নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাড় কঁপোৱা শীতত এসপ্তাহ ধৰি পুনৰ সংস্থাপনৰ দাবীত দধীয়া-লাইকাৰ হাজাৰ জনতাৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ হাড় কঁপোৱা প্ৰচণ্ড শীতৰ মাজতো নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি আকৌ ওলাই আহিছে ডিব্ৰু-ছৈখোৱাৰ দধীয়া-লাইকাৰ হাজাৰ হাজাৰ জনতা। তিনিচুকীয়া বৰগুৰিত যোৱা সাতটা দিন ধৰি অস্থায়ী শিবিৰত অব্যাহত ৰাখিছে অনিৰ্দিষ্টকালীন প্ৰতিবাদ।

২১-২২ বছৰ ধৰি দধীয়া-লাইকাৰ খিলঞ্জীয়া জনতাই জনাই অহা পুনৰ সংস্থাপনৰ দাবীক আওকাণ কৰি অহাৰ অভিযোগ তুলি ক্ষোভিত বনগাঁওবাসী ওলাই আহিছে ৰাজপথলৈ। ইতিমধ্যে এই কাৰ্যসূচীলৈ ৰাজ্যৰ বিভিন্ন দল-সংগঠনে ব্যাপকভাৱে সঁহাৰি জনাই আশ্ৰয় লৈ থকা প্ৰতিবাদকাৰীলৈ আগবঢ়াইছে খাদ্য সামগ্ৰী।

ইয়াৰ মাজতে অলপতে জোনাই জিলা ট্ৰাইবেল সংঘ, মিচিং স্বায়ত্তশাসিত পৰিষদ, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ, জোনাই চিলাপথাৰ টি এম পিকে আৰু সাংবাদিকৰ দল উপস্থিত হয় বৰগুৰিৰ প্ৰতিবাদস্থলীত। ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক প্ৰকৃত ৰাষ্ট্ৰীয় উদ্যান হিচাপে গঢ়ি তোলা আৰু দধীয়া-লাইকাবাসীক পুনৰ সংস্থাপনৰ দাবীত মিচিং ছাত্ৰ সংগঠন টি এম পি কে, টি এম এম কে, এম এম কেৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত যোৱা এসপ্তাহ ধৰি প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে।

মিচিং জনজাতি অধ্যুষিত দধীয়া আৰু লাইকাৰ অঞ্চলৰ পমুৱা, নং১ পাচিদিয়া, নং২ পাচিদিয়া, কুলিগাঁও, টেঙাবাৰী, চাৰিসুঁতি, ম’হমৰা, ৰিগবিৰ ১২ শতাধিক গৃহহাৰা পৰিয়ালে পুহমহীয়া প্ৰচণ্ড শীতত তিৰ্পালৰ তলত নিজৰ মাটিৰ অধিকাৰৰ বিচাৰি প্ৰতিবাদ কৰি থকা প্ৰতিবাদকাৰীৰ দুৰ্দশাৰ বুজ ল’লে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাঙে।

এক প্ৰতিবাদী সভাত পৰিষদৰ কাৰ্যবাহী সদস্যগৰাকীয়ে কয় যে ভূমিপুত্ৰৰ পুনৰসংস্থাপনৰ নামত এই চৰকাৰখনে মাত্ৰ ভুৱা আশ্বাস দি আহিছে।  আজি এসপ্তাহ ধৰি জিলা প্ৰশাসনৰ পৰা কোনো ব্যৱস্থা লোৱা নাই।

উল্লেখ্য যে দধীয়া-লাইকাবাসীয়ে ২১-২২ বছৰ ধৰি চলাই অহা সংগ্ৰামখনলৈ সঁহাৰি জনাই অলপতে চাউল, দাইল,আলু বিতৰণেৰে আন্দোলনকাৰীৰ মনোবল বৃদ্ধি কৰা মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাং, পদুম ৰায়, জোনাই জিলা পৰিষদৰ সদস্য অতুল পেগু, সোণোৱাল স্বায়ত্তশাসিত পৰিষদৰ সদস্য ত্ৰৈলোক্য সোণোৱাল, সুৱল হাজং, টি এম পি কেৰ জোনাই জিলা সমিতি, জোনাই জিলা ট্ৰাইবেল সংঘৰ সংম্পাদক পদ্মেশ্বৰ দলে, মানুহে মানুহৰ বাবে (NGO)ৰ নেতৃবৃন্দ লগতে জোনাইৰ সাংবাদিকে উপস্থিত হৈ লাইকা দধিয়াৰ বাৰ শতাধিকৰো অধিক গৃহহাৰা লোক বৰগুৰিত থকা অস্থায়ী শিবিৰৰ পৰিস্থিতিৰ বুজ লয়৷

You might also like