নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘সুশান্তই সপোনত মোক সকলো সঁচা কথা ক’বলৈ কৈছে’

নিয়মীয়া বাৰ্তা, ২৮ আগষ্টঃ সুশান্তই সপোনত মোক সকলো সঁচা কথা ক’বলৈ কৈছে। ইণ্ডিয়া টুডেৰ এক বিশেষ সাক্ষাতকাৰত এই মন্তব্য সুশান্ত সিং ৰাজপুতৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীৰ। কেইবাটাও তীক্ষ্ণ প্ৰশ্নৰ সন্মুখীন হোৱা ৰিয়াই কিয় এৰিব লগীয়া হৈছিল সুশান্তৰ ঘৰ, সুশান্তৰ ঘৰৰ সৈতে কেনেকুৱা সম্পৰ্ক মৃত্যুৰ দিনা কি কৰিছিল ৰিয়াই ইত্যাদি ইত্যাদিকে ধৰি বহু প্ৰশ্নৰ।

সুশান্তৰ মৃত্যুৰ তদন্ত CBIৰ হাতলৈ যোৱাৰ পাছতেই তীব্ৰ জেৰাৰ সন্মুখীন হৈছে ৰিয়া। ED, NCBকে ধৰি সকলো অনুসন্ধানকাৰী সংস্থাৰ সৈতে জেৰাৰ সন্মুখীন হোৱা ৰিয়াই নিজকে সুশান্তৰ মৃত্যুৰ বাবে দোষী নহয় বুলি দাবী কৰিছে। মৃত্যুৰ দিনা ৰিয়া সুশান্তৰ ঘৰত নাছিল, সুশান্তৰ নিজৰ ভগ্নীহে আছিল বুলি মন্তব্য কৰাৰ লগতে সুশান্তৰ মৃত্যুৰ খবৰ এগৰাকী বন্ধুৰ পৰাহে পোৱা বুলি মন্তব্য কৰে।

এটা পাৰ্টীৰ পৰা প্ৰেমৰ আৰম্ভণি হোৱা সুশান্ত আৰু ৰিয়াই অতিবাহিত কৰিছিল বহু মধুময় সময়। দুয়ো একেলগে ইউৰোপ ভ্ৰমণ কৰাৰ সময়তহে সুশান্ত মানসিক ভাৱে ভাঙি পৰা আৰু হতাশাগ্ৰস্তৰ কথা গম পাইছিল ৰিয়াই। পূৰ্বতেও মনোৰোগ বিশেষজ্ঞৰ সৈতে এই হতাশাগ্ৰস্ত ৰোগৰ বিষয়ে আলোচনা হৈছিল আৰু চিকিৎসাও কৰিছিল।

সুশান্ত সিং ৰাজপুতৰ পৰিয়াল, শুভাকাংক্ষীসকলৰ কোনোকাৰণতে সহজভাৱে ল’ব পৰা নাই এয়া আত্মহত্যাৰ ঘটনা বুলি। এজন প্ৰতিভাশালী, সৎ অভিনেতাই আত্মহত্যা কৰিব নোৱাৰে বুলি সকলো প্ৰতিবাদমুখৰ হৈ পৰাৰ পাছতে অভিযোগ উত্থাপন হৈছিল এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি আৰু ৰিয়া চক্ৰৱৰ্তী জড়িত আছে বুলিও সকলোৱে সন্দেহ প্ৰকাশ কৰাৰ পাছতে এই সাক্ষাৎকাৰত সকলো অভিযোগ নস্যাৎ কৰে ৰিয়াই।

মহেশ ভাটৰ সৈতে ৰিয়াৰ অতি ঘনিষ্ঠ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত ৰিয়াই প্ৰথমবাৰৰ বাবে ইণ্ডিয়া টুডেৰ সাক্ষাতকাৰত কয় যে মহেশ ভাটৰ সৈতে মোৰ পিতৃসম সম্পৰ্ক আৰু সুশান্তৰ সৈতেও মহেশ ভাটৰ সম্পৰ্ক ভাল আছিল।

সুশান্তৰ আত্মহত্যৰ খবৰ শুনি মই আচৰিত হৈ পৰিছিলো, কেনেকৈ সুশান্তই আত্মহত্যা কৰিব পাৰে তাকে লৈ মই মানসিক ভাৱে ভাঙি পৰিছিলো। সুশান্তৰ মোৰ সৈতে এদিনতে প্ৰেম হৈছিল কিন্তু ‘I LOVE YOU’ বুলি ক’বলৈ কিছু সময় বিচাৰিছিলো আৰু আজি অনুধাৱন কৰিছো এই ‘I LOVE YOU’ৰ বাবে বহু মানসিক অশান্তিৰ সন্মুখীন হৈছো বুলিও মন্তব্য কৰে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে।

You might also like