নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলডিল সকলোৱে ভাল পায়, কিন্তু আপুনি জানেনে ইয়াৰ ফুল কলতকৈ বেছি উপকাৰী!

নিয়মীয়া বাৰ্তা, ২৯ মে’: কলডিল! হয়টো সকলোৱে খাই ভাল পায়। কিন্তু আপুনি জানেনে যে কলৰ লগতে ইয়াৰ ফুলৰ পৰাও আপুনি বহুত উপকাৰ লাভ কৰিব পাৰে। আচলতে কলৰ ফুলত ভাল পৰিমাণৰ প্ৰটিন, ফাইবাৰ, ভিটামিন এ, চি, ফছফৰাছ, পটাছিয়াম থাকে।

কলৰ ফুল খোৱাটোৱে ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে। ই শৰীৰত গ্লুক’জৰ মাত্ৰা হ্ৰাস কৰি তেজৰ চেনি নিয়ন্ত্ৰণত সহায় কৰে।

বৃক্ক ৰোগীৰ বাবেও কলৰ ফুল উপকাৰী হ’ব পাৰে। ইয়াৰ নেফ্ৰ’প্ৰটেক্টিভ এক্টিভিটি আছে যিয়ে বৃক্কক সুস্থ কৰি ৰখাত সহায় কৰে। ইয়াৰ বাহিৰেও ইয়াত থকা গুণৰ বাবে বৃক্কৰ পাথৰৰ সমস্যা নিৰাময় হ’ব পাৰে।

যদি আপুনি কলৰ ফুল খায় তেন্তে ই আপোনাক ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে। ইয়াক চূপ বনাই পান কৰিব পাৰি।

কলৰ ফুলৰ দ্বাৰাও উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰি। কল ফুলে এন্টি হাইপাৰটেনচিভ এজেণ্টৰ দৰে কাম কৰে যিয়ে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে।

ইয়াৰোপৰি মহিলাৰ মাহেকীয়াৰ সময়ত হোৱা বিষত ইয়াক সেৱন কৰিলে পেটৰ ক্ৰেম্প কম হোৱাত সহায় কৰে। কলৰ ফুল প্ৰজেষ্টেৰন হৰম’ন নিয়ন্ত্ৰণ কৰি ৰক্তক্ষৰণৰ সময়ত হোৱা বিষ কমোৱাত সহায়ক হয়।

কলৰ ফুলৰ দ্বাৰাও হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিব পাৰি। কল ফুলৰ কাৰ্ডিঅ’ প্ৰটেকটিভ ইফেক্ট আছে। ইয়াৰ উপৰিও ই বি পি নিয়ন্ত্ৰণত ৰাখে, গতিকে সামগ্ৰিকভাৱে ই হৃদযন্ত্ৰৰ বাবে উপকাৰী।

You might also like