নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুক্তি পালে ‘আদিপুৰুষ’ৰ দ্বিতীয়টো গীত ‘ৰাম ছিয়া ৰাম’; চাওক ভিডিঅ’

নিয়মীয়া বাৰ্তা, ২৯ মে’: আদিপুৰুষ ছবিৰ দ্বিতীয়টো গীত মুক্তি পালে। এই গীতটি মুকলিৰ লগে লগে দৰ্শকৰ মাজত চৰ্চা লাভ কৰিছে। এই ছবিখনৰ ট্ৰেইলাৰৰ পিছত ইয়াৰ দ্বিতীয়টো গীতো ছচিয়েল মিডিয়াত জনপ্ৰিয় হৈ পৰিছে। মন কৰিবলগীয়া যে আদিপুৰুষৰ দ্বিতীয়টো গীত ‘ৰাম ছিয়া ৰাম’ মুক্তিৰ পিছৰে পৰা ইউটিউবত ট্ৰেণ্ডিংত আছে। মুকলিৰ মাত্ৰ ১ ঘণ্টাৰ ভিতৰতে এই গীতটিয়ে ১২ লাখ দৰ্শন লাভ কৰিছে।

এই ভক্তিমূলক গীতটোৰ কথা বিখ্যাত গীতিকাৰ মনোজ মুন্টাছিৰ শুক্লাই লিখিছে, আনহাতে এই গীতটি জনপ্ৰিয় কণ্ঠশিল্পী সচেত আৰু পৰমপাৰাই কণ্ঠদান কৰিছে।

জানিব পৰা মতে কালি পান ইণ্ডিয়াৰ তাৰকা প্ৰভাছে নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ জৰিয়তে নিজৰ অনুৰাগীক এই গীতটো মুক্তিৰ বিষয়ে তথ্য দিছিল। ইয়াৰ পিছত অনুৰাগীৰ মাজত ইয়াক লৈ যথেষ্ট উত্তেজনা সৃষ্টি হৈছিল।

 

You might also like