নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ব্রেইন এনুৰিজম’ত আক্ৰান্ত চীনৰ ৰাষ্ট্ৰপতি জিনপিংঃ এইবিধ কি ৰোগ…

বিশেষ বাৰ্তা,১১ মেঃ চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙৰ স্বাস্থ্যক লৈ কিছুদিন ধৰি নানা ধৰণৰ খবৰ শুনা গৈছে। এইবাৰ খবৰ ওলাইছে জিনপিং আক্রান্ত হৈছে ‘চেৰিব্রেল এনুৰিজম’ বা ‘ব্রেইন এনুৰিজম’ত। সূত্রৰ খবৰ মতে, অস্ত্রোপচাৰ নহয়, ৰোগ কমাবলৈ প্রাচীন চীনা পদ্ধতিত চিকিৎসা চলিছে।
ব্রেইন এনুৰিজম কি?

বিশেষজ্ঞসকলৰ মতে, এই ৰোগত মস্তিষ্কৰ কোনো ৰক্তবাহ বেলুনৰ দৰে ফুলি উঠে। কিছু কিছু ক্ষেত্রত এই ফুলি উঠা অংশখিনি গছত ওলমি থকা ফলৰ দৰে দেখিব পাৰে। এই বেলুনৰ দৰে অংশ ফাটি গ’লে মস্তিষ্কৰ ৰক্তক্ষৰণৰ আশংকা বৃদ্ধি হয়। ফলত হ’ব পাৰে ষ্ট্ৰোক। বেছি ক্ষেত্রতে এই ৰক্তক্ষৰণ ঘটে মস্তিষ্ক আৰু মস্তিষ্কক আবৃত কৰি ৰখা কলাৰ মধ্যৱর্তী অংশত। এই ধৰণৰ ৰক্তক্ষৰণক বিজ্ঞানৰ ভাষাত ‘ছাব এৰাকনয়েড হেম’ৰেজ’ বুলি কয়।
এই ৰোগৰ উপসর্গ কি?

এটা চকুৰ পিছপিনে বিষ, চকুৰ মণি প্রসাৰিত হোৱা, দৃষ্টিৰ সমস্যা তথা মুখৰ এটা ফাল অসাৰ লগা এই ৰোগৰ লক্ষণ হ’ব পাৰে। বিশেষজ্ঞই কৈছে, বেলুনৰ দৰে অংশটি নাফাটিলে এই ৰোগৰ কোনো উপসর্গ দেখা নিদিবও পাৰে। কিন্তু যদি বেলুনৰ দৰে অংশটি ফাটি যায়, তেন্তে প্রাণলৈ ভাবুকি অহাটোও ডাঙৰ কথা নহয়।
কিয় হয় এই ৰোগ?
নির্দিষ্টকৈ ক’ব নোৱাৰিলেও বার্ধক্য, উচ্চ ৰক্তচাপ, ধূমপান আৰু মদ্যপানৰ অভ্যাসে এই ৰোগৰ আশংকা বঢ়ায়। সমান্তৰালকৈ জন্মৰ সময়ত সদ্যোজাত শিশুৰ বিশেষ কিছু ৰোগ থাকিলে ভৱিষ্যতে এই ৰোগৰ আশংকা থাকি যায়। পৰিসংখ্যা অনুসৰি পুৰুষৰ তুলনাত মহিলাৰ এই ৰোগৰ আশংকা বেছি।

You might also like