নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰ্মসংস্থাপনৰ নতুন দুৱাৰ মুকলি কৰি মুখ্যমন্ত্ৰীৰ ঘোষণাঃ ২ লাখ নিবনুৱাক দিব চৰকাৰী চাকৰি

নিয়মীয়া বাৰ্তা,  ২১ জুলাইঃ মঙলবাৰে সদনত বাজেট বিতর্কত অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বর্তমানৰ ৰাজ্য চৰকাৰখনে দুই লাখ নিবনুৱাক চাকৰি দিয়াৰ কথা ঘোষণা কৰে৷ সদনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এইবাৰ আমি এক লাখক চাকৰি দিম৷ এই এক লাখৰ পিছত অহা তিনি বছৰত আৰু এক লাখক চাকৰি দিম৷ বর্তমান সময়ত প্রয়োজনীয় পদতহে এই নিযুক্তি দিয়াৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আমাক পুলিচ লাগে, শিক্ষক লাগে৷ বাংলো পিয়ন নালাগে৷ ব্রিটিছৰ দিনত বাংলো আছিল৷ এতিয়া বাংলো নাই৷ গতিকে বাংলো পিয়নো নালাগে৷ এই নিযুক্তিৰ ক্ষেত্রত চৰকাৰে নিজেই পদক্ষেপ লোৱাৰ কথা উল্লেখ কৰি তেওঁ আৰু কয় যে বিৰোধীৰ পৰামর্শ ল’লে চৰকাৰ ফঁচি যাব৷ সেয়ে চৰকাৰে নিজাববীয়াকৈ এই নিযুক্তি দিব৷

বাজেট বিতর্কত অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড০ শর্মাই শিৱসাগৰৰ নির্দলীয় বিধায়ক অখিল গগৈয়ে বাজেটৰ আকাৰ সৰু হোৱা বুলি কৰা মন্তব্যৰ উত্তৰ দি কয় যে গগৈ যিহেতু প্রথমবাৰ বিধায়ক হিচাপে নির্বাচিত হৈ আহিছে, সেয়ে তেওঁ বাজেট বুজি পোৱাত অসুবিধাৰ বাবে সেই প্রশ্ন কৰিছে৷ এই বাজেটৰ পিছত আৰু দুখন পৰিপূৰক বাজেট দাখিল হ’ব৷ মার্চত গৈ দুখন পৰিপূৰক বাজেটৰ পিছত চূড়ান্ত বাজেট হ’ব৷ এই সদনতে অহা ১০ আগষ্টত আন এখন এক লাখ ১০ হাজাৰ কোটি টকাৰ পৰিপূৰক বাজেট হ’ব৷ বিৰোধী দলপতি দেৱব্রত শইকীয়া, বিধায়ক ৰকিবুল হুছেইন, ভৰত নৰহ আদিয়ে বাজেটৰ ওপৰত কৰা সমালোচনাৰ উত্তৰ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে যোৱাবাৰ বাজেটত নৱম–দশম শ্রেণীৰ ছাত্র–ছাত্রীক ইউনিফর্ম যোগান ধৰাৰ প্রতিশ্রুতি পূৰণ নোহোৱা বুলি তেওঁলোকে প্রশ্ন কৰিছে৷ কিন্তু নৱম–দশম শ্রেণীৰ ৬,৫০,৭৯২গৰাকী ছাত্র–ছাত্রীৰ ইউনিফর্মৰ বাবে ৪৫.৪৮ কোটি টকা যোৱা মার্চ মাহতেই ৰিলিজ কৰি দিয়া হৈছে৷ সেই ধন বিদ্যালয় মেনেজমেণ্ট কমিটীৰ ওচৰত আছে৷ ক’ভিডৰ বাবে ছাত্র–ছাত্রীসকলৰ ইউনিফর্মৰ জোখ–মাফ ল’ব পৰা হোৱা নাই বাবেই ইউনিফর্ম যোগান ধৰাটো সম্ভৱ হৈ উঠা নাই৷

বাজেটত ঘোষণা কৰা প্রতিশ্রুতি ৰূপায়ণত চৰকাৰ ব্যর্থ বুলি বিৰোধীয়ে কৰা সমালোচনাৰ উত্তৰ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কংগ্রেছৰ দিনৰ বাজেট ৰূপায়ণৰ প্রতিশ্রুতি বিশ্লেষণ কৰিলে দেখা যায় যে তেওঁলোকৰ ৯০ শতাংশ প্রতিশ্রুতিয়েই ৰূপায়ণ হোৱা নাছিল৷ কিছু বছৰ পূর্বে কংগ্রেছৰ প্রয়াত মুখ্যমন্ত্রী তৰুণ গগৈয়ে বাজেটত বিহুত জনসাধাৰণক নগদ ধন দিয়াৰ প্রতিশ্রুতি দিছিল৷ সেই প্রতিশ্রুতি কিন্তু ৰূপায়ণ হোৱা নাছিল৷ ২০০১ বর্ষৰ পৰা ২০২০ বর্ষলৈ বাজেটসমূহ পর্যালোচনা কৰিলে দেখা যায় যে আগেয়ে বাজেট ১০ শতাংশ ৰূপায়ণ হৈছিল৷ এতিয়া ৮০ শতাংশ ৰূপায়ণ হয়৷ বাজেটৰ প্রতিশ্রুতি ৰূপায়ণৰ ক্ষেত্রত এতিয়া সদনৰ পৱিত্রতা বাঢ়িছে৷ ভাৰতৰ কোন ৰাজ্যই বাজেট দাখিল কৰি সাহসেৰে একচন টেকেন ৰিপ’ট দিছে বুলিও তেওঁ বিৰোধী দলপতিক প্রশ্ন কৰে৷ যোৱাবাৰ বাজেটত অষ্টাদশ মুকুতাৰ মালা শিতানত এন আৰ এলত বিনিয়োগ, অন্ন সুৰক্ষাৰ বিনামূলীয়া চাউল যোগান, জ্যোতিষ্মান অসমত ৩০ ইউনিটকৈ বিজুলী ৰেহাই, স্বয়ম, চাহ বাগিচাত ধন পুৰস্কাৰ, অৰুন্ধতী, মহিলা সবলীকৰণৰ বাবে কনকলতা, অসম মালা, প্রজ্ঞান ভাৰতীৰ অধীনত ছাত্রীক স্কুটী প্রদান, কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচন, ভ্রমণ সাৰথি, যুৱ আৰোহণ, ২৯ হাজাৰ শিক্ষক পদ প্রাদেশিকীকৰণ, অৰুণোদয় আদি আঁচনি ৰূপায়ণ কৰি যি ১৮টা প্রতিশ্রুতি দিয়া হৈছিল, আটাইকেইটা ১০০ শতাংশ ৰূপায়ণ কৰা হৈছে৷ সদনত তেওঁ ৰকিবুল হুছেইনে কৰা সমালোচনাৰ উত্তৰ দি কয় যে হুছেইনে কথাবোৰ এনেদৰে কৈছে যেন তেওঁলোক চৰকাৰত বহি আছে আৰু আমি বিৰোধীৰ আসনত বহি আছোঁ৷ কংগ্রেছৰ ভোট যেনেদৰে চাৰিওফালে সিঁচৰতি হৈ আছে, তাৰ মাজতো বিজেপিয়ে সীমিত সাধনাৰে যিটো স্ক’ৰ কৰি জিকি আহিছে৷ জনসাধাৰণে বিজেপিক এনেয়ে ভোট দিয়া নাই৷ ঋণ লোৱাৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সংবিধানৰ ২৯২ অনুচ্ছেদ অনুসৰি কেন্দ্রীয় চৰকাৰেহে এখন ৰাজ্যই কিমান ঋণ ল’ব, সেয়া নির্ধাৰণ কৰে৷

বর্তমান অসমৰ প্রতিজন লোকৰ মূৰৰ ওপৰত তিনি লাখ ৫০ হাজাৰ কোটি টকাৰ সম্পদ আছে৷ সেই অনুসৰি ঋণৰ পৰিমাণ হৈছে ১৮ হাজাৰ কোটি টকা৷ সম্পদৰ ওপৰত ঋণ লোৱাত আপত্তি নাই৷ ঋণ সম্পর্কত মন্তব্য দিয়াৰ পূর্বে বিৰোধী দলপতি দেৱব্রত শইকীয়া আৰু ৰকিবুল হুছেইনক কংগ্রেছশাসিত ৰাজ্যসমূহৰ ঋণৰ বিষয়ে জানি ল’বলৈ আহ্বান জনাই মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কেগৰ ৰিপ’ট অনুসৰি জি এছ ডি পিৰ হাৰ পঞ্জাবৰ ৩৯ শতাংশ, ৰাজস্থানৰ ৩৩.৬ শতাংশ, পশ্চিমবংগৰ ৩২.৬ শতাংশৰ বিপৰীতে অসমৰ ১৮.৯ শতাংশ৷ কংগ্রেছশাসিত ৰাজ্যতকৈ অসমৰ বিত্তীয় ব্যৱস্থাপনা ভাল৷

আনকি গুজৰাটৰ জি এছ ডি পিৰ হাৰ ১৯.২ শতাংশৰ বিপৰীতে অসমৰ ১৮.৯ শতাংশ৷ মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে অসমে ২৮.৫ শতাংশ ঋণ ল’ব পাৰে৷ কিন্তু এতিয়ালৈ ২২ শতাংশহে লৈছে৷ অহা বাজেটত অসমে আৰু ৬ শতাংশ ঋণ ল’ব পাৰে৷ ঋণ লোৱাৰ আৰু সক্ষমতা থকা সত্ত্বেও অসমে ঋণ লোৱা নাই৷ এই প্রসংগতে তেওঁ জি এছ টি বৈঠকত প্রতিখন ৰাজ্যৰ বিত্তমন্ত্রীসকলক লগ পোৱাৰ বিষয়ে উল্লেখ কৰি কয় যে কংগ্রেছশাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্রীসকলে লগ পালে তেওঁক প্রশ্ন কৰে– অসমে কিয় ঋণ লোৱা নাই? এই বিষয়ে তেওঁ বিৰোধী দলপতি আৰু কংগ্রেছৰ বিধায়কসকলক কংগ্রেছশাসিত ৰাজ্যৰ বিত্তমন্ত্রীসকলক সুধিবলৈও আহ্বান জনায়৷ সম্পদ আহৰণৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ২০১৫–১৬ বর্ষত ৰাজ্যখনৰ কৰ আহৰণৰ বিকাশ আছিল মাত্র ২ শতাংশ৷ সেই সময়ত কৰ বিভাগ একপ্রকাৰ বন্ধ হৈ গৈছিল৷ কিন্তু ২০১৭–১৮ বর্ষত অসমে জি এছ টিৰ পৰা ৫ হাজাৰ কোটি টকাৰ কৰ আহৰণ কৰে৷ সেইদৰে ২০১৮–১৯ চনত ৮,৮৫৬ কোটি টকা, ২০১৯–২০ চনত ১০,৯৩৯ কোটি টকা, ২০২০–২১ চনত ক’ৰোনাৰ মাজতো ১০,৭০০ কোটি টকা জি এছ টিৰ পৰা আহৰণ কৰে৷ ব্যক্তি জীৱনৰ সততা নহ’লে ইমান কৰ আহৰণ হ’ব নোৱাৰে৷ আবকাৰী কৰ সংগ্রহো বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে কংগ্রেছৰ দিনত আবকাৰী কৰ ৪৬০ কোটি টকা সংগ্রহ হৈছিল৷ কিন্তু যোৱা বছৰ আবকাৰী কৰ ২,২০০ কোটি টকালৈ বৃদ্ধি পালে৷ কৰ সংগ্রহৰ ক্ষেত্রত যোৱা ৫টা বছৰ অসমৰ বাবে স্বর্ণিল দিন বুলি তেওঁ উল্লেখ কৰে৷ একে সময়তে কেন্দ্রীয় আৰু ৰাজ্যিক ডিভল্যুচন পুঁজি বৃদ্ধি পোৱাৰ উল্লেখ কৰি তেওঁ কয় যে এই ৫ বছৰত চৰকাৰে প্রতিখন গাঁওলৈকে ২ কোটি টকালৈকে দিব৷ যোৱাবাৰ প্রত্যেক গাঁৱত গড়ে ৫০ লাখ টকাকৈ দিয়া হৈছে৷ এইবাৰ পুখুৰী নির্মাণৰ বাবে প্রতিখন গাঁৱকে ১০ লাখ টকাকৈ দিয়া হ’ব৷

মূল্যবৃদ্ধিৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমৰ বাজেটে মূল্যবৃদ্ধি নিয়ন্ত্রণ কৰিব নোৱাৰে৷ অসম স্বনির্ভৰশীল নহ’লে বাজেটে মূল্যবৃদ্ধি নিয়ন্ত্রণ কৰিব নোৱাৰে৷ গুজৰাটত উৎপাদন হোৱা মিঠাতেল, পঞ্জাবত উৎপন্ন হোৱা চাউলৰ দাম ইয়াত কমাব নোৱাৰি৷ গুজৰাট–পঞ্জাবত উৎপাদন হোৱা সামগ্রীৰ দাম কমোৱাৰ সন্মোহিনী শক্তি নাই৷ সেইবোৰ সামগ্রীৰ ক্ষেত্রত ৰাজ্যত উৎপাদন বাঢ়িলেহে পৰিবহণ ব্যয় কমি আহিব৷ তাৰ বাবেই কৃষি আয়োগ গঠনৰ কথা কোৱা হৈছে৷ অসম কেনেকৈ আত্মনির্ভৰশীল হ’ব, সেই বিষয়ে আয়োগে অহা ৫ বছৰৰ বাবে দিক্নির্ণয় দেখুৱাব৷ পেট্র’ল–ডিজেলৰ দামৰ সম্পর্কত তেওঁ কয় যে সেয়া আন্তর্জাতিক বজাৰৰ ওপৰত নির্ভৰ কৰে৷ আৰবত যেতিয়া তেলৰ দাম বাঢ়ে, তেতিয়া দেশত তেলৰ দাম বাঢ়ে৷ আৰবৰ শেঠ আমাৰ মতে নচ’লে৷ বস্তুৰ দাম কমিব লাগিলে আত্মনির্ভৰশীল অসম হ’ব লাগিব৷ নৱম–দশম শ্রেণীৰ শিক্ষার্থীক স্মার্টফোন যোগানৰ আঁচনিখন এখন ভাল আঁচনি বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বর্তমান যি অৱস্থা চলিছে আৰু ছমাহ শিক্ষার্থীসকল শিক্ষাগ্রহণৰ পৰা বঞ্চিত হ’লে তেওঁলোকৰ ভৱিষ্যৎ ধ্বংস হৈ যাব৷ সেয়ে এই আঁচনি গ্রহণ কৰা হৈছে৷ ম’বাইল ফোনৰ লগতে তেওঁলোকক ইণ্টাৰনেট সংযোগো দিয়া হ’ব৷ মেট্রিক পাছ কৰাৰ পিছত সেই ফোনসমূহ ঘূৰাই অনা হ’ব৷

সেইদৰে বানমুক্ত অসমৰ ক্ষেত্রত এইবাৰ চৰকাৰে এহেজাৰ কিলোমিটাৰ মথাউৰিৰ ওপৰত পকী ৰাস্তা নির্মাণৰ আঁচনি গ্রহণৰ প্রসংগত কয় যে এই আঁচনিৰ জৰিয়তে সম্ভৱ নোহোৱা বিষয় এটাৰ ওপৰত এটা সপোনৰ পম খেদিছোঁ৷ এই আঁচনি হৈ উঠিলে ডিব্রুগড়ৰ পৰা মথাউৰিৰে মাজুলীলৈ যাব পৰা যাব৷ দূৰত্বও হ্রাস পাব৷ ব্রহ্মপুত্রৰ পাৰে পাৰে এক্সপ্রেছ হাইৱে’ সম্ভৱ নহয়৷ লাহৰীঘাটৰ উন্মুক্ত অংশত মথাউৰি বনালে গুৱাহাটীৰ পৰা শিলঘাটলৈ যাব পৰা যাব৷ ইয়াৰ জৰিয়তে বান সমস্যাও কিছু কমি আহিব৷ সপোন কেতিয়াবা ফলে বুলি উল্লেখ কৰি তেওঁ কয় যে অৰুণোদয়ৰ দৰে আঁচনি কোনে কেতিয়া কল্পনা কৰিছিল? সেইদৰে প্রতিবছৰে বাজেটত ধ্বজাবাহী আঁচনিৰ সংখ্যা বৃদ্ধি পাই অহাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ২০১৭–১৮ বিত্তীয় বর্ষত ১৮খন ধ্বজাবাহী আঁচনি গ্রহণ কৰা হৈছিল৷ ২০১৮–১৯ বর্ষত সেই ১৮খন আঁচনিৰ লগতে আৰু ১১খন আঁচনি গ্রহণ কৰা হয়৷ ২০১৯–২০ বর্ষত পূর্বৰ বর্ষৰ মুঠ আঁচনিৰ লগত আৰু ৯খন, ২০২০–২১ বর্ষত আৰু ৯খন আঁচনি গ্রহণ কৰা হয়৷ এইবাৰো পূর্বৰ বর্ষৰ আঁচনিসমূহৰ লগতে আৰু ১২খন নতুন ধ্বজাবাহী আঁচনি গ্রহণ কৰা হৈছে৷ সেইদৰে বাজেটত ঘোষণা কৰা আঁচনিসমূহ ৰূপায়ণৰ বাবে পুঁজি ক’ৰ পৰা আহিব, অসমক বিশেষ ৰাজ্যৰ মর্যাদা কর্তন কৰিছে, মোদীয়ে অসমক পুঁজি কমাই দিছে আদি বিষয়ত বিৰোধীয়ে কৰা প্রশ্ণৰ উত্তৰ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে পূর্বৰ প্রধানমন্ত্রী ড০ মনমোহন সিঙে অসমক ৭ হাজাৰ কোটি টকাৰ তেলৰ ৰয়েল্টী আদায় নিদিলে৷

পৰৱর্তী পর্যায়ত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৭,৫০০ কোটি টকা মোকলাই দিয়াৰ লগতে ডিভল্যুচন পুঁজিৰ পৰা ২০১৪–১৫ বর্ষত ১১ হাজাৰ কোটি টকা, ২০১৫–১৬ বর্ষত ১৬,৭৬৪ কোটি টকা, ২০১৮–১৯ বর্ষত ২৫ হাজাৰ কোটি টকা আদায় দিলে৷ ক’ভিড নহ’লে এই পৰিমাণ আৰু বৃদ্ধি পালেহেঁতেন৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমৰ বাজেট, বিত্তীয় ব্যৱস্থাপনা সুন্দৰ দিক্ নির্দেশনাত গতি কৰিছে৷ যোৱা তিনি মাহত অইলে ২০২০–২১ বিত্তীয় বর্ষৰ প্রথম তিনি মাহৰ তুলনাত ১০০ শতাংশ অধিক ৰয়েল্টী দিছে৷ এই সময়ছোৱাত আন্দোলন নোহোৱা বাবেই ৰয়েল্টী বৃদ্ধি পাইছে৷ বহনক্ষম উন্নয়নৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যত অপৰাধ ৰোধ নহ’লে বহনক্ষম উন্নয়ন সম্ভৱ নহয়৷ কেইদিনমান পূর্বে ছিকিমত অসমৰ ৩৪টি শিশু, কেৰালাত অসমৰ ৯গৰাকী মহিলা উদ্ধাৰ হৈছে৷ ধর্ষণ, শিশু বিক্রী আদি নোহোৱা হ’ব লাগিব৷ জেণ্ডাৰ জাষ্টিচেৰে সমাজত পৰিৱেশৰ পৰিৱর্তন হ’ব লাগিব৷ এইক্ষেত্রত জনসংখ্যাও নিয়ন্ত্রণ হ’ব লাগিব৷ এগৰাকী মাতৃয়ে ১২টি সন্তান জন্ম দিলে এম এম আৰ, আই এম আৰ কেনেকৈ কমিব? অসমীয়া মূলসুঁতিৰ, জনজাতিৰ মাজত এম এম আৰ, আই এম আৰ কমি গৈছে৷ জনবিস্ফোৰণ ৰোধ নহ’লে অসম দৰিদ্রৰ দেশ হ’ব৷ অসম স্বাৱলম্বী হ’ব লাগিব, জনসংখ্যা কমিব লাগিব, তেতিয়াহে অসমে বহনক্ষম উন্নয়নত উপনীত হ’ব৷ সদনত মুখ্যমন্ত্রী ড০ শর্মাই মাইক্র’ফাইনেঞ্চৰ ঋণ ৰেহাইৰ প্রসংগত কয় যে অবৈধভাৱে ঋণ দিয়াৰ বাবে মাইক্র’ফাইনেঞ্চত চাৰি হাজাৰ কোটি টকাৰ ঋণৰ ক্ষেত্রত তেওঁলোকক আত্মসমর্পণ কৰিবলৈ বাধ্য কৰোৱা হৈছে৷ সেইদৰে বহু মহিলাই ঋণ ৰেহাই নিবিচাৰে৷ ঋণ ৰেহাই ল’লে তেওঁলোকে বেংকৰ সৈতে সম্পর্ক এৰিব লাগিব বাবেই ঋণ ৰেহাই নিবিচাৰে৷ তথাপি তেওঁলোকক ২৫ হাজাৰ টকাকৈ উদগনি দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ অৱশ্যে এন পি এ থকা সকলো মহিলাকে ঋণ ৰেহাই দিয়া হ’ব৷ সদনত মুখ্যমন্ত্রী ড০ শর্মাই বিৰোধীক কটাক্ষ কৰি কয় যে তেওঁলোকে বিজেপিৰ সংকল্প–পত্রখন বেছিকৈ নপঢ়িব৷ সংকল্প–পত্র পঢ়ি পঢ়ি তেওঁলোকৰ এজন বিধায়ক ইতিমধ্যে বিজেপিত আহিলেই৷ বিজেপিৰ সংকল্প–পত্র পঢ়ি থাকিলে আৰু আহিব৷ সংকল্প–পত্রখনত পণ্ডিত দীনদয়াল উপাধ্যায়, শ্যামাপ্রসাদ মুখার্জীৰ আদর্শ আছে৷ তেওঁলোকে বেছিকৈ পঢ়িলে বিজেপিলৈ আহিব৷ কিন্তু বিজেপিত ইমান ঠাই নাই বুলি তীব্র কটাক্ষ কৰে৷

You might also like