নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়ৰ বাবেই মালাইকাই ছবিত অভিনয় নকৰে.. কিন্তু কি এই ভয়… চাওক এই প্ৰতিবেদন

বিশেষ বাৰ্তা, ৬ ডিচেম্বৰঃ বলীউডত ফিটনেছ, সৌন্দৰ্য্য আৰু নৃত্যৰ বাবে বিখ্যাত মালাইকা অৰোৰাক ডাঙৰ অভিনেত্ৰী হিচাপে গণ্য কৰা হয়। আজিকালি মালাইকা অৰোৰাৰ নতুন ৰিয়েলিটি শ্ব’ ‘মুভিং ইন উইথ মালাইকা’ৰ বাবে লাইমলাইটত আছে। ৫ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে অভিনেত্ৰীগৰাকীৰ ৰিয়েলিটি শ্ব’ আৰু প্ৰথম খণ্ডতে অভিনেত্ৰীগৰাকীয়ে সংলাপ কোৱাৰ ভয়ৰ কথা প্ৰকাশ কৰিছে। ডিজনী + হটষ্টাৰত ষ্ট্ৰীম কৰা হৈছে মলাইকাৰ শ্ব’ ‘মুভিং ইন উইথ মালাইকা’ৰ প্ৰথম খণ্ড। প্ৰথম শ্ব’টোত অভিনেত্ৰীগৰাকীয়ে নিজৰ মেনেজাৰ একতাৰ সৈতে বহু কথা পাতিছিল আৰু একেটা শ্ব’তে একতাই মালাইকাক সুধিছিল যে অভিনয়ৰ ভয়ত আপুনি ছবিৰ চিত্ৰনাট্যৰ পৰা আঁতৰি থাকে নেকি? একতাক প্ৰত্যুত্তৰ দি মালাইকাই কয়, ‘মই যদি সম্পূৰ্ণ সৎ হওঁ তেন্তে অভিনয়ৰ প্ৰতি মোৰ ভয় নাই, কিন্তু সংলাপ কোৱাৰ পৰা মই বহুত দ্বিধাবোধ কৰো বা আপুনি এইটোও ক’ব পাৰে যে হয়তো মই সংলাপ ক’বলৈ ভয় কৰো। মোৰ ভয় লাগে আৰু সেইবাবেই মই ছবিৰ চিত্ৰনাট্যৰ পৰা আঁতৰি থাকোঁ। মালাইকা অৰোৰাই আৰু কয় যে ‘মই আপোনালোকক কওঁ যে মোৰ ইমান বছৰৰ কেৰিয়াৰত মই ইমানবোৰ চিত্ৰনাট্য পঢ়িছো আৰু দেখিছো, কিন্তু এই ভয়ৰ বাবেই মই সদায় সেইবোৰৰ পৰা পলাই গৈছিলোঁ। ইয়াৰ লগতে স্কুলীয়া দিনতো মই এই সকলো ক্ৰাম কৰিব লাগিব বুলি ক্ৰাম কৰি বৰ বিৰক্ত হৈছিলো কাৰণ যিকোনো বস্তু ক্ৰাম কৰাটো মোৰ বাবে অতি কঠিন কাম আৰু মোৰ এই ভয় আজিও আছে।

You might also like