চেলিব্ৰেচনৰ বাবে গোৱাত ধোনীৰ নতুন লুক
নিয়মীয়া বাৰ্তা ডিজিটেল, ১ জানুৱাৰীঃ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীয়ে গোৱাত উদযাপন কৰিলে নৱবৰ্ষ। ২০২০ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱা ধোনীয়ে এতিয়া কেৱল আই পি এল খেলে। এনে পৰিস্থিতিত তেওঁ বেছিভাগ সময় পৰিয়ালৰ সৈতে কটায়। মাহীয়ে ২০২৫ চন আৰম্ভ কৰিবলৈ গোৱাক বাছি লৈ পৰিয়ালৰ সৈতে নতুন বছৰ উদযাপন কৰে। ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’, য’ত দেখা গৈছে মাহীক পৰিয়ালৰ সৈতে। এটা ভিডিঅ’ত ধোনীয়ে পত্নী সাক্ষীৰ সৈতে নাচি থকা দেখা গৈছে। আন এটা ভিডিঅ’ত দেখা গৈছে মাহীক এক বেলেগ ষ্টাইলত। পত্নী সাক্ষীয়ে ইনষ্টাগ্ৰাম ষ্ট’ৰীৰ জৰিয়তে ভিডিঅ’টো শ্বেয়াৰ কৰে, য’ত তেওঁ গোৱাৰ বীচ্চৰ স্থান শ্বেয়াৰ কৰে। নৱবৰ্ষ উদযাপনৰ বাবে বিভিন্ন স্থানত দেখা যায় ধোনীক। ২০২৪ চনত মাহীয়ে নৱবৰ্ষ উদযাপনৰ বাবে পৰিয়ালসহ ডুবাইত উপস্থিত হয়। এইবাৰ ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে গোৱাক বাছি লৈছিল।