নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭৫ কোটি টকা দৰমহাৰ চাকৰি এৰি সন্ন্যাসৰ পথ আম্বানিৰ ঘনিষ্ঠ প্রকাশ শ্বাহ-ৰ

বিলাসী জীৱন যাপন সত্ত্বেও অশান্তিত ৰিলায়েঞ্চৰ উপাধ্যক্ষ

৭৫ কোটি টকা দৰমহাৰ চাকৰি এৰি সন্ন্যাসৰ পথ আম্বানিৰ ঘনিষ্ঠ প্রকাশ শ্বাহ-ৰ

সন্ন্যাসৰ পথেৰে আহিব শান্তি – এই দাবী ৭৫ কোটি টকা দৰমহাৰ চাকৰি, বিলাসবহুল জীৱন যাপন ত্যাগ কৰি সন্ন্যাসী হৈ মুকেশ আম্বানিৰ ঘনিষ্ঠ হিচাপে পৰিচিত ৰিলায়েঞ্চ ইণ্ডাষ্ট্রিজৰ উপাধ্যক্ষ প্রকাশ শ্বাহৰ৷ মহাবীৰ জয়ন্তীত পত্নীৰ সৈতে দীক্ষা লয় প্রকাশ শ্বাহে৷

ইয়াৰ পিছতে দামী পোছাক, বিলাসী গাড়ী, প্রাসাদসদৃশ বাসগৃহ ত্যাগ কৰি এখন কাপোৰ পিন্ধি খালী ভৰিৰে ভিক্ষুকৰ জীৱন আৰম্ভ কৰিছে প্রকাশ শ্বাহে৷ কেমিকেল ইঞ্জিনীয়াৰিঙৰ স্নাতক ডিগ্রীধাৰী প্রকাশে বোম্বে আইআইটিৰ পৰা মাষ্টার্ছ ডিগ্রী লাভ কৰিছিল৷

ছাত্র অৱস্থাৰ পৰাই অতি মেধাৱী আছিল প্রকাশ৷ কর্মজীৱনতো কঠোৰ পৰিশ্রমী হিচাপে সুনাম আছিল প্রকাশৰ৷ ইয়াৰ ফলতে কম দিনৰ ভিতৰতে ৰিলায়েঞ্চৰ শীর্ষ পদবীত আৰোহণ কৰিছিল প্রকাশ শ্বাহে৷

লক্ষণীয়ভাৱে ৰিলায়েঞ্চৰ মুৰব্বী মুকেশ আম্বানিৰ অতি ঘনিষ্ঠ হৈ পৰিছিল প্রকাশ৷ কিন্তু বিলাসবহুল জীৱনৰ মাজত শান্তি বিচাৰি পোৱা নাছিল প্রকাশে৷ সেইবাবে সন্ন্যাস লোৱাৰ সিদ্ধান্ত ল’লে প্রকাশ শ্বাহে৷

Niyomiya Barta Desk, Date of Published – 25-06-2025

You might also like