নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রাজিলৰ লাছা চলচ্চিত্র মহোৎসৱত ‘বেলকনিত ভগৱান’

নিয়মীয়া বাৰ্তা,  ২১ জুলাইঃ ইখনৰ পাছত সিখন বিশ্বৰ আগশাৰীৰ আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত অসমীয়া চলচ্চিত্র ‘বেলকনিত ভগৱান’ (গড অন দ্য বেলকনি)এ প্রতিযোগিতাত স্থান লভা ক’ভিড পৰিস্থিতিত অসমীয়া ছবিজগতৰ বাবে সুখবৰ৷ যোৱা ১১ জুলাইত লণ্ডনৰ ৰেইনবো ছ’চাইটীৰ বিশেষ বঁটা পোৱা আৰু জার্মানীৰ ষুটর্টগার্টত হ’ব লগা আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত স্কুল অৱ দ্য ইয়েৰ সন্মান লভা ‘বেলকনিত ভগৱান’ চলচ্চিত্রখন অহা ২৩ জুলাইৰ পৰা ব্রাজিলৰ লাছা আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত জার্মানীৰ ‘জুডেন ষ্টাৰনেন’, জাপানৰ ‘ৱ’মেন অৱ দ্য ফটোগ্রাফাৰ’, বুলগেৰিয়াৰ ‘চিবিল’, তুর্কীৰ ‘টোপৰাক’, ইংৰাজী ভাষাৰ ‘কম্প্রেনিয়ন’ আদি চলচ্চিত্রৰ লগত নেৰেটিভ শাখাত প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হ’ব৷ বলিষ্ঠ পৰিচালক বিশ্বজিত বৰাই পৰিচালনা কৰিছে বেলকনিত ভগৱান৷

You might also like