খেলক আগত ৰাখি যুগ্মজীৱনৰ তাৰিখ পিছুৱালে ৰিংকুৱে
ভাৰতীয় ক্ৰিকেটাৰ ৰিংকু সিং আৰু সাংসদ প্ৰিয়া সৰোজৰ বিবাহ চলিত বৰ্ষৰ নৱেম্বৰ মাহত হোৱাৰ কথা আছিল যদিও এতিয়া বিবাহ স্থগিত ৰখা হৈছে। ৮ জুনত লক্ষ্ণৌৰ এখন বিলাসী হোটেলত ৰিংকু আৰু প্ৰিয়াৰ এংগেজমেণ্ট হয়, য’ত বিচিচিআইৰ উপ সভাপতি ৰাজীৱ শুক্লাৰ লগতে সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱ, জয়া বচ্চন আৰু বহু ভিভিআইপি অতিথি উপস্থিত থাকে। দুয়োৰে বিয়া হোৱাৰ কথা আছিল ২০২৫ চনৰ ১৮ নৱেম্বৰত, যিটো এই বছৰ এতিয়া নহ’ব।
২০২৫ চনৰ ১৮ নৱেম্বৰত তাজ বাৰাণসীত ৰিংকু সিং আৰু প্ৰিয়া সৰোজৰ বিবাহ হোৱাৰ কথা আছিল। আই পি এল ২০২৫ৰ পূৰ্বে দুয়োৰে এংগেজমেণ্ট হৈছিল, কওঁ ৰিংকু সিঙে কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ খেলে আৰু এই ছিজনৰ বাবে ফ্ৰেঞ্চাইজিয়ে তেওঁক ১৩ কোটি টকাৰ বিপুল ধনেৰে ধৰি ৰাখিছে।
কিয় পিছুৱাই দিয়া হ’ল ক্ৰিকেটাৰগৰাকীৰ বিয়া?
অমৰ উজালাৰ প্ৰতিবেদন অনুসৰি ৰিংকু সিং আৰু প্ৰিয়া সৰোজৰ বিয়া স্থগিত ৰখা হৈছে। ইয়াৰ আঁৰৰ কাৰণ হ’ল ৰিংকুৰ দলৰ প্ৰতি থকা দায়বদ্ধতা। ৰিংকুৱে দলৰ লগত খেলিবলৈ যাব লাগে। তেওঁৰ পৰিয়ালৰ সদস্যৰ উদ্ধৃতিৰে প্ৰতিবেদনত কোৱা হৈছে যে এতিয়া ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত এই বিয়াখন অনুষ্ঠিত হ’ব।
ক্ৰিকেট প্ৰতিযোগিতাখনৰ ব্যস্ততাৰ বাবে বিয়াখন পিছুৱাই দিয়া হৈছে, তাজ বাৰাণসীৰ পৰা নৱেম্বৰৰ বাবে বুকিং বাতিল কৰা হৈছে। এতিয়া ফেব্ৰুৱাৰী মাহৰ বুকিং হৈ গ’ল, এইখনেই হ’ব বিয়াৰ স্থান। প্ৰতিবেদনত লগতে কোৱা হৈছে যে ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বিয়াখন অনুষ্ঠিত হ’ব যদিও ইয়াৰ তাৰিখ এতিয়াও নিশ্চিত হোৱা নাই।
Niyomiya Barta Desk, DOP – 24-06-2025