নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিচিচিআয়ে ভৰিবলগীয়া হৈছিল এক লাখ টকা অতিৰিক্ত মাচুল

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ ফেব্ৰুৱাৰীঃ ভাৰতৰ অষ্ট্রেলিয়া ভ্রমণৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ জানিব পৰা মতে, যেতিয়া ভাৰতীয় দলটোৱে ব’ডাৰ–গাভাস্কাৰ ড্রফীত অংশ ল’বলৈ অষ্ট্রেলিয়ালৈ ৰাওনা হৈছিল, তেতিয়া দলটোৰ এজন ক্রিকেটাৰে অতিৰিক্ত লাগেজ কঢ়িয়াহ লৈ ফুৰিছিল৷ জানিব পৰা মতে, বৃহৎ পৰিমাণৰ লাগেজত কেৱল তেওঁৰ নিজৰ সামগ্রীয়েহ নহয়, তেওঁৰ পৰিয়ালৰ ব্যক্তিগত সামগ্রীও আছিল৷ এই অতিৰিক্ত লাগেজৰ বাবে বিচিচিআয়ে জৰিমনা ভৰিব লগা হৈছিল৷ অৱশ্যে শেহতীয়াকৈ ব’র্ডে এক নতুন নিয়ম প্রৱর্তন কৰিছে৷ বিদেশ ভ্রমণত খেলুৱৈৰ বেগৰ ওজনৰ সীমা নির্ধাৰণ কৰা হৈছে৷ এক প্রতিবেদন অনুসৰি এহ নিয়ম প্রৱর্তনৰ মূল কাৰণ আছিল একাংশ ক্রিকেটাৰে কঢ়িয়াহ নিয়া অত্যধিক লাগেজ৷ নতুন নিয়ম অনুসৰি ক্রিকেটাৰৰ বাবে সর্বাধিক ১৫০ কেজি পর্যন্ত বেগ কঢ়িয়াহ নিয়াৰ খৰচ ব’র্ডে বহন কৰিব৷ অৱশ্যে অষ্ট্রেলিয়ালৈ যাওঁতে এজন ক্রিকেটাৰে কঢ়িয়াহ লৈ ফুৰিছিল ২৭টাতকৈ অধিক বেগ, যাৰ ওজন ২৫০ কিলোগ্রামতকৈও অধিক৷ বিচিচিআহৰ খৰচত কেৱল খেলুৱৈয়েহ নহয়, তেওঁৰ পৰিয়ালৰ সদস্য আৰু ব্যক্তিগত কর্মচাৰীৰ বেগবোৰো কঢ়িয়াহ লৈ ফুৰিছিল৷ প্রতিবেদনত কোৱা হৈছে যে বৃহৎ পৰিমাণৰ লাগেজত ১৭খন বেটৰ লগতে খেলুৱৈগৰাকীৰ পৰিয়ালৰ সদস্য আৰু কর্মচাৰীৰ বিভিন্ন সামগ্রীও আছিল৷ ভাৰতীয় ক্রিকেট ব’ডৰ নিয়ম অনুসৰি খেলুৱৈৰ পৰিয়াল আৰু ব্যক্তিগত কর্মচাৰীৰ বেগ পৃথকে পৃথকে কঢ়িয়াহ নিয়া হয়৷ কিন্তু এহ বিশেষ খেলুৱৈজনে সেহবোৰ কঢ়িয়াহ নিয়াৰ ব্যৱস্থা কৰিলে৷ ক্রিকেটাৰগৰাকীৰ পৰিয়ালৰ সদস্যসকলৰ সকলো লাগেজৰ খৰচ বিচিচিআয়ে বহন কৰিছে, কেৱল ভাৰতৰ পৰা যোৱাৰ সময়তে নহয়, সমগ্র অষ্ট্রেলিয়া ভ্রমণৰ সময়ছোৱাতো৷ অষ্ট্রেলিয়াৰ এখন চহৰৰ পৰা আন এখন চহৰলৈ যোৱাৰ সময়তো ব’র্ডে এহ অতিৰিক্ত খৰচ বহন কৰিবলৈ বাধ্য হয়৷ যদিও খৰচৰ সঠিক পৰিমাণ জানিব পৰা হোৱা নাহ, তথাপিও অনুমান কৰিব পাৰি যে ব’র্ডে প্রায় এক লাখ টকা অতিৰিক্ত মাচুল দিবলগীয়া হৈছিল৷ বিচিচিআয়ে ক্রিকেটাৰগৰাকীৰ নাম উল্লেখ কৰা নাই যদিও অনুৰাগীয়ে তাৰকা খেলুৱৈ বিৰাট কোহলি আৰু ৰোহিত শর্মাক সন্দেহ কৰিছে৷ অৱশ্যে অষ্ট্রেলিয়া ভ্রমণৰ পিছত ব’র্ডে কঠোৰ নিয়ম প্রৱর্তন কৰিছে৷ খবৰ পোৱা গৈছে যে এতিয়াৰ পৰা পৰিয়ালসমূহে দলটোৰ সৈতে একেখন হোটেলতে থাকিব নোৱাৰিব৷ নিজৰ খৰচত পৃথকে পৃথকে থাকিব লাগিব৷ বহিঃৰাজ্য ভ্রমণৰ সময়ত সকলো ক্রিকেটাৰ দলীয় বাছত যাত্রা কৰিব লাগিব আৰু কোনো ধৰণৰ ব্যক্তিগত যাত্রাৰ অনুমতি দিয়া নহ’ব৷

You might also like