নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫০ কোটি টকাৰে কুকুৰ ক্রয় বেংগালুৰুৰ এছ সতীশৰ

নিউজ ডেস্ক, ২২ মাৰ্চঃ পোহনীয়া কুকুৰৰ মূল্য কিমান হ’ব পাৰে? কিমান টকা ব্যয় কৰি এগৰাকী ব্যক্তিয়ে পোহনীয়া কুকুৰ ক্রয় কৰিব পাৰে? অবিশ্বাস্য যেন লাগিলেও বেংগালুৰুৰ এজন কুকুৰপ্রেমী ব্যক্তিয়ে এটি পোহনীয়া কুকুৰ ৫০ কোটি টকাত ক্রয় কৰিছে৷ বিশ্বৰ সর্বাধিক মূল্যৰ এই পোহনীয়া কুকুৰটি হৈছে ‘ৱল্ফডগ’৷ নাম হৈছে কাডাব’মছ অকামী৷ এই পোহনীয়া কুকুৰটো বিশ্বত প্রথমবাৰৰ বাবে কুকুৰনেচিয়া বাঘ আৰু ককেছিয়ান ভেড়াৰ সংমিশ্রণত জন্ম দিয়া হৈছে৷

📌 মহানগৰীত দুৰ্ঘটনা সংঘটিত কৰি পলাল বাহনসহ আৰক্ষী। 📌 গণেশগুৰিত আৰক্ষীৰ বাহনে মহটিয়ালে দুই যুৱকক।

আমেৰিকা যুক্তৰাষ্ট্রত জন্ম দিয়া এই ৱল্ফডগটোৰ ওজন হৈছে ৭৫ কিলোগ্রাম৷ প্রতিদিনে এই পোহনীয়া কুকুৰটোৱে তিনি কিলোগ্রাম মাংস ভক্ষণ কৰে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ পৰা বেংগালুৰুস্থিত কুকুৰ প্রজননকাৰী তথা কুকুৰপ্রেমী এছ সতীশ নামৰ ব্যক্তিগৰাকীয়ে ক্রয় কৰিছে৷ বিশ্বপ্রসিদ্ধ নিউয়র্ক প’ষ্টত প্রকাশিত বাতৰি অনুসৰি, বিশ্বত প্রথমবাৰৰ বাবে কুকুৰনেচিয়া আৰু ককেছিয়ান ভেড়াৰ সংমিশ্রণত ৱল্ফডগটি জন্ম দিয়া হৈছে৷ এছ সতীশে দ্য ছানৰ সৈতে সাক্ষাৎকাৰত কয় যে এই কুকুৰটি অতি বিৰল আৰু ইয়াক দেখাত কুকুৰনেচিয়াৰ দৰে৷ ইয়াৰ পূর্বে এনেধৰণৰ কুকুৰ পৃথিৱীত ক’তো বিক্রী হোৱা নাই৷ ইণ্ডিয়ান ডগ ব্রিডার্ছ এছ’চিয়েচনৰ সভাপতি এছ সতীশে কয়– কুকুৰটি আমেৰিকাত জন্ম দিয়া হৈছে আৰু ই ব্যতিক্রম৷ কুকুৰৰ পোৱালিটো ক্রয় কৰিবলৈ মই ৫০ কোটি টকা ব্যয় কৰিছোঁ৷ কিয়নো মোৰ কুকুৰ প্রিয় আৰু এনে ব্যতিক্রমী কুকুৰ লালন–পালন কৰিম আৰু ভাৰতত সেই কুকুৰৰ প্রচলন কৰিম৷ কুকুৰটোৰ চাল–চলনৰ বাবে বহল স্থানৰ ব্যৱস্থা কৰিছে, ৬জন ব্যক্তিয়ে কুকুৰটো চোৱাচিতা কৰিব৷ শীতকালত কুকুৰটো ৰখাৰ বাবে শীত–তাপ নিয়ন্ত্রিত ব্যৱস্থা কৰিব নালাগে যদিও গ্রীষ্মকালত ইয়াৰ প্রয়োজন হ’ব৷

সাত বিহুত কোনো কাৰণতে পৰিৱেশনৰ অনুমতি দিয়া নহ’ব হিন্দী গীত

You might also like