নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯২ কোটি টকা কৰ আদায়েৰে বলীউডৰ শীর্ষত শ্বাহৰুখ খান

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ ছেপ্টেম্বৰঃ ধন উপার্জনৰ ক্ষেত্রত দেশৰ ক্রিকেটাৰ তথা বলীউডৰ অভিনেতাসকল সদায় শীর্ষত আছে৷ কিন্তু কৰ আদায় দিয়াৰ ক্ষেত্রত কিছুসংখ্যকেহে উপার্জন অনুসৰি কৰ আদায় দিয়া পৰিলক্ষিত হয়৷ ২০২৪ বিত্তীয় বর্ষটোত ভাৰতীয় ক্রিকেট তাৰকা বিৰাট কোহলিয়ে ক্রিকেটাৰ হিচাপে আটাইতকৈ বেছি কৰ আদায় দিছে৷ ফৰছুন ইণ্ডিয়াই প্রকাশ কৰা প্রতিবেদন অনুসৰি বিৰাট কোহলিয়ে বর্ষটোত ৬৬ কোটি টকা কৰ হিচাপে আদায় দিছে৷ লক্ষণীয়ভাৱে দেশৰ অন্য এগৰাকী ধনাঢ়্য ক্রিকেটাৰ ৰোহিত শর্মাই কিন্তু এই তালিকাত প্রথম পাঁচজনৰ ভিতৰত স্থান পোৱা নাই৷ অর্থাৎ ক্রিকেটাৰ হিচাপে প্রচুৰ টকা উপার্জন কৰিও পর্যাপ্ত কৰ আদায় দিয়া নাই ৰোহিত শর্মাই৷ তালিকাত ক্রিকেটাৰ হিচাপে দ্বিতীয় স্থানত আছে মহেন্দ্র সিং ধোনী৷ ধোনীয়ে বর্ষটোত ৩৮ কোটি টকা কৰ হিচাপে আদায় দিছে৷ ইফালে বলীউডৰ অভিনেতা শ্বাহৰুখ খানে বর্ষটোত ৯২ কোটি টকা কৰ হিচাপে আদায় দি বলীউডৰ চেলিব্রিটীৰ শীর্ষত আছে৷ শ্বাহৰুখ খানৰ পিছতে তামিল অভিনেতা বিজয়ে ৮০ কোটি, ছলমান খানে ৭৫ কোটি আৰু মেগাষ্টাৰ অমিতাভ বচ্চনে ৭১ কোটি টকা ২০২৪ বিত্তীয় বর্ষটোত কৰ হিচাপে আদায় দিছে৷ ইফালে বিৰাট কোহলি আৰু মহেন্দ্র সিং ধোনীৰ পিছত ক্রিকেটাৰ হিচাপে শচীন তেণ্ডুলকাৰে বর্ষটোত ২৮ কোটি, সৌৰভ গাংগুলীয়ে ২৩ কোটি আৰু হার্ডিক পাণ্ডিয়াই ১৩ কোটি টকা ২০২৪ বিত্তীয় বর্ষটোত কৰ হিচাপে আদায় দিছে৷ স্মর্তব্য যে দেশত ব্যক্তি হিচাপে ক্রিকেটাৰ আৰু বলীউড তথা দক্ষিণৰ চলচ্চিত্রৰ চেলিব্রিটীসকলে আটাইতকৈ বেছি ধন উপার্জন কৰি আহিছে৷

You might also like