কুম্ভমেলা : প্রেমত পৰি অঘৰীৰে বিয়া ৰুছ তৰুণীৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ জানুৱাৰীঃ উত্তৰ প্রদেশৰ প্রয়াগৰাজত আয়োজিত মহাকুম্ভত কোটি কোটি ভক্তৰ সমাগম ঘটিছে৷ এই কুম্ভমেলাক লৈ অজস্র কাহিনী পোহৰলৈ আহিছে৷ বিশ্বৰ বৃহত্তম ধর্মীয় সমাৱেশ মহাকুম্ভত পুণ্যস্নানৰ লগতে অন্য বহু অদ্ভুত ঘটনাই নজৰ কাঢ়িছে৷ শেহতীয়াকৈ এনে এটা ঘটনাৰ কথা পোহৰলৈ আহিছে, যাক লৈ তুমুল বিতর্কৰ সৃষ্টি হৈছে ছ’চিয়েল মিডিয়াত৷ এজন অঘৰী সাধু আৰু এগৰাকী ৰাছিয়ান মহিলাৰ প্রেমৰ কাহিনীয়ে ব্যাপক চর্চা লাভ কৰিছে৷ ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে এটা ভিডিঅ’৷ এই ভিডিঅ’ত দাবী কৰা হৈছে যে ৰাছিয়ান যুৱতীগৰাকী ভাৰতীয় অঘৰীৰ সৈতে প্রেমত ইমানেই গভীৰভাৱে জড়িত হৈ পৰিছে যে তেওঁ দেশ এৰি আহি ভাৰতত বসবাস কৰিবলৈ লৈছে৷ এই অস্বাভাৱিক প্রেমৰ কাহিনীয়ে অনলাইনত সৃষ্টি কৰিছে কৌতূহলৰ৷ কাৰণ, অঘৰীসকলে পার্থিৱ সম্পদৰ পৰা বিচ্ছিন্ন হৈ এক গোপনীয় জীৱন যাপন কৰে৷ ভাইৰেল হোৱা ভিডি’টোত ৰাছিয়ান যুৱতীগৰাকীয়ে দাবী কৰা অনুসৰি, অঘৰী সাধুৰ সৈতে তেওঁ বিবাহ পাশত আৱদ্ধ হৈছে৷ সংবাদ মাধ্যমৰ সূত্রই সদৰী কৰা অনুসৰি, ভাৰত ভ্রমণলৈ আহি অপ্রত্যাশিতভাৱে অঘৰী সাধুৰ প্রেমত পৰে ৰাছিয়ান তৰুণীজনী৷ ইয়াৰ পিছতে এই তৰুণীয়ে জন্মভূমি ত্যাগ কৰি ভাৰততে থকাৰ সিদ্ধান্ত লয়৷ হিন্দু ধর্মক ইতিমধ্যে আঁকোৱালি লৈ পিঠিত গণেশৰ টাটুও কৰাই লৈছে এই তৰুণীয়ে৷ অঘৰী বাবাৰ পৰিচয় জানিব পৰা হোৱা নাই৷ ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে এজন যুৱকে এই বাবা আৰু ৰাছিয়ান তৰুণীৰ সাক্ষাৎকাৰ লৈছে৷ ৰাছিয়ান তৰুণীজনীয়ে বাবাৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱা বুলি উল্লেখ কৰিছে যদিও বাবাই এই সন্দর্ভত কোনো মন্তব্য আগবঢ়োৱা নাই৷