নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰোগ নিৰাময়ত সূর্যমুখী ফুল

এইবিধ ফুল সূর্য উদয় হোৱাৰ লগে লগে ফুলে আৰু সূর্য অস্ত যোৱাৰ লগে লগে ই জাপ খাই যায়৷ সেয়েহে ইয়াক সূর্যমুখী বা বেলিফুল বোলা হয়৷ দেখিবলৈ ই অতিকে মনোমোহা৷ ইয়াৰ তিনিটা বৰণৰ প্রজাতি পোৱা যায়৷ এয়া– শ্বেতবর্ণ White), হালধীয়া Yellow) আৰু বেগুনীয়া Purple)৷ ইংৰাজীত ইয়াকSunflower, সংস্কৃতত সূর্যাবর্ত্ত আৰু হিন্দীত সূৰযমুখী বোলা হয়৷ উল্লেখ্য যে এই গছজোপা পৰিত্যক্ত ভূমি, বন–বননি আৰু বাটৰ কাষে কাষেও গজে৷ অসম তথা ভাৰতবর্ষৰো প্রায়বোৰ প্রান্ততে এই ফুলগছজোপা হয়৷ ই ২ৰ পৰা প্রায় ৪ ফুট পর্যন্ত ওখ হয়৷ ইয়াৰ পাত পাঁচপতীয়া৷ ফুলৰ পাহি হালধীয়া, বগা আৰু বেগুনীয়া৷ ফুলৰ মাজ অংশত থকা কোষৰ ভিতৰত বীজ (গুটি) থাকে৷ এই বীজৰ পৰাই পুনৰ গছ গজে৷ ঔষধি গুণৰ ক্ষেত্রত তিনিওটা বৰণৰ প্রজাতিৰ মাজত কোনো তাৰতম্য নাই৷

ঔষধি গুণঃ মূত্রকৃচ্ছ strongury) ৰোগত ইয়াৰ বীজ (গুটি) বটি একাপ ঠাণ্ডা পানীৰ লগত মিহলাই দিনে দুবাৰকৈ একেৰাহে এক সপ্তাহ সেৱন কৰিলে উক্ত ৰোগ নিৰাময় হয়৷

সকলো ধৰণৰ জ্বৰত ইয়াৰ এক চাহচামুচ শিপাৰ ৰসৰ লগত সামান্য বিশুদ্ধ মৌ–জোল মিহলাই দিনত ২বাৰকৈ একেৰাহে ৪ বা ৫ দিন সেৱন কৰিলে জ্বৰ শাম কাটে৷
ইয়াৰ কেইটামান পাতৰ সৈতে জাতি জালুক কেইটামান বটি বড়ি তৈয়াৰ কৰি দিনত ২টাকৈ একেৰাহে ৩ বা ৪ দিন গ্রহণ কৰিলে শীতকালত হোৱা প্রবল জ্বৰ নিৰাময় হয়৷

শিশুৰ পেটৰ বিষ হ’লে ফুলৰ আধা চাহচামুচ ৰস আধা কাপ বিশুদ্ধ গাখীৰৰ লগত মিহলাই দিনত ২বাৰকৈ ২ বা ৩ দিন সেৱন কৰিলে বিষ উপশম হয়৷

প্রতিদিনে এটাকৈ ইয়াৰ বীজ একেৰাহে ৩ বা ৪ দিন খালী পেটত গ্রহণ কৰিলে সকলো বয়সৰ ব্যক্তিৰ কৃমি বা পেলুৰ সমস্যা সমাধান হয়৷

শৰীৰৰ যিকোনো বিষৰ পৰা পৰিত্রাণ পাবলৈ ইয়াৰ বীজ মিহিকৈ বটি কেইদিনমান গ্রহণ কৰিলে সুফল পোৱা যায়৷

অর্শ Piles) ৰোগ নিৰাময়ৰ বাবে আধা চামুচ বীজৰ (গুটি) চূর্ণৰ লগত সামান্য চেনি মিশ্রণ কৰি প্রতিদিনে পুৱা আৰু সন্ধিয়া একেৰাহে ৮ বা ১০ দিন গ্রহণ কৰিব লাগে লগতে আধাকাপ দৈ গ্রহণ কৰিলে তেজ পৰা অর্শও সম্পূর্ণ নিৰাময় হয়৷

তীব্র মূৰৰ বিষত Migraine) বীজৰ লগত পাতৰ ৰস মিশ্রণ কৰি কপালত ঘঁহিলে যথেষ্ট উপকাৰ সাধন কৰে৷

মহিলাৰ যোনি জ্বলাপোৰা ৰোগতো ইয়াৰ শিপা মিহিকৈ বটি পাতলকৈ প্রলেপ দিলে সুফল পোৱা যায়৷

শৰীৰৰ যিকোনো অংশত উঠা ফোঁহাত ইয়াৰ পাত বান্ধি ৰাখিলে সুফল পোৱা যায়৷

শ্বাস, বাত–পিত্ত আদিত ভোগা ৰোগীয়ে গছজোপাৰ পাত, ফুল, গুটি, ছাল শিপা আদিৰ পৰা একগোট কৰি প্রস্তুত কৰা চূর্ণ গাখীৰৰ লগত মিশ্রণ কৰি সেৱন কৰিলে ৰোগৰ উপশম ঘটে৷

মানৱ দেহত কলেষ্টেৰলৰ মাত্রা নিয়ন্ত্রণ কৰি ৰখাত ইয়াৰ বীজ (গুটি) পৰম মহৌষধি আহাৰ৷
যৌন ৰোগ (গৰ্মি) Syphilis) নাশত ইয়াৰ পাতৰ ৰস পৰম মহৌষধ৷

কাণৰ ভিতৰত হোৱা পোক মাৰিবলৈ ইয়াৰ সতেজ পাতৰ ৰসৰ লগত আদা, জালুক, পিপ্লি তিনিওবিধৰ চূর্ণ ভালদৰে মিহলাই অলপ গৰম কৰি এটোপাল বা দুটোপালকৈ ২ বা ৩ দিন কাণৰ ভিতৰত দিব লাগে৷

শৰীৰৰ পৰা বিপাকীয় কার্যৰ ফলত সৃষ্টি হোৱা অতিৰিক্ত পানী, প্রস্রাৱ, ঘাম আদি দূষিত পদার্থবোৰ ইয়াৰ বীজৰ তেল নাভিত ভালদৰে লগালে বাহিৰ ওলাই আহে৷

গৰল ৰোগত ইয়াৰ শিপা আৰু লগতে নহৰুৰ ফোট (কোঁহ) ডিঙিত আঁৰি ল’লে ৰোগ নিৰাময় হয়৷

বায়ু তথা পৰিৱেশ প্রদূষণমুক্তৰ ক্ষেত্রত সূৰুযমুখী ফুল গছজোপাৰ ভূমিকা অনন্য৷

গতিকে ইমানবোৰ উপকাৰী এনে এজোপা গছ আমি নিজৰ ঘৰৰ চৌহদত ৰোপণ কৰি সুস্থ–সবল আৰু নিৰোগী হৈ জীয়াই থাকিব পাৰোঁ৷

ঘনশ্যাম দাস

You might also like