নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১২ জুলাইত এণ্টিলিয়াত অনন্ত-ৰাধিকাৰ ব্যয়বহুল বিয়া

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ জুলাইঃ মুকেশ আম্বানিৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানি ১২ জুলাইত ৰাধিকা মাৰ্চেণ্টৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব। ইয়াৰ পূৰ্বে দম্পতীটোৰ বিবাহ অনুষ্ঠান আৰম্ভ হৈছে। এণ্টিলিয়াত আজি অনুষ্ঠিত হবলগীয়া অনন্ত-ৰাধিকাৰ মেহেন্দি অনুষ্ঠানত কণ্ঠশিল্পী ৰাহুল বৈদ্য আৰু উদিত নাৰায়ণকে ধৰি বহুতো চেলিব্ৰিটিয়ে অংশগ্ৰহণ কৰিব। এই উদ্দেশ্য়ে এন্টিলিয়াৰ সভাস্থলী ফুলৰ সজ্জা, টিপটিপিয়া পোহৰ আৰু সূৰ্যমূখী ফুলৰ মালাৰে সুন্দৰকৈ সজাই তোলা হৈছে। ইয়াৰ আগতে অনন্ত আম্বানি আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াৰ সংগীত অনুষ্ঠান হৈছিল। ৫ জুলাইত অনুষ্ঠিত এই অনুষ্ঠানত বলীউডৰ তাৰকা ছলমান খান, ৰণবীৰ কাপুৰ, মাধুৰী দীক্ষিত, ছাৰা আলী খান, আদিত্য ৰয় কাপুৰ, জানবী কাপুৰ, অনন্যা পাণ্ডেকে ধৰি বহু তাৰকা উপস্থিত থাকে। অনন্ত-ৰাধিকাৰ এই বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ক্ৰিকেট জগতৰ পৰা মহেন্দ্ৰ সিং ধোনি, হাৰ্দিক পাণ্ডিয়া আৰু ক্ৰুনাল পাণ্ডিয়াও আহিছিল।

You might also like