নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰং চেনেলত আজিৰে পৰা নতুন ধাৰাবাহিক অম্রপালী

বিশেষ বাৰ্তা, ১৫ মেঃ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ বেনাৰত অসম তথা উত্তৰ–পূবৰ জনপ্রিয় মনোৰঞ্জনধর্মী চেনেল ‘ৰং’ত কংকন ৰাজখোৱাৰ পৰিচালনাৰে কাইলৈৰ সম্প্রচাৰ হ’ব এখন নতুন ধাৰাবাহিক অম্রপালী৷ ধাৰাবাহিকখন প্রতি সোমবাৰৰ পৰা শনিবাৰলৈ সন্ধিয়া ৭ বজাত আৰু ১০ বজাত সম্প্রচাৰ হ’ব৷ ধাৰাবাহিকখনৰ কাহিনী অনুসৰি নিশা এটা দুর্ঘটনাত চহৰৰ প্রখ্যাত ব্যৱসায়ী মুকেশ চহৰীয়াৰ মৃত্যু হয়৷ কিন্তু মুকেশ চহৰীয়াৰ পত্নী ৰাধিকা চহৰীয়াই অভিযোগ তুলিছে যে এইটো দুর্ঘটনা নহয়৷ এটা পৰিকল্পিত হত্যাকাণ্ড আৰু এহ হত্যাকাণ্ডৰ লগত জনপ্রিয় মডেল তথা নায়িকা অম্রপালী জড়িত হৈ আছে৷ ৰাধিকা চহৰীয়াৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু ইয়াৰ পৰাই অম্রপালীৰ কাহিনী আৰম্ভ হয়৷ মহানগৰৰ প্রখ্যাত ডাক্তৰ দম্পতী সুব্রত কাকতি আৰু নীলাক্ষি কাকতিৰ একমাত্র কন্যা অম্রপালী কাকতি৷ এটা সম্ভ্রান্ত পৰিয়ালৰ একমাত্র কন্যা হোৱাৰ পাছতো অম্রপালীয়ে সৰুৰে পৰা জীৱনটোৰ বাবে বহু সংঘাত কৰিব লগা হৈছে৷ মাক–দেউতাকৰ মৰমৰ সলনি তাই কেৱল অৱহেলাৰহে সন্মুখীন হ’ব লগা হয়৷ কিন্তু মাক–দেউতাকৰ অৱহেলাৰ মাজত ডাঙৰ হোৱা অম্রপালীৰ জীৱনত হঠাৎ ৰাহুল নামৰ এজন যুৱকৰ আগমন ঘটে৷ ৰাহুলৰ সান্নিধ্যত আগুৱাবলৈ বিচৰা অম্রপালীক বহু ছলনাৰে দেডতাক সুব্রত কাকতিয়ে ৰাহুলৰ কাষৰ পৰা অম্রপালীক আঁতৰাহ আনি পদ্মনাভ নামৰ এজন ব্যৱসায়ীৰ লগত বিয়া দিয়ে আৰু অম্রপালীৰ জীৱনত পুনৰ সংঘাত আৰম্ভ হয়৷ বিয়াৰ কিছুদিন পাছতেই অম্রপালীৰ সংসাৰ ভাগে৷ তাৰ পাছতেহ অনন্যা নামৰ অম্রপালীৰ এগৰাকী বান্ধৱীয়ে অম্রমালীক কেনেদৰে এটা নতুন জীৱন দিয়াত সহায় কৰে আৰু চহৰৰ প্রখ্যাত ব্যৱসায়ী মুকেশ চহৰীয়াৰ দুর্ঘটনাৰ লগত কিয় অম্রপালীৰ নাম সাঙোৰ খালে, সেই কথা এই ধাৰাবাহিকখনত দেখুৱাবলৈ চেষ্টা কৰা হৈছে৷ ধাৰাবাহিকখনৰ নাম ভূমিকাত জনপ্রিয় অভিনেত্রী প্রীতিকংগনাই অভিনয় কৰাৰ লগতে ধাৰাবাহিকখনৰ আন চৰিত্রত অভিনয় কৰিছে দেৱজিত মজুমদাৰ, বিকি, শশাংক সমীৰ, অনিতা চক্রৱর্তী, ধ্রুৱ দাস, বাব্লি বৰা, কল্যাণজ্যোতি কোঁৱৰ, সীমাশ্রী বৰা, চন্দন দাস, পুনম ভৰালীকে ধৰি বহু ন–পুৰণি অভিনেতা–অভিনেত্রীয়ে৷ ৰঙৰ আন আন ধাৰাবাহিকৰ দৰে অম্রপালীকো অসমৰ দর্শকে মৰম দিব আৰু অম্রপালীৰ যাত্রাৰ সংগী হৈ ৰ’ব বুলি আশাবাদী ৰং পৰিয়াল৷

You might also like