যাম কৌশল। কিন্তু ক’ৰোনাৰ ফলত চট্টগ্ৰামকে ধৰি দেশজুৰি চলা লকডাউনৰ বাবে শ্বুটিং কৰিব পৰা হোৱা নাছিল। এতিয়া আগন্তুক বছৰৰ মার্চ-এপ্রিল মাহত আৰম্ভ কৰা হব শ্বুটিং। লছ এঞ্জেলছৰ এটি সংস্থাই ছবিখনৰ প্রযোজনা কৰিছে।