নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বাহৰুখ-ছলমানক পিছ পেলাই শীৰ্ষত দক্ষিণী তাৰকা প্ৰভাস, পাৰিশ্ৰমিক কিমান জানেনে

বিশেষ বাৰ্তা,১১ মেঃ খান-কাপুৰৰ ৰাজত্বত এইবাৰ দক্ষিণী দখলদাৰ সোমাই পৰিছে নেকি? ‘বাহুবলী’ থুড়ি প্রভাসৰ কিমান টকা ৰোজগাৰ জানেনে? ছবিজগতৰ খবৰ অনুসৰি প্রভাসে ডেৰশো কোটি টকাৰ তলত কোনো ছবিতেই কাম কৰিবলৈ মান্তি নহয়। দক্ষিণৰ এই তাৰকাই এতিয়া দেশৰ সবাতোকৈ বেছি পাৰিশ্ৰমিক পোৱা অভিনেতাজন। দাক্ষিণাত্যৰ ছবিত তেওঁৰ ৰমৰমীয়া বজাৰতো আছিলেই, এইবাৰ শ্বাহৰুখ-আমিৰ-ছলমানে তিলতিলকৈ গঢ়ি তোলা ৰাজত্ব নিজৰ দখলত কৰিবলৈ ওলাইছে প্রভাসে। প্রভাসৰ তুলনাত পাৰিশ্রমিকত বেছ পিছ পৰি আছে শ্বাহৰুখ। কিং খানে ১০০ কোটিতেই ছবিত কাম কৰিবলৈ ৰাজি হয়। ছলমান আৰু অলপ বেছি টকা দাবী কৰে বুলি শুনা যায়, প্রায় ১২৫ কোটি টকা। বহুতৰে দাবী যে, শ্বাহৰুখ-ছলমান নহয়, প্রভাসক টক্কৰ দিব পাৰে একমাত্র অক্ষয় কুমাৰে। ‘খিলাড়ী’য়ে মাত্ৰ ডেৰশো কোটি নাপালে ছবিত কাম কৰিবলৈ ৰাজি নহয়। তেন্তে সত্য কি?

You might also like