নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধৰ্মৰ ঠিকাদাৰ নহ’বলৈ সকীয়নি কংগনাৰ, বিকিনি পিন্ধা ফটোৰ কটাক্ষক লৈ মোক্ষম জবাব

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ বিতর্ক তেওঁৰ ছাঁ। তেওঁ য’ত বিতৰ্ক ত’ত। হয় কংগনা ৰানাৱটৰ কথাকে ক’ব বিচৰা হৈছে। এইবাৰ তেওঁ বিতৰ্কলৈ আহিছে বিকিনি পিন্ধি। সুশান্ত, শিৱসেনা, কৃষক আন্দোলনৰ পিছত শেহতীয়াকৈ অতীতৰ মেক্সিকো ভ্ৰমণৰ সময়ৰ স্মৃতিচাৰণেৰে দিয়া এখন ছবিক লৈ বিতৰ্ক হৈছে তেওঁৰ সাত শতৰুৰ পৰা পৰম মিত্ৰৰ মাজতো। বিকিনি পিন্ধা ছবিৰ বাবে ছ’চিয়েল মিডিয়াত কটাক্ষৰ সন্মুখীন হৈছে ৰানাৱট। অৱশ্যে স্বভাৱসিদ্ধ ভংগীৰে তাৰ উত্তৰো দিছে টুইটাৰযোগে।

বুধবাৰে পুৱা মেক্সিকো ভ্রমণৰ স্মৃতিত বিভোৰ কংগনাই সমুদ্রতীৰত চুলি মেলি বিকিনি পিন্ধি উঠা ছবি শ্বেয়াৰ কৰিছিল। মেক্সিকোৰ টুলুম নামৰ এটা সৰু দ্বীপত তোলা হৈছিল ছবিটি। এই ছবিক লৈ অনেকে প্রশংসা কৰিলেও বহুতে কটাক্ষও কৰে। পক্ষ-বিপক্ষৰ পোষ্ট ভৰি পৰে এই ছবিক লৈ।

পিছত কটাক্ষৰ উত্তৰ হিচাপে কুইন ৰানাৱটে নিজৰ আৰু এটা ছবি টুইট কৰে। তাত দিয়ে এই কেপচন- মোৰ বিকিনি পিন্ধা ছবি দেখি কিছু লোকে মোক ধর্ম তথা সনাতন প্রথাক লৈ উপদেশ দিছে। যদি কেতিয়াবা মা ভৈৰৱী মূৰৰ চুলি মেলি বহে, বস্ত্রহীন হৈ ৰক্তপান কৰা অৱতাৰ সন্মুখলৈ আহে, তেন্তে আপোনাৰ কি হ’ব? নিজকে ভক্ত বুলি দাবী কৰে? অৱস্থা বেয়া হৈ যাব আপোনাৰ। ধর্মৰ পথত চলিবলৈ শিকক, ইয়াৰ ঠিকাদাৰ হ’ব নাযাব… জয় শ্ৰী ৰাম।’

You might also like