৪৯ বছৰ পিছত প্রাক্তন পত্নীক পুনর্বিবাহ ৯৪ বছৰীয়া বৃদ্ধৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ ডিচেম্বৰঃ প্রণয়ৰ সম্পর্কৰে বিবাহপাশত আবদ্ধ হৈছিল৷ ২৪ বছৰ সংসাৰো কৰিছিল একেলগে৷ তাৰ পিছত বিচ্ছেদ৷ সলনি হয় জীৱনসংগী৷ কিন্তু প্রেমৰ সম্পর্ক আনুষ্ঠানিক বিচ্ছেদেৰে এক কৰিব নোৱাৰি৷ বিবাহ বিচ্ছেদৰ ৪৯ বছৰ পিছত পুনৰ বিবাহপাশত আবদ্ধ হ’ল ৯৪ বছৰীয়া বৃদ্ধ আৰু ৮৯ বছৰীয়া বৃদ্ধা৷ ৮ ডিচেম্বৰত আত্মীয়ৰ উপস্থিতিত পুনৰ বিবাহ সম্পন্ন হৈছে এই দম্পতীৰ৷ ঘটনাটো ঘটিছে আমেৰিকাৰ পেনচিলভেনিয়াৰ ডেনভাৰত৷ দৰাৰ নাম ৰবার্ট ৱেনৰিছ আৰু কইনাৰ নাম ফে গেবল৷ লাংকাষ্টাৰ অনলাইনত বিয়াৰ সাক্ষাৎকাৰত ৰবার্ট আৰু ফেৰ কনিষ্ঠ কন্যা কেৰল স্মিথে উল্লেখ কৰিছে যে কিশোৰ বয়সতে প্রণয়ৰ সম্পর্ক গঢ়ি উঠিছিল তেওঁলোকৰ মাজত৷ ফেৰ জ্যেষ্ঠ ভাতৃৰ বন্ধু আছিল ৰবার্ট৷ ১৯৫১ চনত ফে আৰু ৰবার্ট বিবাহপাশত আবদ্ধ হৈছিল৷ বিয়াৰ পিছত চাৰি সন্তান জন্ম দিয়ে ফেই৷ ২৪ বছৰ যুগ্মজীৱন কটোৱাৰ পিছত ১৯৭৫ চনত ফে আৰু ৰবার্টৰ মাজত বিবাহ বিচ্ছেদ ঘটে৷ বিচ্ছেদৰ পিছত দুয়ো নতুন জীৱনসংগী আদৰি লয়৷ কিন্তু দুয়োগৰাকীৰ সংগীৰ মৃত্যু হয়৷ লক্ষণীয়ভাৱে বিচ্ছেদৰ পিছতো ফে আৰু ৰবার্টৰ মাজত যোগাযোগো ইতি পৰা নাছিল৷ পাৰিবাৰিক অনুষ্ঠানলৈ দুয়ো একেলগে গৈছিল৷ তথাপি দীর্ঘদিন ধৰি পুনৰ যুগ্মজীৱনৰ কথা ভাবিব পৰা নাছিল দুয়ো৷ অৱশেষত জীৱনৰ অন্তিম সময়ত দুয়ো বিবাহপাশত আবদ্ধ হোৱাৰ সিদ্ধান্ত লয়৷ চলিত মাহতে আনুষ্ঠানিকভাৱে সম্পন্ন হৈছে দুয়োৰে পুনৰ বিবাহ৷ এই সন্দর্ভত ৰবার্টে সংবাদ মাধ্যমক জনাইছে যে ফেই তেওঁৰ জীৱনৰ প্রথম প্রেম৷ ফেক পুনৰ জীৱনসংগী হিচাপে কেতিয়াবা ওভতাই পাব বুলি তেওঁ কল্পনা কৰিব পৰা নাছিল৷ কিন্তু জীৱনৰ অন্তিম সময়ত ৰবার্টৰ প্রস্তাৱৰ প্রতি ফেই সঁহাৰি দিয়ে৷ মনৰ মানুহগৰাকীৰ সৈতে জীৱনৰ শেষ দিনকেইটা সুখ–শান্তিৰে অতিবাহিত কৰিবলৈ সক্ষম হ’ব বুলি আশা প্রকাশ কৰিছে ৯৪ বছৰীয়া দুৰন্ত প্রেমিক ৰবার্টে৷