নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩১ আগষ্টৰ পৰা চেনেল ‘ৰং’ত ৪ নতুন ধাৰাবাহিক

মনোৰঞ্জন জগতত জন্মলগ্ণৰে পৰা শিহৰণ সৃষ্টি কৰি ভিন্ন ৰুচিৰ ন ন ধাৰাবাহিক তথা অনুষ্ঠান পৰিৱেশন কৰি এক নতুন ধাৰাৰ সৃষ্টি কৰিছে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অন্যতম মনোৰঞ্জনধর্মী চেনেল ‘ৰং’–এ৷ সেই ধাৰাবাহিকতা অটুট ৰাখি সাম্প্রতিক জটিল পৰিস্থিতিৰ মাজতো ‘ৰং’–এ সমূহ দর্শকৰ বাবে সাজু কৰি তুলিছে কেইবাখনো নতুন ধাৰাবাহিক৷ ভিন্ন ৰসৰ চাৰিখনকৈ মেগা ধাৰাবাহিকৰ সম্প্রচাৰ হ’ব ৩১ আগষ্টৰ পৰা৷ ‘বান্ধোন’, ‘দুটি মনৰ জোনাক’, ‘আডসীৰ জোনাক’ আদিৰ দৰে সফল ধাৰাবাহিকৰ পৰিসমাপ্তিৰ পিছত ৰঙৰ এই অভিনৱ আয়োজনে নিশ্চয় দর্শকৰ সমাদৰ লাভ কৰিব৷ দর্শকৰ ৰুচি–ভিৰুচিৰ প্রতি লক্ষ্য ৰাখি চেনেলটোৱে এইবাৰ যি চাৰিখন ধাৰাবাহিক সম্প্রচাৰ কৰিব, প্রত্যেকখনেই ভিন্ন ৰসৰ তথা ভিন্ন বিষয়বস্তুৰ৷ দুটি মনৰ জোনাকৰ ঠাইত প্রতি সোমবাৰৰ পৰা শনিবাৰলৈ ‘ৰং’ত সম্প্রচাৰ হ’ব বিশিষ্ট পৰিচালক জয়ন্ত ডেকাৰ কাহিনী আৰু পৰিচালনাত, নৱজ্যোতি বৰাৰ চিত্রনাট্যৰে হাস্যধর্মী ধাৰাবাহিক ‘দৈনন্দিন’৷ দৈনন্দিন জীৱনত প্রতিনিয়ত মানুহে মুখামুখি হোৱা সৰু–বৰ ঘটনাৰ সজীৱ চিত্রায়ন ঘটিছে এই ধাৰাবাহিকখনত৷ ‘জীৱনৰ টুকুৰা খবৰ’– এয়ে হৈছে ‘দৈনন্দিন’ ধাৰাবাহিকৰ সঁচা অর্থত পাঞ্চ লাইন৷ বিভিন্ন কাহিনীৰে সজোৱা ধাৰাবাহিকখনৰ প্রতিটো খণ্ডতে দর্শকে এক সুকীয়া মাদকতা লাভ কৰিবলৈ সক্ষম হ’ব৷ বিশিষ্ট অভিনেতা জয়ন্ত ভাগৱতী, পিংকু তামুলী, মৃদুস্মিতা দিহিঙীয়া, বিজয় শংকৰ শইকীয়া, নিৰূপম কোচ, হিৰণ্য গোস্বামী, মীনাক্ষি দেৱী, প্রয়াস ফুকন, ৰাজমণি ভূঞা, প্রিয়ংকা শর্মা, কালিন্দী দাস, ৰাতুল বৈশ্য, বিশ্বজ্যোতি শর্মা আদিৰ অভিনয়েৰে সমৃদ্ধ ‘দৈনন্দিন’ৰ শীর্ষ গীতটিয়ে ইতিমধ্যে জনপ্রিয়তা অর্জন কৰা পৰিলক্ষিত হৈছে৷ বাস্তৱ জীৱনৰ ব্যস্ততাপূর্ণ মুহূর্তবোৰত ‘দৈনন্দিন’ ডপভোগ কৰি প্রত্যেকেই হয়তো কিছু পৰিমাণে সজীৱতা লাভ কৰিব৷
আনহাতে, ৩১ আগষ্টৰ পৰা নিশা ৯ বজাত সম্প্রচাৰ আৰম্ভ হ’ব জনপ্রিয় পৰিচালক প্রণৱ বিবেকৰ পৰিচালনাত, গীতিকা ঠাকুৰীয়া দাসৰ কাহিনী আৰু চিত্রনাট্যৰে সুন্দৰ ধাৰাবাহিক ‘অস্ত আকাশৰ জোন’৷ এক নিভাঁজ প্রেম কাহিনীৰে পৰিপুষ্ট আৰু পৰিয়ালকেন্দ্রিক সংঘাত, ষডযন্ত্রৰে ভৰপূৰ এখন সম্পূর্ণ মনোৰঞ্জনধর্মী অসমীয়া ধাৰাবাহিকৰূপে প্রতি সোমবাৰৰ পৰা শনিবাৰলৈ সম্প্রচাৰ হ’বলগীয়া ধাৰাবাহিকখনত অভিনয় কৰিছে ভার্গৱ দাস, শিল্পীশিখা, লিপিকা বৰা মেধি, মিহিৰ বৰুৱা, সীমাশ্রী বৰা, ৰূপালী দেৱী, পল্লৱী ফুকন, ৰূপম চেতিয়া, ৰূপম বৰুৱা, বিনয় ডেকা, দীপশিখা, অনিন্দিতা, গৌতম, মুকুত, অভিলাষ আদিয়ে৷ শিশুশিল্পী হিচাপে দেখা গৈছে মেহনাজ ফাতেমা ৰহমান, সুৰজ দাস, মনালিছা ৰাজবংশীক৷ দীপলিনা ডেকাই কণ্ঠদান কৰা শীর্ষ গীতটি কথা, সুৰ আৰু সংগীতেৰে সজাইছে পৰীক্ষিত কলিতাই৷ প্রেম মানে যে কেৱল প্রাপ্তি নহয়, প্রেমৰ ত্যাগ আৰু আদর্শই যে অমৰত্ব লাভ কৰিব পাৰে, তাৰেই সবল ডপস্থাপন ‘অস্ত আকাশৰ জোন’৷
‘দামিনী’, ‘কাঞ্চন’ আদি সফল ধাৰাবাহিক পৰিচালনা কৰা নৱপ্রজন্মৰ জনপ্রিয় পৰিচালক নানান পাচনিৰ পৰিচালনাত সোমবাৰৰ পৰা শনিবাৰলৈ নিশা ৮.৩০ বজাত সম্প্রচাৰ হ’ব ধাৰাবাহিক ‘নমামি’৷ মাতৃত্ব এক অনন্য অনুভৱ৷ সেই অনুভৱৰ মাদকতা কেৱল মাতৃয়েহে অনুভৱ কৰিব পাৰে৷ প্রত্যেক মাকৰ বাবে সন্তান এক সম্পদ, আদৰ আৰু মৰমৰ৷ তাতে যদি পুত্র হয়, মাকৰ মৰম দুগুণে বৃদ্ধি হয়৷ এয়া আমাৰ জীৱনৰ অপ্রিয় সত্য৷ মাতৃ–পুত্রৰ অভিন্ন সম্পর্কৰ মাজত বোৱাৰীৰ আৱির্ভাৱে সম্পর্কৰ মাজত আডল লগায়, ক্রমান্বয়ে সম্পর্কৰ মাজৰ দৃঢ়তাৰ জৰীডালো সোলোক–ঢ়োলোক হয়৷ প্রত্যেক পৰিয়ালতে প্রায়ে দেখা পোৱা শাহু–বোৱাৰী আৰু পুত্রৰ কাহিনীৰে ‘নমামি’ৰ কাহিনী সুন্দৰকৈ সজাইছে ডদীয়মান চিত্রনাট্যকাৰ নয়ন সাডদে৷ অসমৰ বহুকেইগৰাকী বলিষ্ঠ অভিনেতা–ভিনেত্রী ক্রমে সাগৰিকা গোস্বামী, অমিতাভ ৰাজখোৱা, জুৰি শর্মা, অবতোষ ভূঞা, জয় কাশ্যপ, অশ্রুমণি বৰা, ত্রৈলোক্য কাশ্যপ, বনজ্যোৎস্না, স্পেইনী, ধীৰাজৰ লগতে দুটা মুখ্য চৰিত্রত দেখা যাব অমিত কুমাৰ বৰা আৰু জুনু নাথক৷ ভাস্কৰ শর্মাই সুন্দৰকৈ প্রতিটো দৃশ্য কেমেৰাৰে আবদ্ধ কৰা ধাৰাবাহিকখনে পূর্বৰ ধাৰাবাহিক দুখনৰ দৰে দর্শকৰ মৰম আৰু সঁহাৰি নিশ্চয়কৈ লাভ কৰিব৷
‘ৰং’ৰ আন এখন ধাৰাবাহিক হ’ল পৰিচালক দীপেন নাথৰ পৰিচালনাৰে ‘সৰাপাত’৷ চিত্রনাট্যকাৰ নয়ন সাডদ আৰু দীপেন নাথৰ কাহিনীক চিত্রনাট্য আৰু সংলাপেৰে সজাইছে স্মিতা বৰাই৷ সৰাপাতৰ প্রতিটো দৃশ্য নিখুঁতভাৱে কেমেৰাৰে আবদ্ধ কৰিছে পৰিচালকে নিজেই৷ সেয়ে হয়তো সৰাপাতক এক সুকীয়া মান প্রদান কৰিছে৷ ধাৰাবাহিকখনৰ প্রতিটো দৃশ্যক সবল অভিনয়েৰে প্রাণৱন্ত কৰি তুলিছে অপর্ণা দত্ত চৌধুৰী, মৃদুল বৰুৱা, নর্মদা দাস, প্রাণকৃষ মহন্ত, নীলা শইকীয়া, পিকু শর্মা, সত্যেন শর্মা, অৰূপ বৰা, পল্লৱী গোহাঁই পাঠক, পার্থ হাজৰিকা, দেৱশ্রী গগৈ, দেৱা সৰোজ, ভাস্কৰ, অংশুমিতা, সুস্মিতা, মণিৰাজ, দ্বিজেন, হিৰণ্য, বলীন, জগত আদিয়ে৷ ডল্লেখ্য যে ‘সৰাপাত’ৰ মুখ্য এটা চৰিত্রত অভিনয় কৰিছে জনপ্রিয় অভিনেত্রী অমৃতা গগৈয়ে৷
বর্তমান সময়ৰ অস্থিৰতা আৰু অৱসাদপূর্ণ মানুহৰ মনবোৰ জীপাল কৰি তুলিবৰ বাবে ‘ৰং’ৰ প্রচেষ্টা আৰু প্রয়াসক সফল কৰি তুলিব দর্শকৰ আদৰ তথা মৰমে৷ ইতিমধ্যে যোৱা ২০ জুলাইৰ পৰা কেইবাটাও মনোগ্রাহী অনুষ্ঠানৰ এঘণ্টাজোৰা এক অভিনৱ সম্প্রচাৰ ‘দুপৰৰ ৰং’ শীর্ষক এক অনুষ্ঠানৰ প্রচাৰ আৰম্ভ হৈছে৷ জনপ্রিয় ধাৰাবাহিক ‘গোৱর্ধন চৰিত’, ‘অধিকাৰ’ আৰু ‘পাকঘৰক’ লৈ সম্প্রচাৰ আৰম্ভ হোৱা এই অনুষ্ঠানত গোৱর্ধন চৰিতৰ সম্প্রচাৰ ইতিমধ্যে সমাপ্ত হৈছে আৰু ইয়াৰ ঠাইত ‘মই নন্দিনী আপোনাৰ জীয়ৰী’ শীর্ষক এখন জনপ্রিয় মেগা ধাৰাবাহিকৰ সম্প্রচাৰ আৰম্ভ হৈছে৷ শনিবাৰৰ দিনটোত ‘দুপৰৰ ৰং’ত সম্প্রচাৰ হয় এক অভিনৱ পোনপটীয়া সম্প্রচাৰ৷ এই পোনপটীয়া সম্প্রচাৰত ডপস্থিত থকা গণ্যমান্য শিল্পীৰ সৈতে দর্শকেও মত বিনিময়ৰ সুযোগ লাভ কৰিছে৷ লগতে সপ্তাহটোত ‘দুপৰৰ ৰং’ অনুষ্ঠানত সম্প্রচাৰ হৈ যোৱা ধাৰাবাহিকৰ খণ্ডকেইটাৰ ওপৰত এক আমোদজনক প্রশ্ণোত্তৰ শিতান অনুষ্ঠিত হয়৷ এই প্রতিযোগিতাত অংশগ্রহণ কৰি শুদ্ধ ডত্তৰ দি লাভ কৰিব পাৰে আকর্ষণীয় পুৰস্কাৰ৷

You might also like