বিষাক্ত সেন্দূৰৰ ফোঁট নাটকখনৰ নাম সলনিৰ বাবে লুইতপৰীয়া থিয়েটাৰৰ প্ৰযোজকক ভাবুকি
নিয়মীয়া বাৰ্তা, ১৬ ছেপ্টম্বৰঃ পুনৰ ভ্ৰাম্যমাণ নাট্যদলৰ নাটকৰ নামক লৈ বিতৰ্ক। লুইতপৰীয়া থিয়েটাৰৰ প্ৰযোজক তথা চিকিৎসক ডাঃ সানসৌৰাং বসুমতাৰীক ”বিষাক্ত সেন্দূৰৰ ফোঁট ” নাটখনৰ নাম সলনি কৰাৰ বাবে বান্ধি দিলে ২৪ ঘণ্টা সময় সীমা। অন্যথ্যাই যিকোনো মূহুৰ্ত্তত হব পাৰে ভয়ানক পৰিস্থিতিৰ। এই ভাবুকি ফোন যোগে প্ৰদান কৰিলে সনাতন বীৰ হিন্দু নামৰ সংগঠনে। ইপিনে লুইতপৰীয়া থিয়েটাৰৰ প্ৰজোযকক ফোনযোগে ভাবুকি প্ৰদান কৰা অডিঅ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিচতে আজি আবেলি গোৰেশ্বৰ আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ প্ৰাংগনত লুইতপৰীয়া থিয়েটাৰৰ প্ৰজোযক ডাঃ সানসৌৰাং বসুমতাৰী আৰু নাট্যদলটিৰ সমূহ শিল্পী গোষ্ঠী লগ হৈ এখন সংবাদ মেল আয়োজন কৰে। সংবাদ মেলত প্ৰযোজক ডাঃ সানসৌৰাং বসুমতাৰীয়ে সনাতন বীৰ হিন্দু সংগঠনৰ বুলি নিজকে নেতা বুলি পৰিচয় দিয়া আংচ কাইদ পাঠকক কয় যে প্ৰথমে এটা সংগঠনৰ নেতৃত্ব লবলৈ হলে যিখিনি সাধাৰন জ্ঞান থাকিব লাগে সেই নুন্যতম জ্ঞান খিনি থকাটো প্ৰয়োজন। তেও কয় – মই নিজে এজন বড়ো সম্প্ৰদায়ৰ লোক হৈ অসমীয়া ভ্ৰাম্যমান নাট্যদল জন্ম দিছো। মইয়ো এজন হিন্দু সম্প্ৰদায়ৰ সন্তান। বিষাক্ত সেন্দূৰৰ ফোঁট নাটখনে সমাজক কি বাৰ্তা দিছে তেও কোনো ধৰণৰ অনুধাৱন নকৰাকৈ নামটো সলনি কৰিবলৈ যি ধৰনে ভয় ভাবুকি প্ৰদান কৰিছে সেয়া কোনো সংগঠনৰ বাবে শুভ সংবাদ নহয়। প্ৰজোযক ডাঃ সানসৌৰাং বসুমতাৰীয়ে লগতে কয় যে সংগঠনৰ আহ্বানৰ প্ৰতি সন্মান জনাই মই নামটো সলনি কৰাৰ বাবে বিবেচনা কৰি চাম। কিন্তু তাৰ আগতে নাটকখন এবাৰ চাবলৈ তেও আহ্বান জনায় প্ৰকৃততে কি আছে। আনহাতে সংবাদ মেলত অংশ গ্ৰহন কৰি ২০২২-২৩ বৰ্ষৰ লুইতপৰীয়া থিয়েটাৰৰ মুখ্য অভিনেতা ৰাজ ভৈৰৱ, দিব্য বৰা, নয়ন কৌশিক আৰু প্ৰদীপ বড়াই আবেগিক হৈ কয় যে — বিষাক্ত সেন্দুৰৰ ফোট নাটখনে হিন্দু সমাজক কোনো ধৰনৰ আঘাত হনা নাই। তেওঁ সৰু ল’ৰা। বিষাক্ত সেন্দূৰৰ ফোঁট মানে কি তেও নাজানে। সেই কাৰণে নিজৰ নাম জাহিৰ কৰাৰ বাবে এনে দৰে ভাবুকি প্ৰদান কৰি ফুৰিছে। অভিনেতা কেইজনে সনাতন বীৰ হিন্দুৰ নেতা আংচ কাইদ পাঠকক প্ৰত্যাহ্বান জনাই কয় যে – তেওঁ নাটকৰ নাম সলনি কৰাৰ বাবে প্ৰযোজকক ২৪ ঘণ্টা সময় দিছে। কিন্তু আমি তেওক ২ ঘণ্টা সময় দিছো। সাহস আছে যদি আমাৰ সতে মুখা মুখি হওঁক। পাৰে যদি আহক আজি তামুলপুৰ জিলাৰ ৰাজাগড় প্ৰেক্ষাগৃহলৈ। আমি কোনো কাৰনত নাটকৰ নাম সলনি কৰিব নিদিওঁ বুলি মুকলি প্ৰত্যাহ্বান। উল্লেখ্য যে কালি লুইতপৰীয়া থিয়েটাৰৰ প্ৰযোজকক সনাতন বীৰ হিন্দুৰ আংচ কাইদ পাঠক নামৰ এজন যুৱকে বিষাক্ত সেন্দূৰৰ ফোঁট নাটখনৰ নাম সলনি কৰাৰ বাবে ২৪ ঘণ্টা সময় সীমা বান্ধি দিছিল। অন্যথাই যি কোনো মূহুৰ্ত্ত ভয়ংকৰ পৰিস্থিতি হৈ যাব পাৰে বুলি ভাবুকি প্ৰদান কৰিছিল।
প্ৰেৰক বিজয় ৰাজবংশী