কন্যাৰ শহুৰেকৰ সৈতে পলায়ন চাৰি সন্তানৰ মাতৃৰ, স্বামীৰ অনুপস্থিতিৰ ল’লে সুযোগ
একাকীত্বৰ পৰা পৰিত্রাণ পাবলৈ সঘনে কন্যাৰ শহুৰেকক মাতি পঠিয়ায় ঘৰলৈ
নিউজ ডেস্ক, ১৯ এপ্ৰিলঃ মাহত মাত্র দুবাৰ ঘৰলৈ আহে স্বামী৷ সেইবাবে দীর্ঘসময় অকলেই থাকিবলগীয়া হয় পত্নীয়ে৷ একাকীত্বৰ পৰা পৰিত্রাণ পাবলৈ সঘনে কন্যাৰ শহুৰেকক মাতি পঠিয়ায় ঘৰলৈ৷ তেনেকৈয়ে আৰম্ভ হয় প্রেম৷ এই প্রেমৰ বাবেই কন্যাৰ শহুৰেকৰ সৈতে পলায়ন কৰিলে চাৰি সন্তানৰ মাতৃয়ে এই ঘটনা সংঘটিত হৈছে উত্তৰ প্রদেশত৷ কেইদিনমান আগতে ৰাজ্যখনত বিয়াৰ ৯ দিন পূর্বে হ’বলগীয়া জোঁৱায়েকৰ সৈতে পলায়ন কৰিছিল এগৰাকী মহিলাই৷ সেই ঘটনাক লৈ চর্চা চলি থকাৰ সময়তে এইবাৰৰ ঘটনাই ৰাজ্যখনত খলকনি তুলিছে৷ জানিব পৰা গৈছে এই ঘটনা বাডায়ুনৰ৷ ৪৩ বছৰীয়া মহিলাৰ নাম মমতা৷ মমতাৰ স্বামী সুনীল কুমাৰ কর্মসূত্রে বাহিৰত থাকে৷ সুনীল পেছাত ট্রাকচালক৷ তেওঁলোকৰ চাৰিটা সন্তান৷ ২০২২ চনত বিয়া হৈছে জ্যেষ্ঠ কন্যাৰ৷ জ্যেষ্ঠ কন্যাৰ শহুৰেক হৈছে শৈলেন্দ্র ওৰফে বিল্লু নামৰ এজন ব্যক্তি৷ কন্যাৰ বিয়াৰ পিছৰে পৰা মমতা আৰু বিল্লুৰ মাজত ঘনিষ্ঠতা বৃদ্ধি হয়৷ সুনীলে অভিযোগ কৰা অনুসৰি মাহত দুবাৰ ঘৰলৈ আহিলেও তেওঁ নিয়ম মতে টকা পঠিয়াই আছিল৷ মমতাই সুযোগ বুজি কন্যাৰ শহুৰেক বিল্লুক সঘনে ঘৰলৈ মাতিছিল৷ এনেদৰে দুয়ো সম্পর্ক গঢ়ি তুলিছিল বুলি সুনীলে আৰক্ষীক অভিযোগ দিছে৷ উল্লেখনীয় যে বিল্লুৰ সৈতে মমতাই পলায়ন কৰাৰ পিছতে ছ’চিয়েল মিডিয়াত এই ঘটনা বিয়পি পৰিছে৷ বর্তমান এই ঘটনাক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাজ্যখনত৷