মোৰ হৃদয় আৰু আত্মা সকলো বেংগালুৰুৰ বাবে
এই জয় অনুৰাগীৰ বাবে যিমানেই সিমানেই দলৰ বাবেও’। বিৰাটে আৰু কয় যে ‘আই পি এলৰ ১৮ বছৰ হ’ল৷ যৌৱনৰ পৰা প্ৰাইম টাইমলৈকে এই প্ৰতিযোগিতাখনক মই সকলো দিছো। মই কেতিয়াও ভবা নাছিলো যে এই দিনটোও আহিব
মোৰ হৃদয় আৰু আত্মা সকলো বেংগালুৰুৰ বাবে
পঞ্জাৱ কিংছৰ বিৰুদ্ধে ঐতিহাসিক জয় পঞ্জীয়ন কৰিছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে। প্ৰথমবাৰৰ বাবে আই পি এল খিতাপ দখল কৰিছে আৰ চি বিৰ দলটোৱে। আই পি এলৰ প্ৰথমটো ট্ৰফী জয় কৰাৰ আনন্দত আৱেগিক যেন লাগিল আৰ চি বিৰ তাৰকা খেলুৱৈ বিৰাট কোহলিক। বাংগালুৰুৰ জয়ৰ সন্দৰ্ভত বিৰাট কোহলিয়ে কয় যে ‘মই এই দলটোক সকলো দিছো। ইয়াৰ ভিতৰত মোৰ সৰু বয়সৰ পৰাই মোৰ সমগ্ৰ অভিজ্ঞতাও অন্তৰ্ভুক্ত’। বিৰাটে কৈছিল যে ‘মোৰ হৃদয় আৰু আত্মা সকলো বেংগালুৰুৰ বাবে’।
বেংগালুৰুৰ জয়ৰ সন্দৰ্ভত বিৰাট কোহলীয়ে কয় যে ‘এই জয় অনুৰাগীৰ বাবে যিমানেই সিমানেই দলৰ বাবেও’। বিৰাটে আৰু কয় যে ‘আই পি এলৰ ১৮ বছৰ হ’ল৷ যৌৱনৰ পৰা প্ৰাইম টাইমলৈকে এই প্ৰতিযোগিতাখনক মই সকলো দিছো। মই কেতিয়াও ভবা নাছিলো যে এই দিনটোও আহিব। বিৰাটে কয় যে মেচৰ শেষৰ বলৰ পিছত মই আৱেগিক হৈ পৰিলোঁ’।
বিৰাট কোহলীয়ে তেওঁৰ বন্ধু এ বি ডি ভিলিয়াৰ্ছৰ বিষয়ে কয় যে এ বিয়ে এই ফ্ৰেঞ্চাইজিৰ বাবে যি কৰিছে সেয়া আচৰিত। বিৰাটে কৈছিল যে মেচৰ আগতে তেওঁ ডি ভিলিয়াৰ্ছক কৈছিল যে এই মেচখনো আপোনাৰ আৰু মই বিচাৰো যে এ বিয়ে আমাৰ সৈতে এই জয় উদযাপন কৰক। কোহলিয়ে কয় যে ডি ভিলিয়াৰ্ছ এতিয়াও আমাৰ খেলুৱৈ যিয়ে আৰচিবিৰ হৈ সৰ্বাধিক মেন অৱ দ্য মেচৰ বঁটা লাভ কৰিছে, যদিও তেওঁ চাৰি বছৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰিছে। এবিও আমাৰ সৈতে মঞ্চত থিয় দিয়াৰ যোগ্য।
বিৰাটে কয় যে ‘যেতিয়ালৈকে আই পি এল খেলাৰ সুযোগ পাম তেতিয়ালৈকে মই এই দলৰ হৈ খেলি থাকিম। মোৰ শেষৰখন মেচলৈকে এই দলটোক সকলো দিব বিচাৰো’। বিৰাটে ক’লে যে আজি তেওঁ কেঁচুৱাৰ দৰে শুব, মনত কোনো চিন্তা নোহোৱাকৈ।