ইৰফান খানৰ শেষ ছবি The Song of Scorpionsৰ মুক্তি ২০২১ত
নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ বলীউডৰ মহান অভিনেতা ইৰফান খান অভিনীত এখন বিশেষ চলচ্চিত্ৰ আগন্তুক বছৰত আহিব ছবিগৃহলৈ। দ্য ছং অৱ স্কৰ্পিয়নছ নামৰ ছবিখন নিৰ্মাণ কৰাৰ আজি ৩ বছৰ হৈছে যদিও বহুদিন ধৰি মুক্তিৰ অপেক্ষাত আছিল।
২০১৭ চনত ছবিখনৰ প্ৰিমিয়াৰ শ্ব’ কৰা হৈছিল ছুইজাৰলেণ্ডৰ লোকাৰ্নো ফিল্ম ফেষ্টিভেলত। বাণিজ্য বিশ্লেষক তৰণ আদৰ্শই আজি ছবিখনে নতুন বছৰটোত মুক্তি পাব বুলি টুইট কৰে। ৰাজস্থানৰ এগৰাকী আদিবাসী মহিলাৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা ছবিখন পৰিচালনা কৰিছে অনুপ সিঙে।
ইৰফানৰ লগতে ৱাহিদা ৰেহমান আৰু ইৰাণী অভিনেত্ৰী গুলচিফটেহ ফাৰহানিয়ে ছবিখনত অভিনয় কৰিছে। যোৱা এপ্ৰিলত অকালতে প্ৰাণ হেৰুওৱা অভিনেতা ইৰফান খানৰ শেষ ছবিখনৰ মুক্তিৰ বাতৰিয়ে আনন্দিত কৰিছে অনুৰাগীৰ লগতে কলামোদী দৰ্শকক।
IRRFAN’S LAST MOVIE… #Irrfan‘s last film – #TheSongOfScorpions – to release in 2021… Directed by Anup Singh… Presented by Panorama Spotlight and 70mm Talkies. pic.twitter.com/RHJzxNYbXl
— taran adarsh (@taran_adarsh) December 28, 2020