নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিনা পৰীক্ষাত ছাত্ৰক পাছ কৰাব নোৱাৰিব… মহাবিদ্যালয় সমূহে পৰীক্ষা অনুষ্ঠিত কৰিবই লাগিবঃ উচ্চতম ন্যায়ালয়

নিয়মীয়া বাৰ্তা ২৮ আগষ্টঃ মহাবিদ্যালয় সমূহে চৃড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰিবই লাগিব। এই সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ে ৰায়দান কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ে আজি ৰায়দানত উল্লেখ কৰে যে ৰাজ্যৰ পৰীক্ষা বাতিল কৰাৰ অধিকাৰ আছে, কিন্তু কোনো ছাত্ৰক বিনা পৰীক্ষাত পাছ কৰাতো অসম্ভৱ। অৱশ্যে ৰাজ্যসমূহে সুবিধা অনুযায়ী পৰীক্ষাৰ তাৰিখ নিৰ্ধাৰণ কৰিব পাৰিব৷ লগতে ন্যায়ালয়ে ইউজিচিৰ ৬ জুলাইৰ গাইডলাইনচক শুদ্ধ বুলি কৈছে।

আনহাতে ৩০ ছেপ্টেম্বৰৰ ভিতৰত পৰীক্ষা নাপাতিলেও হ’ব আৰু ৰাজ্যসমূহে পৰিস্থিতি চাই তাৰিখ নিৰ্ধাৰণ কৰিব পাৰিব৷

মুখ্য ন্যায়াধীশ অশোক ভুষণ আৰু সুভাষ ৰেড্ডী আৰু এম আৰ শ্বাহৰ বিচাৰপীঠে কয় যে এইটো ছাত্ৰৰ ভৱিষ্যতৰ কথা। দেশত উচ্চ শিক্ষাৰ পৰিৱেশ বৰ্তাই ৰক্ষাতো জৰুৰী।

উল্লেখ্য যে ক’ৰোনা সংক্ৰমণৰ বাবে পৰীক্ষা বাতিল কৰিব লাগে বুলি বিভিন্ন পক্ষই উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল। যাৰ বাবে ন্যায়ালয়ে আজি এই ৰায়দান কৰে।

You might also like