সম্পৰ্ক বিচ্ছেদিত চাহাল-ধনশ্ৰী, বান্দ্ৰা ফেমিলী কৰ্টত সম্পন্ন সিদ্ধান্ত
নিউজ ডেস্ক, ২০ মাৰ্চঃ টীম ইণ্ডিয়াৰ স্পিনাৰ যুজবেন্দ্ৰ চাহাল আৰু ধনশ্ৰী বাৰ্মাৰ বিবাহ বিচ্ছেদ নিশ্চিত হৈছে। ২০২০ চনৰ ডিচেম্বৰ মাহত চাহাল আৰু ধনশ্ৰীৰ বিবাহ হৈছিল। এতিয়া প্ৰায় চাৰি বছৰীয়া বিবাহৰ অন্তত দুয়োৰে আনুষ্ঠানিকভাৱে বিচ্ছেদ ঘটিছে। বান্দ্ৰা ফেমিলী কৰ্টত চলি আছিল ধনশ্ৰী আৰু চাহালৰ বিবাহ বিচ্ছেদৰ গোচৰ। আজি তেওঁলোকৰ বিবাহ বিচ্ছেদৰ সিদ্ধান্ত নিশ্চিত হয়।
পাৰস্পৰিক সন্মতিৰে বিবাহ বিচ্ছেদ হৈছে চাহাল আৰু ধনশ্ৰীৰ। এই দুয়োৰে প্ৰথম কথা-বতৰা সংঘটিত হৈছিল ছ’চিয়েল মিডিয়াৰ জৰিয়তে। চাহাল আৰু ধনশ্ৰীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে বন্ধুত্ব গঢ়িছিল আৰু তাৰ পিছত বিয়া পাতিছিল। কিন্তু এই সম্পৰ্ক বেছি দিন টিকি থাকিব নোৱাৰিলে। চাহালে ধনশ্ৰীক ৪.৭৫ কোটি টকা জীৱিকা হিচাপে দিব লাগিব। ইয়াৰে তেওঁ ইতিমধ্যে ২.৩৭ কোটি টকা দিছে।
কিয় এনে হল চাহাল-ধনশ্ৰীৰ
যুজবেন্দ্ৰ চাহালে এটা পডকাষ্টত কৈছিল যে তেওঁ ধনশ্ৰীৰ পৰা নৃত্য শিকিব বিচাৰে। সেইবাবেই ধনশ্ৰীৰ লগত কথা পাতিবলৈ ধৰিলে। ২০২০ চনৰ ২২ ডিচেম্বৰত গুৰগাঁৱত যুজবেন্দ্ৰ আৰু ধনশ্ৰীৰ বিবাহ হয়। কিন্তু সময়ত দূৰত্ব বাঢ়িবলৈ ধৰিলে। চাহাল আৰু ধনশ্ৰীয়ে আদালতত কয় যে ২০২২ চনৰ জুন মাহৰ পৰা দুয়োজনেই পৃথকে পৃথকে বাস কৰি আহিছে। ধনশ্ৰী আৰু চাহাল কিয় বিচ্ছেদ হ’ল সেয়া এতিয়াও প্ৰকাশ হোৱা নাই। কিছু মাহ পূৰ্বে ধনশ্ৰীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা চাহালৰ উপাধিটো আঁতৰাই পেলাইছিল। ইয়াৰ পিছত তেওঁলোকৰ বিবাহ বিচ্ছেদ সম্পৰ্কে আলোচনা আৰম্ভ হ’ল।
সামাজিক মাধ্যমত কৰিলে চাহালে ধনশ্ৰীৰ ফটো ডিলিট
যুজবেন্দ্ৰ চাহালে কিছু মাহ পূৰ্বে ইনষ্টাগ্ৰামৰ পৰা ধনশ্ৰীৰ সৈতে থকা সকলো ফটো ডিলিট কৰিছিল। অৱশ্যে ধনশ্ৰীয়ে তেনে নকৰিলে। চাহালৰ এই পদক্ষেপৰ পিছত পুনৰ আৰম্ভ হ’ল বিবাহ বিচ্ছেদৰ আলোচনা। দুয়োজনে চলিত বৰ্ষৰ ৫ ফেব্ৰুৱাৰীত বিবাহ বিচ্ছেদৰ গোচৰ ৰুজু কৰিছিল।
বিদেশ ভ্রমণত ‘পৰিয়াল’ নীতি সলনি কৰা নহয়, অটল বিচিচিআই
আইপিএলত এইবাৰ পঞ্জাৱৰ হৈ খেলিব চাহালে
দীৰ্ঘদিন ৰাজস্থান ৰয়েলছৰ হৈ খেলিছিল চাহালে। কিন্তু এতিয়া তেওঁৰ দলটো সলনি হৈছে। চাহালে পঞ্জাব কিংছৰ হৈ খেলিব। মেগা নিলামত তেওঁক ১৮ কোটি টকাত ক্ৰয় কৰিছিল পঞ্জাৱ কিংছে।