জন্মদিনৰ দিনা কৰীণাই ছলমানক বিয়া পাতিবলৈ কৰিলে অনুৰোধ
নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ জীৱনৰ ৫৪ বসন্ত এৰি আজি ৫৫ত ভৰি দিলে বলীউডৰ জনপ্রিয় অভিনেতা ছলমান খানে। ১৯৬৬ চনৰ ২৭ ডিচেম্বৰত ভাৰতৰ মধ্যপ্রদেশৰ ইন্দোৰত ছলমান খানৰ হৈছিল জন্ম। চেলিম খান আৰু সুশীলা চৰকৰ মৰমৰ সন্তান ছলমানে বলীউডত অভিষেক ঘটাইছিল ১৯৮৮ চনত ‘বিবি হো তো এইচি’ চিনেমাৰ জৰিয়তে।
অভিনয়ৰ দ্বাৰা কোটি কোটি অনুৰাগীৰ হৃদয় জয় কৰা নায়কগৰাকীয়ে নায়ক হিচাপে ১৯৮৯ চনত মুক্তিপ্রাপ্ত ‘মেইনে পিয়াৰ কিয়া’ চিনেমাৰ হাজিৰ হৈছিল দৰ্শকৰ মাজত। দীর্ঘ অভিনয় জীৱনত এইবাৰেই ক’ৰোনাৰ কাৰণে নিজৰ জন্মদিনৰ বিশেষ কোনো আয়োজন ৰখা নাছিল বলীউডৰ ভাইজানে।
জীৱনৰ ৫৪টি বসন্ত পাৰ কৰাৰ পিছতো এতিয়াও জীৱন সঙ্গিনী বিচৰা নাই তেওঁ। জন্মদিনৰ বাবে বহুতৰ পৰা আজি তেওঁ আশিস-শুভেচ্ছা লাভ কৰে ছোচিয়েল মিডিয়াযোগে। কিন্তু ব্যতিক্ৰম আছিল চইফ আলী খানৰ পত্নী অভিনেত্ৰী কৰীণা কাপুৰ। কৰীণা কাপুৰে জন্মদিনৰ শুভেচ্ছা জনাই লিখিলে- ‘শুভ জন্মদিন। আশা কৰোঁ সোনকালে বিয়াখন পাতিব।’
View this post on Instagram