অভিনেতা ফাৰাজ খানক সহায়ৰ বাবে আগবাঢ়ি আহিল ছলমান খান, পূজা ভাটে কৰিছিল টুইট
নিয়মীয়া বাৰ্তা, ১৫ অক্টোবৰঃ নব্বৈৰ দশকৰ জনপ্ৰিয় অভিনেতা ফাৰাজ খান বৰ্তমান গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন হৈ আছে। ফাৰেব, মেহেন্দী, দুলহন বনু মে টেৰি আদি ছবিৰ নায়কগৰাকী প্ৰায় এবছৰ ধৰি নিম’নিয়া তথা বুকুৰ সংক্ৰমণজনিত অসুখত ভুগি আছে।
এনে সময়তে নায়কগৰাকী পৰিছে তীব্ৰ আৰ্থিক সংকটত। প্ৰায় ২৫ লাখ টকাৰ নাটনিত ভোগা অভিনেতাগৰাকীক সহায় কৰিবলৈ কালি অভিনেত্ৰী পূজা ভাটে টুইটযোগে এটা পোষ্ট শ্বেয়াৰ কৰিছিল।
ইয়াৰ পিছতে অভিনেতাগৰাকীক সহায় কৰিবলৈ আগবাঢ়ি আহে জনপ্ৰিয় অভিনেতা ছলমান খান। ছলমান খানে ফাৰাজ খানৰ মেডিকেলৰ সমস্ত খৰচ বহন কৰি অভিনেতাগৰাকীক এটা ডাঙৰ সকাহ দিয়ে।
উল্লেখ্য অভিনেত্ৰী কাশ্মীৰা শ্বাহে ছলমান খানৰ সহায়তাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁক মহান বুলি টুইটযোগে প্ৰশংসা কৰে।