নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডুবাইত সুন্দৰী যুৱতীৰে ধাৱন, ছচিয়েল মিডিয়াত হৈ-চৈ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ ফেব্ৰুৱাৰীঃ ভাৰত আৰু বাংলাদেশৰ মাজত খেলা খেলখনৰ বাবে ডুবাইত উপস্থিত হয় চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ব্ৰেণ্ড এম্বেছাডৰ শিখৰ ধাৱান। এই খেলৰ সময়ত ধাৱনক দেখা গৈছিল এগৰাকী ৰহস্যময়ী ছোৱালীৰ সৈতে। ধাৱনে সেই ছোৱালীজনীৰ লগত ডেটিং কৰি আছে বুলি চৰ্চা চলিছে। এই সন্দৰ্ভত ছচিয়েল মিডিয়াত বহু পোষ্ট শ্বেয়াৰ কৰা হৈছে। কিন্তু এই সন্দৰ্ভত ধাৱনে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। খবৰ অনুসৰি ধাৱানৰ সৈতে দেখা পোৱা ছোৱালীজনী আয়াৰলেণ্ডৰ। ধাৱনে বহুবাৰ টীম ইণ্ডিয়াৰ হৈ দমনীয় প্ৰদৰ্শন আগবঢ়াইছে। কিন্তু এতিয়া তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছে। এতিয়া চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে ডুবাইত আছে ধাৱান। তেওঁ প্ৰতিযোগিতাখনৰ ব্ৰেণ্ড এম্বেছাডৰ। খেলৰ সময়ত এগৰাকী ছোৱালীৰ কাষত বহি থকা দেখা গৈছিল ধাৱনক। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক খবৰ অনুসৰি ধাৱনৰ কাষত বহি থকা ছোৱালীজনীৰ নাম ছফী ছাইন। ছফী আয়াৰলেণ্ডৰ আৰু পেছাত এগৰাকী প্ৰডাক্ট কনচালটেণ্ট। কিন্তু এই সন্দৰ্ভত কোনো চৰকাৰী তথ্য উপলব্ধ নহয়। বাংলাদেশৰ বিৰুদ্ধে প্ৰতিযোগিতাত প্ৰথমখন খেল খেলিছিল টীম ইণ্ডিয়াই। ইয়াত ভাৰতে ৬ উইকেটত জয়লাভ কৰে। শুভমন গিলে উজ্জ্বল প্ৰদৰ্শন কৰি শতক অৰ্জন কৰে। ভাৰতৰ পৰৱৰ্তী মেচ পাকিস্তানৰ সৈতে। দেওবাৰে ডুবাইত অনুষ্ঠিত হ’ব ভাৰত আৰু পাকিস্তানৰ মাজত খেলখন। শিখৰ ধাৱনৰ বিবাহ বিচ্ছেদ। তেওঁতকৈ ১০ বছৰ ডাঙৰ ছোৱালী এজনীক বিয়া কৰাইছিল। ২০১২ চনত ধাৱন আৰু আয়েশা মুখাৰ্জীৰ বিবাহ হয়। কিন্তু এতিয়া তেওঁলোক পৃথক হৈ পৰিছে। ধৱন আৰু আয়েছাৰো এটা পুত্ৰ আছে। তেওঁৰ নাম জোৰাভাৰ।

You might also like